মেষ ৰাশি: পৰিয়ালৰ সৈতে দিনটো উপভোগ কৰিব ৷ আৱেগিক হৈ থাকিব ৷ শাৰীৰিক ভাৱে সবল হ’ব ৷ আৰ্থিক দিশতো সন্তোষজনক হ’ব ৷ উচ্চ প্ৰশংসিত হ’ব ৷ কাজিয়া বিবাদ এৰাই চলক ৷
বৃষ ৰাশি:মন আৰু শৰীৰ দুয়োটা ভাল হৈ থাকিব ৷ সকলো কাম সুচাৰু ৰূপে সম্পন্ন হ’ব ৷ বিনিয়োগৰ পৰা ভাল লভ্যাংশ পাব ৷ লাভবান হ’ব ৷
মিথুন ৰাশি:দিনটো লাঞ্ছনা আৰু বিড়ম্বনাৰ সন্মুখীন হ’ব ৷ নতুনকৈ কিবা আৰম্ভ কৰিবলৈ বিচাৰিলে নকৰিব ৷ খৰচ বৃদ্ধি ৷ স্বাস্থ্য বৰ ভালে নাযাব ৷ হতাশা অনুভৱ কৰিব ৷ পঢ়ুৱৈসকলৰ কাৰণে দিনটো মধ্যমীয়া ৷
কৰ্কট ৰাশি: দিনটো বেয়া ৷ মন-মগজু বৰ বেয়া হৈ থাকিব ৷ উদ্বেগ আৰু সন্দেহেৰে দিনটো পাৰ হ’ব ৷ পৰিয়ালৰ লোকৰ সৈতে কাজিয়াত লিপ্ত হ’ব পাৰে ৷
সিংহ ৰাশি: দিনটো অসাধাৰণ ৷ স্বাস্থ্য ভালে থাকিব ৷ বন্ধু আৰু প্ৰিয়জনসকলৰ সৈতে গঠনমূলক আলাপ-আলোচনা কৰিব ৷ সৰুসুৰা ভ্ৰমণলৈ যাব পাৰে ৷ অস্বাভাৱিক আৱেগিক হৈ উঠিব ৷ শৰীৰ ভালে থাকিব ৷
কন্যা ৰাশি: হাতলৈ ধন আহিব ৷ বৌদ্ধিক আলোচনা কৰিব পাৰে ৷ সাৱধান, ভাবি চিন্তি নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিব ৷