গোলাঘাট, ১৩ মাৰ্চ :৬ জনগোষ্ঠীৰ জনজাতিকৰণ, চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, মূল্যবৃদ্ধি, নিবনুৱা সমস্যাৰ লগতে সৰ্বসাধাৰণ জনতাৰ বাক স্বাধীনতা বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে খৰ্ব কৰিছে । এই সকলো বিষয়ক মূল ইছ্যু হিচাপে লৈ প্ৰচাৰ অভিযানত আগবাঢ়িব কংগ্ৰেছ প্ৰাৰ্থী ৰ'জলীনা তিৰ্কীয়ে ।
উল্লেখ্য যে নৱগঠিত কাজিৰঙা লোকসভা সমষ্টিত এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে কংগ্ৰেছৰ চাহ জনগোষ্ঠীৰ নেত্ৰীগৰাকীক । আনহাতে, প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে গোলাঘাটৰ বাসগৃহত সোমবাৰে নিশা উপস্থিত হয় কংগ্ৰেছ নেত্ৰীগৰাকী । তাতেই তেওঁ সাংবাদিকৰ আগত আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত নিজৰ প্ৰস্তুতি সন্দৰ্ভত বক্তব্য ৰাখে ।
তেওঁ কয়, বাবা চাহেব আম্বেদকাৰে প্ৰণয়ন কৰা ভাৰতীয় সংবিধানত উল্লেখ থকা সকলো ধৰ্মৰ লোকক সমমৰ্যাদা দিয়া এই সংবিধান ৰক্ষা কৰিবলৈ তেওঁ আগন্তুক লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছে । আনহাতে, পূৰ্বৰ কলিয়াবৰ লোকসভা সমষ্টি আৰু বৰ্তমানৰ কাজিৰঙা লোকসভা সমষ্টিত প্ৰতিষ্ঠানবিৰোধী ঢৌ আৰু বিৰোধী দলৰ এজনো জনপ্ৰতিনিধি নথকা এই সমষ্টিত কেনেকৈ আগবাঢ়িব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে বৰ্তমানৰ সাংসদ গৌৰৱ গগৈয়ে বহু কাম কৰিছে ।