অসম

assam

ETV Bharat / state

অসমত সামুদ্ৰিক ঘূর্ণী ডানাৰ প্ৰভাৱ, সাতখন জিলাত প্ৰৱল বৰষুণৰ সম্ভাৱনা - CYCLONE DANA

Cyclone Dana Hits Northeast : ঘূৰ্ণীবতাহ ডানা ৷ অসমতো পৰিছে ইয়াৰ প্ৰভাৱ ৷ আগন্তুক ২৪ ঘন্টাত কেবাখনো জিলাত বৰষুণ পৰাৰ সম্ভাৱনা ৷

cyclone dana impact in Assam heavy rainfall forecast in several districts
অসমত সামুদ্ৰিক ঘূর্ণী ডানাৰ প্ৰভাৱ (ETV Bharat)

By ETV Bharat Assamese Team

Published : Oct 25, 2024, 2:23 PM IST

গুৱাহাটী : ঘূৰ্ণীবতাহ ডানাৰ ফলত ইতিমধ্যে ওড়িশা আৰু পশ্চিমবংগত ধাৰাসাৰ বৰষুণ হৈ আছে । বৰ্তমান ওড়িশা আৰু পশ্চিমবংগৰ কিছু কিছু স্থানত ঘূৰ্ণীবতাহৰ প্ৰকোপ কৰিছে যদিও সম্পূৰ্ণৰূপে হ্ৰাস হোৱা নাই ধুমুহা, বৰষুণৰ মাত্ৰা ৷

গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই শুক্ৰবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, সামুদ্ৰিক ঘূর্ণী ডানাৰ প্ৰভাৱ অসমতো পাৰিছে । যাৰ বাবে অসমত বতৰ সলনি হৈছে । অৱশ্যে এই ক্ষেত্ৰত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অসমত কোনো সতৰ্কবাণী জাৰি কৰা নাই ।

অসমত সামুদ্ৰিক ঘূর্ণী ডানাৰ প্ৰভাৱ (egional Science Centre, Guwahati)

উল্লেখ্য যে, আই এম ডিয়ে সদৰী কৰা তথ্য মতে, সামুদ্ৰিক ঘূৰ্ণী ‘ডানা' প্ৰভাৱ আৰম্ভ হৈছে ওড়িশা আৰু পশ্চিমবংগত । ‘ডানা’ৰ প্ৰভাৱত ৰাজ্য দুখনৰ বিভিন্ন ঠাইত আজি ব্যাপক বৰষুণ, তীব্ৰ ধুমুহা বলাৰ লগতে সমুদ্ৰ অশান্ত হৈ উঠিছে ।

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ শেহতীয়া তথ্য অনুসৰি দানাৰ প্ৰভাৱত যোৱা ২৪ ঘন্টাত অসমৰ সকলো জিলাতে ঠায়ে ঠায়ে পাতলীয়া বৰষুণ হৈছে । ডানাৰ প্ৰভাৱ অসমত দুদিনমান লৈ থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰিছে ।

ঘূৰ্ণীবতাহ ডানাৰ প্ৰভাৱ (egional Science Centre, Guwahati)

ইপিনে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, অৰুণাচল প্ৰদেশক বাদ দি উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যতে অহা ২৪ ঘন্টাত বৰষুণ অব্যাহত থাকিব । আনহাতে অহা ২৪ ঘন্টাত অসমৰ ধুবুৰী, গোৱালপাৰা, কোকৰাঝাৰ, বৰপেটা, চিৰাং , বাক্সা, বঙাইগাঁও জিলাত প্ৰবল বৰষুণ অব্যাহত থাকিব ।

ইপিনে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি গুৱাহাটীত অহা ২৭ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ দিনৰ ভাগত ঘন কুঁৱলী পৰিব । এই সময়ছোৱাত গুৱাহাটীত সৰ্বোচ্চ তাপমাত্ৰা ২৮ ডিগ্ৰীৰ পৰা ৩০ ডিগ্ৰী আৰু সৰ্বনিম্ন তাপমাত্ৰা ২২ ডিগ্ৰীৰ পৰা ২৩ ডিগ্ৰীৰ ভিতৰত থাকিব ।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, ডানাই বংগোপসাগৰৰপৰা ঘণ্টাত ১৩ কিলোমিটাৰ বেগেৰে উত্তৰ আৰু উত্তৰ-পশ্চিম দিশে অগ্ৰসৰ হৈছে । ইয়াৰ কেন্দ্ৰ হৈছে ওড়িশাৰ পাৰাদ্বীপৰ পৰা ১৮০ কিলোমিটাৰ দক্ষিণপূব, ওড়িশাৰ ধামাৰাৰ পৰা ২১০ কিলোমিটাৰ দক্ষিণদক্ষিণ পূব আৰু পশ্চিমবংগৰ সাগৰ দ্বীপৰ পৰা ২৭০ কিলোমিটাৰ দক্ষিণ ।

কলকাতা বিমান বন্দৰৰপৰা কালি বিয়লি ছয় বজাৰপৰা কাইলৈ পুৱা ৯ বজালৈ বিমান সেৱা বাতিল কৰা হৈছিল । আনহাতে, ভুৱনেশ্বৰ বিমান বন্দৰ কালি বিয়লি ৫ বজাৰপৰা আজি পুৱা ৯ বজালৈ বন্ধ ৰখা হৈছে । আনহাতে, ৰাজ্য দুখনত ২০৩ খন ৰে’লৰ যাত্ৰাও বাতিল কৰা হৈছে ।

লগতে পঢ়ক :ঘূৰ্ণীবতাহৰ তাণ্ডৱৰ মাজতে স্থানান্তৰিত ১,৬০০ গৰাকী গৰ্ভৱতীয়ে জন্ম দিলে সন্তান

লগতে পঢ়ক :শান্ত হৈছে 'ডানা'; ভুৱনেশ্বৰ বিমানবন্দৰত আৰম্ভ বিমানৰ চলাচল

ABOUT THE AUTHOR

...view details