শিৱসাগৰ,২৬ মাৰ্চ :সমাগত লোকসভা নিৰ্বাচন । ৰাজ্যত শাসকীয় বিজেপিৰ সমান্তৰালকৈ বিৰোধী দলসমূহেও নিৰ্বাচনী প্ৰস্তুতি তুংগত তুলিছে । ইয়াৰ মাজতে ৰাজনৈতিক নেতাৰ বাকযুদ্ধও আৰম্ভ হৈছে । এইবাৰ একালৰ দুই সতীৰ্থৰ মাজত তীব্ৰ বাকযুদ্ধ আৰম্ভ হৈছে । এফালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু আনফালে তেওঁ একালৰ সতীৰ্থ কংগ্ৰেছ নেতা ৰকিবুল হুছেইন । নিৰ্বাচনৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰীৰ মন্তব্যত অসন্তুষ্ট ধুবুৰী সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইন । যাৰ বাবে মাতৃৰ গৃহজিলা শিৱসাগৰৰ পৰা মুখ্যমন্ত্ৰীক তীব্ৰ প্ৰত্যাহ্বান জনালে ৰকিবুল হুছেইনে । তেওঁৰ মতে ৰকিবুল হুছেইন ইমান দুৰ্বল নহয়, ৫০ টা হিমন্ত বিশ্ব শৰ্মাইও ৰকিবুল হুছেইনক লৰাব নোৱাৰে বুলি তেওঁ দাবী কৰে ।
উল্লেখ্য যে কংগ্ৰেছৰ গৌৰৱ গগৈ আৰু ৰ'জলীনা তিৰ্কীৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত সংগ দিবলৈ শিৱসাগৰত বাহৰ পাতিছে বিধায়ক ৰকিবুল হুছেইন । এই সময়ত তেওঁ সংবাদমেল সম্বোধন কৰি নিৰ্বাচনকেন্দ্ৰিক বিভিন্ন বিষয়ত মন্তব্য কৰে । গৌৰৱ গগৈৰ পেৰাচ্যুত লেণ্ডিং সন্ধৰ্ভত মুখ্যমন্ত্ৰীয়ে দিয়া মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জ্যেষ্ঠ নেতাগৰাকীয়ে কয় যে এনে তৰল মন্তব্যৰ তেওঁ প্ৰতিক্ৰিয়া নিদিয়ে । কোনে কিমান তৰল আৰু নিকৃষ্ট প্ৰতিযোগিতাত নামিছে ৰাইজে দেখিছে । ৰকিবুল হুছেইন সেই বোকাত নানামে বুলি তেওঁ উল্লেখ কৰে ।
ৰকিবুল হুছেইনৰ মতে যোৰহাট আৰু শিৱসাগৰ সচেতন লোক থকা অঞ্চল । এনেকুৱা তৰল কথা ইয়াৰ মানুহে গ্ৰহণ নকৰে আৰু ইয়াৰ মানুহ বিক্ৰীও নাযায় বুলি তেওঁ দাবী কৰে । ৰকিবুল হুছেইনে দাবী কৰে যে গৌৰৱ গগৈৰ ছাঁটোকে বাঘ দেখিছে বিজেপিয়ে ।