ডিব্ৰুগড়, 29 ফেব্ৰুৱাৰী :পৰিবহন বিভাগে পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে যদিও একাংশ উদণ্ড চালকৰ বাবে প্ৰতিদিনেই সংঘটিত হৈছে পথ দুৰ্ঘটনা । ইয়াৰ মাজতে দুলীয়াজানত শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল এজন গৃহৰক্ষী জোৱানৰ । ফলত বুধবাৰে নিশা দুলীয়াজান আৰক্ষী থানাৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । আনকি পথ দুৰ্ঘটনাত মৃত্যু হোৱা গৃহৰক্ষী জোৱানৰ মৃতদেহ লৈ আৰক্ষী থানাৰ সন্মুখত বুধবাৰে নিশা ন্যায় বিচাৰি থানা ঘেৰাও কৰে স্থানীয় ৰাইজে ।
বিৱৰণি অনুসৰি, বিগত 16 ফেব্ৰুৱাৰীৰ পুৱা দুলীয়াজান ষ্টেচনৰ পথৰ ডেইলি বজাৰত তীব্ৰবেগী এখন AS06S 7005 নম্বৰৰ হোণ্ডাই I20 বাহনে AS06 W 6298 নম্বৰৰ স্কুটিখনত তীব্ৰবেগত খুন্দা মাৰে ৷ ফলত গুৰুতৰভাৱে আহত হয় ৰাতুল গগৈ নামৰ এজন গৃহৰক্ষী বাহিনীৰ জোৱান ।
পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে গুৰুতৰভাৱে আহত ৰাতুল গগৈক ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত সংকটজনক অৱস্থাত ভৰ্তি কৰায় ৷ তেতিয়াৰে পৰা ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থাকে ৰাতুল গগৈ ৷ বিগত দহ দিন ধৰি মৃত্যুৰে যুঁজি অৱশেষত বুধবাৰে পুৱা কৰুণ মৃত্যুক সাৱটি লয় ৰাতুল গগৈয়ে ।