গোৱালপাৰা, 12 মে’ :গোৱালপাৰা চহৰৰ মাজমজিয়াত থকা হাচিলা বেচৰকাৰী বাছষ্টেণ্ডৰ সমীপত মৃতদেহ উদ্ধাৰ ৷ বাছষ্টেণ্ডটোৰ সমীপত থকা নলাত অৰ্ধ নগ্ন অৱস্থাত দেওবাৰে পুৱা উদ্ধাৰ এগৰাকী 16 বছৰীয়া কিশোৰৰ মৃতদেহ ৷ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি সমগ্ৰ চহৰখনত সৃষ্টি হৈছে চাঞ্চল্যৰ ৷ মৃতদেহটো ইতিমধ্যে গোৱালপাৰা চহৰৰ দোস্তিনগৰ নিবাসী মাজুম হকৰ পুত্ৰ নিজামুল হকৰ বুলি চিনাক্ত কৰা হৈছে ৷
এই ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে উত্থাপন কৰা অভিযোগ অনুসৰি, শনিবাৰৰ সন্ধিয়াৰ পৰাই নিৰুদ্দেশ হৈ আছিল কিশোৰগৰাকী ৷ পৰিয়ালৰ লোকে গোৱালপাৰা চহৰৰ সম্ভাব্য সকলো স্থান আৰু আত্মীয়-স্বজনৰ ঘৰত বিচাৰ-খোচাৰ কৰিও কিশোৰগৰাকীৰ সন্দৰ্ভত কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাছিল ৷
পিছে দেওবাৰে পুৱা ঘৰৰ কাষতে থকা হাচিলা বেচৰকাৰী বাছষ্টেণ্ড চৌহদৰ এটি নলাত কিশোৰগৰাকীৰ মৃতদেহ উদ্ধাৰ হয় ৷ এই ঘটনাই পৰিয়ালৰ লগতে স্থানীয় ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি কৰে ৷ উল্লেখ্য যে, কিশোৰগৰাকীৰ মৃতদেহটো অৰ্ধ নগ্ন অৱস্থাত নলাত পৰি আছিল ৷
এই মৃতদেহটো প্ৰথমে একাংশ স্থানীয় লোকে প্ৰত্যক্ষ কৰি পৰিয়ালৰ লগতে খবৰ দিয়ে আৰক্ষীক ৷ এই খবৰ লাভ কৰা মাত্ৰকে গোৱালপাৰা সদৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷