মেষ ৰাশি: নিয়মীয়া কাম-কাজৰ পৰা অলপ আঁতৰি আহি আধ্যাত্মিকতা আৰু অধিবিদ্যাৰ দিশত আকৃষ্ট হ’ব পাৰে ৷ কথা কোৱাৰ সময়ত সতৰ্ক থাকক ৷ নতুন প্ৰকল্পৰ কাম আৰম্ভ কৰিব পাৰে ৷ উত্তেজিত আৰু উদ্বিগ্ন হৈ থাকিব ৷ সৰুসুৰা কোনো সমস্যাত পৰিলে সহকৰ্মীসকলক ভৰসা কৰিব পাৰে ৷ স্বাস্থ্য আৰু সুস্থতাৰ প্ৰতি যত্নশীল হওঁক ৷ সন্তানৰ ভৱিষ্যতক লৈ অত্যধিক চিন্তা নকৰিব ৷ ইতিবাচক মনোভাৱ বৰ্তাই ৰাখক ৷
বৃষ ৰাশি: দিনটো আনন্দৰে পাৰ কৰিব৷ কথা কওতে সাৱধানে থাকিব ৷ শত্ৰুসকলৰপৰা সাৱধান ৷ প্ৰেমত শুভ ৷
মিথুন ৰাশি: শুভ দিন ৷ ব্যায়াম কৰক ৷ শাৰীৰিক আৰু মানসিকভাৱে তজবজীয়া অনুভৱ কৰিব পাৰে ৷ কৰ্মক্ষেত্ৰত ধীৰ-স্থিৰ শান্ত আৰু অনুকূল থাকিব ৷ সময়ৰ সুব্যৱহাৰ কৰিব ৷
কৰ্কট ৰাশি:কঠোৰ পৰিশ্ৰম কৰিলে সুফল লাভ কৰিব ৷ স্বাস্থ্য বৰ ভাল নাথাকিব ৷ পেটৰ গণ্ডগোল হ’ব পাৰে ৷ লাভ বৃদ্ধি হ’ব ৷
সিংহ ৰাশি:সাৱধানতা অৱলম্বন কৰক ৷ চাপ আৰু দুশ্চিন্তাত থাকিব ৷ দিনটো অস্থিৰ হৈ থাকিব ৷ পৰিয়ালৰ লোকৰ সৈতে কোনো বিবাদ বা সংঘাত হ’লে মনে মনে থাকক ৷ সহকৰ্মীসকলৰ সৈতে কোনো ধৰণৰ আলাপ-আলোচনা কৰাৰ পৰা বিৰত থাকক ৷ আৰ্থিক ক্ষতি হ’ব পাৰে ৷ ধন উপাৰ্জন কৰিব পাৰে ৷
কন্যা ৰাশি: কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ ভাগ্য সুপ্ৰসন্ন ৷ দিনটো আনন্দৰে কটাব ৷ দুশ্চিন্তাই আগুৰি ধৰিব ৷ মাতৃৰ স্বাস্থ্যৰ অৱনতি হ’ব পাৰে ৷ নৈ-পুখুৰী আদিৰ পৰা সাৱধানে থাকিব ৷