অসম

assam

ETV Bharat / state

নগাঁও লোকসভা সমষ্টি দখলৰ বাবে ৰণকৌশল প্ৰস্তুত কংগ্ৰেছৰ - LOK SABHA ELECTIONS

সমাগত লোকসভা নিৰ্বাচনৰ চূড়ান্ত ৰণকৌশল প্ৰস্তুত নগাঁও জিলা কংগ্ৰেছৰ । গঠন নিৰ্বাচনী প্ৰচাৰ সমিতি । বিধায়ক নুৰুল হুদাক প্ৰচাৰ অধ্যক্ষৰ দায়িত্ব, উপাধ্যক্ষ শিবামণি বৰা । নগাঁৱত কংগ্ৰেছী বিধায়কৰ সহযোগিতা লাভ কৰা বুলি দাবী প্ৰদ্যুৎ বৰদলৈৰ ।

Congress prepares strategy to capture Nagaon Lok Sabha seat
নগাঁও লোকসভা সমষ্টি দখলৰ বাবে ৰণকৌশল প্ৰস্তুত কংগ্ৰেছৰ

By ETV Bharat Assamese Team

Published : Mar 23, 2024, 6:56 PM IST

নগাঁও লোকসভা সমষ্টি দখলৰ বাবে ৰণকৌশল প্ৰস্তুত কংগ্ৰেছৰ

নগাঁও,২৩ মাৰ্চ:ক্ৰমাৎ চমু চাপিছে লোকসভা নিৰ্বাচনৰ দিন । দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া নগাঁও লোকসভা সমষ্টিতো দিনক দিনে তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ । শাসকীয় বিজেপি দলৰ লগতে এ আই ইউ ডি এফ দলে ইতিমধ্যেই নগাঁও লোকসভা সমষ্টি দখলৰ বাবে ৰণকৌশল প্ৰস্তুত কৰি আৰম্ভ কৰিছে ব্যাপক প্ৰচাৰ অভিযান ।

ইয়াৰ মাজতে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়েও নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টিসমূহত গৈ দলীয় কৰ্মী তথা ভোটাৰক সাক্ষাৎ কৰি অব্যাহত ৰাখিছে ব্যাপক তৎপৰতা । কিন্তু নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্বক লৈ হোৱা সংঘাতৰ ফলতেই প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছৰ পৰা প্ৰদ্যুৎ বৰদলৈক দলীয় বিধায়কসকলে সহযোগিতা নকৰা বুলি বিভিন্ন মাধ্যমত সৰৱ চর্চা অব্যাহত থকাৰ মাজতে শনিবাৰে নগাঁও ৰাজীৱ ভৱনত সাংসদ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ উপস্থিতিত অনুষ্ঠিত হয় নগাঁও জিলা কংগ্ৰেছৰ এখনি বৰ্ধিত কাৰ্যনিৰ্বাহক সভা ।

দলীয় কাৰ্যনিৰ্বাহক সভাতেই আগন্তক লোকসভা নিৰ্বাচনৰ চূড়ান্ত ৰণকৌশল প্ৰস্তুত কৰা বুলি জানিব পৰা গৈছে । আনকি কাৰ্যনিৰ্বাহক সভাত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা বুলিও জানিব পৰা গৈছে । কাৰ্যনিৰ্বাহক সভাত আগন্তক নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ সমিতিও গঠন কৰা হয় । ৰূপহীহাট বিধানসভা সমষ্টিৰ বিধায়ক নুৰুল হুদাক প্ৰচাৰ সমিতিৰ অধ্যক্ষৰ দায়িত্ব প্ৰদান কৰা হয় ।

একেদৰে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিবামণি বৰা, জিলা কংগ্ৰেছৰ সভাপতি প্ৰশান্ত কুমাৰ শইকীয়াক উপ-সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হয় । ইপিনে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক নগাঁৱৰ তিনিগৰাকী কংগ্ৰেছী বিধায়কে কোনো সহযোগিতা আগবঢ়োৱা নাই বুলি অব্যাহত থকা চর্চা সন্দৰ্ভতো মন্তব্য কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । নগাঁও জিলাৰ কংগ্ৰেছৰ বিধায়ক নেতা-কৰ্মীয়ে সম্পূৰ্ণ সহযোগ কৰা বুলি দাবী কৰে প্ৰদ্যুৎ বৰদলৈয়ে । শনিবাৰে নগাঁও ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সভাত বিধায়ক নুৰুল হুদা, শিবামনি বৰা, নগাঁও জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি প্ৰশান্ত কুমাৰ শইকীয়া ধিং সমষ্টিৰ কংগ্ৰেছ নেতা হাইদৰ আলীসহ বহুকেইগৰাকী নেতা-কৰ্মী উপস্থিত থাকে ।

লগতে পঢ়ক:ৰাজনৈতিক ক্ষেত্রত সৰ্বানন্দ বনাম লুৰীণজ্যোতি: দুই প্ৰাক্তন আছু নেতাৰ বিচাৰ কৰিব ডিব্ৰুগড়বাসীয়ে - Dibrugarh Lok Sabha Constituency

ABOUT THE AUTHOR

...view details