অসম

assam

ETV Bharat / state

কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক

Assam Cabinet Meeting: আছাম পৰ্যটন ডেভেলপমেন্ট এণ্ড ৰেজিষ্টাৰ বিধেয়ক-২০২৪ত অনুমোদন জনাইছে অসম মন্ত্ৰীসভাৰ কেবিনেটে । গুৱাহাটীত আৰু এখন নতুন উৰণসেতু নিৰ্মাণ কৰা হ'ব ।

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 10:50 PM IST

Assam Cabinet Meeting
সাপ্তাহিক কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ

সাপ্তাহিক কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ

গুৱাহাটী, ৩১ জানুৱাৰীঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত বুধবাৰে দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় । কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ।

আজিৰ কেবিনেটে আছাম পৰ্যটন ডেভেলপমেন্ট এণ্ড ৰেজিষ্টাৰ বিধেয়ক-২০২৪ত অনুমোদন জনায় । বিধানসভাৰ আগন্তুক অধিৱেশনত এই বিধেয়ক উত্থাপন কৰা হ'ব । অসমৰ পৰ্যটন ক্ষেত্ৰৰ বাবে ই এটা ভাল খবৰ ।

আনহাতে আজিৰ কেবিনেটৰ সিদ্ধান্ত অনুসৰি জলজীৱন মিচনৰ আঁচনিসমূহ নগৰাঞ্চলৰ ক্ষেত্ৰত নগৰ জল উন্নয়ন কৰ্তৃপক্ষৰ ওপৰত সম্পূৰ্ণৰূপে অৰ্পণ কৰা হয় । যাতে গ্ৰাম্য আৰু নগৰৰ ক্ষেত্ৰত জলজীৱনৰ আঁচনি ৰূপায়ণ আৰু কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি নহয় ।

গুৱাহাটী মহানগৰীত আৰু এখন নতুন উৰণসেতু নিৰ্মাণ কৰা হ'ব । এই সেতুখন গুৱাহাটীৰ লালগনেশৰ পৰা গড়বান্ধা ৰোডলৈ হ'ব । এই সেতুখন ৩৭৬.১১ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব । আজিৰ কেবিনেটে এই প্ৰকল্পৰ প্ৰশাসনীয় অনুমোদন জনায় । কাইলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সেতুৰ আধাৰশিলা স্থাপন কৰিব ।

আজিৰ কেবিনেটত মিচিং স্বায়ত্তশাসিত পৰিষদৰ এখন সংশোধনী অনা হৈছে । সেই অনুসৰি ইয়াৰ সদস্য সংখ্যা ৪৫ গৰাকীলৈ বৃদ্ধি কৰা হৈছে । ইয়াৰে ৪০ গৰাকী নিৰ্বাচিত আৰু ৫ গৰাকী মনোনিত ।

আনহাতে মিচিং স্বায়ত্তশাসিত পৰিষদ, ৰাভা হাচং স্বায়ত্তশাসিত পৰিষদ, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ, দেউৰী স্বায়ত্তশাসিত পৰিষদ, ঠেঙাল স্বায়ত্তশাসিত পৰিষদ আৰু তিৱা স্বায়ত্তশাসিত পৰিষদৰ ক্ষেত্ৰত সংশোধনী বিধেয়ক অনা হৈছে । সেই অনুসৰি ভিলেজ কাউন্সিলৰ কনচেপ্টটো উঠাই দিয়া হৈছে ।

আগন্তুক বাজেট অধিৱেশনত এই বিধেয়ক উত্থাপন কৰা হ'ব । আনহাতে প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে ৩ ফেব্ৰুৱাৰীৰ সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহিব । গুৱাহাটীৰ খানাপাৰাৰ খেলপথাৰত ৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়ে জনসভা সম্বোধন কৰিব । লগতে প্ৰধানমন্ত্ৰীয়ে কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ কৰিব ।

লগতে পঢ়ক:মন্ত্ৰী বিমল বড়াৰ সমষ্টিত আঁচনি ৰূপায়ণত দুৰ্নীতি-অনিয়মৰ অভিযোগ

ABOUT THE AUTHOR

...view details