গোৱালপাৰা, ২০ জুলাই : এটা সাধাৰণ দম্পতীক লৈ সম্প্ৰতি ব্যাপক চৰ্চা চলিছে গোৱালপাৰা জিলাৰ বৃহত্তৰ শিমলীতোলা অঞ্চলত । পিচে চৰ্চা লাভ কৰা দম্পতীটো কোন ? কিয় ইমান চৰ্চা চলিছে এই দম্পতীক লৈ ? ই টিভি ভাৰত অসমে বিচাৰিছে পাইছে সেই বিশেষ দম্পত্তীক ৷
পত্নীৰ নাম শ্বাহিদা খাতুন আৰু তেওঁৰ স্বামী হ’ল শ্বাহজাহান আলী ৷ শ্বাহিদা খাতুন আৰু স্বামী শ্বাহজাহান আলীয়ে ঘৰৰ ওচৰতে থকা খাল-বিলত মাছ ধৰি বজাৰত বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়ে ৷ যোৱা ১১ জুলাইত এই দম্পতীটোৱে এজন-দুজন নহয়, পানীত ডুব যোৱা ২১ জনকৈ লোকক জীৱন্তে উদ্ধাৰ কৰি এতিয়া বিশেষ চৰ্চা লাভ কৰিছে ৷
উল্লেখ যে, চলিত মাহৰ ১১ জুলাইত গোৱালপাৰা শিমলীতোলাত এটি মৃতদেহ সৎকাৰ কৰি এখন টুলুঙা নাৱেৰে ২৬ জন লোক ঘৰলৈ উভতি অহাৰ সময়তে দ’ পানীত নাও দুৰ্ঘটনা হৈ ২৬ জনকৈ লোক পানীত পৰিছিল । মুহূৰ্তৰ ভিতৰতে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল সমগ্ৰ নৱাগত শিমলীতোলাত । জীৱন ৰক্ষাৰ বাবে চিঞৰ-বাখৰ লগাইছিল নাও দুৰ্ঘটনা হৈ পানীত পৰা ২৬ গৰাকীকৈ লোকে ।
ঠিক সেই সময়ত কাষতে মাছ মাৰি থকা দম্পতীটোৱে নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰি তেওঁলোকৰ টুলুঙা নাওখন লৈ ঘটনাস্থলীত উপস্থিত হয় ৷ তাৰ পিচতে পানীত থকা একাংশক টানি চোঁচৰাই নাৱত উঠায় আৰু একাংশই নাওখন ধৰি কোনোমতে পাৰলৈ আহে ৷ মুঠ ২১ গৰাকী ব্যক্তিক এনেদৰে উদ্ধাৰ কৰে শ্বাহিদা খাতুন আৰু স্বামী শ্বাহজাহান আলীয়ে ৷ কেৱল এয়াই নহয়, পানীত ডুবি সন্ধানহীন হোৱা পাঁচগৰাকী লোকৰ চাৰিজনৰে মৃতদেহ উদ্ধাৰ কৰে তেওঁৰ স্বামী শ্বাহজাহান আলীয়ে ৷