মেষ ৰাশি : দিনটো মধ্যমীয়া । ব্যয় বৃদ্ধিক লৈ বেছি সজাগ হৈ থাকিলে চিন্তাত পৰিব । অৱশ্যে আৰ্থিক অৱস্থাৰ অধিক অৱনতি নহ’ব । নেতিবাচক চিন্তাৰপৰা দূৰত থাকক ৷ স্বামীয়ে স্ত্ৰীৰ সৈতে বা স্ত্ৰীয়ে স্বামীৰ সৈতে কথা পতাৰ সময়ত কাজিয়া-বিবাদ এৰাই চলক ৷
বৃষ ৰাশি :সুস্থ অনুভৱ কৰিব ৷ সুন্দৰ অনুভূতিক উপভোগ কৰক ৷ নিজক সুস্থ, সবল অনুভৱ কৰিব । এই তজবজীয়া ভাৱৰ কাৰণে আপুনি আজি যি কামৰ দায়িত্ব পাব, সেই কামেই সময়ত শেষ কৰিব পাৰিব । আজি আপুনি আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ আছে বাবে আৰ্থিক ক্ষেত্ৰত ভাবি চিন্তি সিদ্ধান্ত ল’ব পাৰিব, যি আপোনাৰ বাবে অত্যন্ত ফলদায়ক হ’ব । ঘৰত আৰু কৰ্মক্ষেত্ৰত আলোচনা সন্তোষজনক হ’ব পাৰে ।
মিথুন ৰাশি :আজি শাৰীৰিক আৰু মানসিক অৱস্থা বৰ ভাল নহয় । আজি কিছু অশান্তিত আৰু প্ৰাণহীন হৈ থাকিব । স্বাস্থ্যই, বিশেষকৈ আপোনাৰ চকু আপোনাক কষ্ট দিব পাৰে । বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে আপোনাৰ সম্পৰ্ক আজি অপ্ৰীতিকৰ হৈ উঠিব পাৰে । ভুল বুজাবুজিৰ প্ৰবল সম্ভাৱনা আছে । অপ্ৰত্যাশিত ঘটনাৰ বাবে সাজু থাকক । আজি আয়ৰ তুলনাত ব্যয় অধিক হ’ব । দুশ্চিন্তাত আপুনি আজি অস্থিৰ আৰু উদ্বিগ্ন হৈ থাকিব । অনাৱশ্যক ব্যয় এৰাই চলিব নোৱাৰিব । কাজিয়া বিবাদত লিপ্ত নহ’ব । প্ৰাৰ্থনা আৰু ধ্যান কৰিলে তাৰ ফল পাব ।
ককৰ্ট ৰাশি : দিনটো আনন্দ-স্ফূৰ্তিৰে পৰিপূৰ্ণ হৈ থাকিব । ব্যৱসায়-বাণিজ্যত সফলতা আৰু জাগতিক লাভ । ৰাজহৰ উৎস বৃদ্ধি ৷ পৰিয়ালৰ লোক বা বন্ধুৰ সৈতে আনন্দদায়ক ভ্ৰমণত যাব পাৰে । পুত্ৰ বা কনিষ্ঠসকলৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ বাবে আজিৰ দিনটো ভাল । ধন সংগ্ৰহ, বন্ধুৰ সৈতে সাক্ষাৎ আৰু শৰীৰ চৰ্চাৰ উদ্যোগ লোৱাৰ বাবে আজিৰ দিনটো অত্যন্ত ভাল ।
সিংহ ৰাশি :সিংহ ৰাশিৰ জাতক-জাতিকাসকলে কেতিয়াও আত্মবিশ্বাসৰ অভাৱ অনুভৱ নকৰে, অৱশ্যে আজি এই আত্মবিশ্বাস আৰু অধিক বৃদ্ধি পাব ৷ ইচ্ছা শক্তি প্ৰবল হ’ব । পদোন্নতি, পিতৃৰ দ্বাৰা উপকৃত হোৱা, প্ৰশংসা প্ৰাপ্তি, সন্মান বৃদ্ধি ইত্যাদিৰ যোগ । আজিৰ দিনটো উপভোগ কৰক ! আইনী কাগজপত্ৰ তৈয়াৰ কৰাৰ কাম বা কোনো আমোলাতান্ত্ৰিক কাম শেষ কৰাৰ বাবে আজিৰ দিনটো অত্যন্ত ভাল ।
কন্যা ৰাশি : আজি আপোনাৰ বাবে সৌভাগ্যই অপেক্ষা কৰি আছে। বহুদিনৰে পৰা কোনো ধৰ্মীয় স্থানত বা তীৰ্থযাত্ৰাত যোৱাৰ কথা ভাবি আছে, আজি এই যাত্ৰা আৰম্ভ কৰাৰ বাবে বৰ ভাল দিন । কোনো আত্মীয়ৰ ঘৰতো যোৱাৰ কথা ভাবিব পাৰে । বান্ধৱী আৰু আত্মীয়াৰ দ্বাৰা উপকৃত হোৱাৰ সম্ভাৱনা প্ৰবল ৷ বিদেশত যোৱাৰ কথা যিসকলে ভাবি আছে, তেওঁলোকৰ বাবে সময়টো অনুকূল । বিদেশত বসবাসকাৰী প্ৰিয়জনসকলৰপৰা সুসংবাদ পাব পাৰে । আজি আপোনাৰ ভাই বা ভনীয়ে বিপদৰ পৰা উদ্ধাৰ কৰিব । আৰ্থিক দিশত সকলো বৰ ভালেই থাকিব ।