অসম

assam

By ETV Bharat Assamese Team

Published : 4 hours ago

ETV Bharat / state

শুভ মহালয়া : মহিষমৰ্দিনীক আদৰিবলৈ ব্ৰহ্মপুৱাতে ওলাই আহিল হাজাৰ হাজাৰ ভক্ত - Mahalaya 2024

Mahalaya celebration in Assam: দুৰ্গতিনাশিনীৰ অৰ্চনাৰ বাবে আৰম্ভ দেৱী বন্দনা । স্বৰ্গৰ পৰা মৰ্ত্য়লৈ দেৱীক আদৰিবলৈ পুৱাৰে পৰাই ভক্তই ঢাপলি মেলিছে নৈৰ ঘাটলৈ ।

Mahalaya celebration in Assam
ডিব্ৰুগড়-শিলচৰত লোকে লোকাৰণ্য (ETV Bharat Assam)

মৰাণ/শিলচৰ, ২অক্টোবৰ : আজি মহালয়া ৷ মহালয়াৰ পুৱাই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বাট-পথ, নদীৰ ঘাট লোকাৰণ্য হৈ পৰে । ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰি মহালয়াত প্ৰাতঃভ্ৰমণৰ বাবে ওলাই আহিল হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজ । মৰাণত মহালয়াৰ দিনটোত পুৱাই প্ৰাতঃভ্ৰমণলৈ আহি ৰাজ্যবাসীলৈ দুৰ্গা পূজাৰ শুভেচ্ছা জনালে জনপ্ৰিয় কণ্ঠশিল্লী বিপিন চাউদাঙে ।

মৰাণত পুৱাই মা দুৰ্গাৰ আশীবাদ বিচাৰি শিশুৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠ জনলৈ পদযাত্ৰা । মৰাণত দুৰ্গা পূজাৰ আগমনকলৈ ৰাইজৰ মাজত ব্যাপক আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে ।

ডিব্ৰুগড়-শিলচৰত লোকে লোকাৰণ্য (ETV Bharat Assam)
  • ডিব্ৰুগড়ৰ কাছাৰীঘাটত ভক্তৰ ভিৰ

ডিব্ৰুগড়ৰ কাছাৰীঘাটত উখল-মাখল পৰিবেশ । পুৱাই ডিব্ৰুগড়ৰ ৰাইজ ওলাই আহিছে ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰৰ কাছাৰীঘাটলৈ । পূজাৰীৰ মন্ত্ৰ উচ্চাৰণেৰে এই আধ্যাত্মিক পৰিবেশে বিৰাজ কৰে কাছাৰীঘাটত । ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰি ডিব্ৰুগড়ৰ ৰাইজে দুৰ্গা পূজাৰ আৰম্ভণিতে পালন কৰে মহালয়া । ডিব্ৰুগড়ৰ প্ৰায় সমূহ ঠাইতে ৰাইজে পুৱাৰে পৰা মাহালয়া পালন কৰে । জিলাখনৰ, বৰবৰুৱা, টিংখাং, চাবুৱা, দুলীয়াজান, নাহৰকটীয়া সকলো ৰাজপথ মহালয়া উপলক্ষে লোকাৰণ্য হৈ পৰে ।

  • জনসমুদ্ৰত পৰিণত শিলচৰ

দোলাৰে ধৰাৰ বুকুলৈ আগমন ঘটিল দেৱী দুর্গাৰ । মা দুৰ্গাৰ আগমনে জীপাল কৰিছে ধৰাৰ বুকু। পিতৃপক্ষৰ অৱসান ঘটাই আজিৰ পৰা আৰম্ভ হ'ল দেৱীপক্ষৰ । আজি মহালয়াক কেন্দ্ৰ কৰি লোকেলোকাৰণ্য হৈ পৰে শিলচৰ চহৰ । দেৱী দুৰ্গাক আদৰিবলৈ পুৱাই ওলাই আহিল হাজাৰ হাজাৰ ভক্ত । প্ৰতিবছৰেৰ দৰে এইবাৰো শিলচৰ সদৰঘাট দলঙত বহু লোকৰ সমাগম ঘটিছে। মা দুৰ্গাৰ আশিস লোৱাৰ বাবে পুৱাই প্ৰাতঃভ্ৰমণত ওলাই আহিল হাজাৰ হাজাৰ ভক্ত । বৰাক নৈৰ ওপৰত নতুনকৈ নিৰ্মাণ কৰা অন্নপূৰ্ণাঘাটত হাজাৰ হাজাৰ লোকৰ সমাগম ঘটে ।

লগতে পঢ়ক:মহালয়াৰ পবিত্ৰ ক্ষণত ব্ৰহ্মপুত্ৰৰ পাৰত মা দুৰ্গাক আৰাধনা - Mahalaya 2024

আজি পবিত্ৰ মহালয়া; দোলাত উঠি মৰ্ত্যলৈ আগমন দেৱী দুৰ্গাৰ - Mahalaya 2024

ABOUT THE AUTHOR

...view details