মৰাণ, ৮ ছেপ্টেম্বৰ :চৰাইদেউৰ মথুৰাপুৰত দেওবাৰে অনুষ্ঠিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক । ইতিমধ্যে জিলাখনত উপস্থিত হৈছে এআইচিচিৰ কেইবাগৰাকী শীৰ্ষ নেতা । ৰাজ্যিক নেতাসকলেও চৰাইদেউত বাহৰ পাতিছে । কাৰ্যনিৰ্বাহক সভাৰ পূৰ্বে জিলাখনৰ ঐতিহাসিক চৰাইদেউ মৈদামত উপস্থিত হয় অসমৰ দায়িত্ব থকা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিং ।
চৰাইদেউ মৈদামত কংগ্ৰেছ নেতৃত্ব
ৰাজ্যিক বৰ্ধিত কাৰ্যনিৰ্বাহকৰ পূৰ্বে বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামত পূৰ্ব পুৰুষৰ আৰ্শীবাদ গ্ৰহণ কৰিলে নেতাগৰাকীয়ে । তেওঁক সংগ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাসহ কংগ্ৰেছৰ সাংসদ আৰু বিধায়কসকলে । চৰাইদেউ মৈদাম ক্ষেত্ৰত উপস্থিত হোৱা প্ৰতিগৰাকী কংগ্ৰেছ নেতাক জিলা কংগ্ৰেছে একোখনকৈ গামোচাৰে আদৰণি জনায় ।
উল্লেখ্য যে, দেওবাৰে দিনযোৰা কাৰ্যসূচীৰে চৰাইদেউ মথুৰাপুৰৰ ক্ৰীড়া প্ৰকল্প খেলপথাৰত বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । য'ত আহি থকা উপ-নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচন আৰু ২০২৬ৰ বিধানসভা নিবাৰ্চনৰ ৰণনীতি প্ৰস্তুত কৰা হ’ব । জীতেন্দ্ৰ সিঙৰ লগতে কেইবাগৰাকী কেন্দ্ৰীয় নেতা, ৰাজ্যৰ প্ৰতিখন জিলাৰ জিলা কংগ্ৰেছৰ সভাপতি, সাংসদ, বিধায়ক আদিকে ধৰি দলীয় কৰ্মীসকলে এই বিশাল বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকিব ।