অসম

assam

ETV Bharat / state

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ দিনটো ? আৰ্থিক দিশত, ব্যৱসায়, শিক্ষা, প্ৰেমৰ ক্ষেত্ৰত কেনে ফল লাভ কৰিব সকলো ৰাশিৰ জাতক-জাতিকাই ? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল...

DAILY HOROSCOPE FOR 7TH NOVEMBER 2024
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat)

By ETV Bharat Lifestyle Team

Published : Nov 7, 2024, 12:44 AM IST

মেষ ৰাশি: আজি আপোনাৰ ঘৰলৈ আলহী অতিথিৰ আগমন ঘটিব ৷ ঘৰ আৰু কাৰ্যালয়ৰ সকলোৰে সহযোগিতাই আনন্দিত কৰিব ৷ আপোনাৰ ঘৰলৈ মাতৃৰ আগমন হ’ব, তেওঁ আপোনালৈ বহু উপহাৰ লৈ আহিব ৷ লক্ষ্মীদেৱী আৰু গণেশৰ আৰ্শীবাদ বৰ্তী থাকিব ৷

বৃষ ৰাশি:আজি কথা কওতে অলপ সাৱধান হ’ব ৷ কোনোধৰণৰ ভাল খবৰ পোৱাৰ সম্ভাৱনা নাই ৷ আপুনি খোজ কাঢ়োতে সাৱধান হ’ব ৷ শৰীৰটোৰ ভালদৰে যত্ন লওক আৰু পুৰণি অসুবিধাবোৰক আওকাণ নকৰিব ৷

মিথুন ৰাশি:ভগৱান গণেশৰ আপোনাৰ ওপৰত অসীম কৃপা বৰ্ষণ হ’ব ৷ ভালপোৱা আৰু কষ্টৰ ফল লাভ কৰিব ৷ নিৰ্ভয়ে থাকক, চাৰিও দিশৰ পৰা আপোনাৰ ওপৰত লাভ বৰ্ষা হ’ব ৷ আপোনাৰ সংগীৰ লগত আপোনাৰ সম্পৰ্ক স্থায়ী হ’ব ৷ প্ৰিয়জনৰ পৰা বিচৰা ভাল খবৰ লাভ কৰাৰ উৎকৃষ্ঠ সময় ৷

কৰ্কট ৰাশি:আজিৰ দিনটো সহজভাৱে পাৰ হ’ব ৷ কামৰ বোজা সাধাৰণ হ’ব, কিন্তু লাভ হৈ থাকিব ৷ কষ্টৰ ফল লাভ কৰিব ৷ মানসিকভাবে শান্তি লাভ কৰিব ৷ উচ্চপদস্থ বিষয়াসকল আপোনাৰ কামত সন্তুষ্ট হ’ব ৷

সিংহ ৰাশি: গণেশ ভগৱানৰ কৃপাত আপোনাৰ বাবে উত্তম দিন ৷ কৰ্মক্ষেত্ৰত আপোনাৰ লক্ষ্য প্ৰাপ্তিৰ বাবে কৰা কষ্টৰ ফল লাভ কৰিব ৷ পূৰ্বৰ নিৰ্ধাৰিত কোনো আলোচনাৰ পৰা আপুনি উপকৃত হ’ব ৷ ধৰ্মৰ নামত দান-দক্ষিণা কৰাৰ উপযুক্ত সময় ৷ তীৰ্থ ভ্ৰমনত যোৱাৰ যোগ আছে ৷ খঙক দমন কৰি শান্তভাবে নিজৰ কৰ্তব্য কৰি যাওক ৷

কন্যা ৰাশি: কোনো নতুন কাৰ্য আৰম্ভ কৰাৰ উপযুক্ত সময় ৷ কামত মনোযোগ দিয়ক, কিন্তু তাৰ লগে লগে শৰীৰৰ যত্ন লওক ৷ ধন আৰু সম্পৰ্কৰ বিষয়ত চকু দিয়ক ৷ বাহিৰৰ খাদ্য গ্ৰহণ নকৰিব ৷ পানী থকা ঠাইৰ পৰা আঁতৰি থাকক ৷ সদ্যহতে নতুনকৈ আৰম্ভ কৰিব লগা কামৰ পৰা আঁতৰি থাকক ৷

তুলা ৰাশি: ভগৱান গণেশে সুখ আৰু সমৃদ্ধি বৰ্ষণ কৰিব ৷ আপোনাৰ পুৰণি বন্ধু বা আপুনি ভাল পোৱা ব্যক্তিসকলৰ সান্নিধ্যই আপোনাক উৎসাহিত কৰিব ৷ প্ৰেমৰ বাবে সঠিক সময় ৷ আপুনি সু-স্বাস্থ্য আৰু শান্তিত থাকিব ৷

বৃশ্চিক ৰাশি: কৰ্মক্ষেত্ৰ বা ঘৰৰ পৰিৱেশ অনুকুল হ’ব ৷ পৰিস্থিতিৰ সপক্ষে শৰীৰৰ উন্নতি হ’ব ৷ মানসিক শান্তি বৃদ্ধি হ’ব ৷ আপোনাৰ অগ্ৰজসকলৰ পৰা উদগনি লাভ কৰিব ৷ প্ৰচুৰ ধনৰ আগমন ঘটিব ৷

ধনু ৰাশি: দূৰ ভ্ৰমণ বাতিল কৰক ৷ শৰীৰৰ ওপৰত চকু ৰখাৰ প্ৰয়োজন ৷ কৰ্মক্ষেত্ৰত আপুনি ভবাৰ দৰে সুগম নহয় ৷ ফল লাভত পলম হ’ব ৷ খঙৰ ওপৰত সংযম ৰাখক ৷ গম্ভীৰ আলোচনাৰ পৰা পৰিত্ৰান পাব ৷

মকৰ ৰাশি:শাৰিৰীকভাবে দূৰ্বল অনুভব কৰিব ৷ উদ্দেগ আৰু কৰ্মবিমুখ কৰি তুলিব ৷ চিন্তাৰ বাবে নিদ্ৰাহীনতাত ভূগিব পাৰে ৷ অলপ বুকুৰ বিষ বা পেট জ্বলা পোৰা সমস্যাত ভূগিব পাৰে ৷ মানুহৰ লগত কাজিয়া হ’ব পাৰে ৷ ৰহস্যময়ী নাৰী বা পানীৰ পৰা আঁতৰি থাকক ৷

কুম্ভ ৰাশি: সময় আপোনাৰ বিপৰীতে বৈ আছে ৷ স্বাভাৱিকতেই এনে অবস্থাত আপুনি অলপ মানসিক অশান্তিত ভূগি আছে ৷ পৰিয়াল, ভাতৃ বা বন্ধুৰ সানিধ্যই আপোনাক পূণৰ উজ্জীৱিত কৰি তুলিব ৷ গতিকে এটা সৰু উৎসৱ বা পাৰ্টিৰ আয়োজন কৰিব পাৰে ৷

মীন ৰাশি: খৰচৰ ক্ষেত্ৰত সাৱধান হওক ৷ কাৰো পৰা ঋণ লোৱা বা দিয়াৰ পৰা বিৰত থাকক ৷ পাৰিবাৰিক সম্পৰ্কৰ ক্ষেত্ৰত উগ্ৰতা পৰিহাৰ কৰক ৷ বিশেষকৈ আপোনাৰ খাদ্যভাষ সলনি কৰাৰ প্ৰয়োজন ৷

ABOUT THE AUTHOR

...view details