অসম

assam

ETV Bharat / state

উপ-নিৰ্বাচনত বিজয়ী হোৱাৰ মানসেৰে মনোনয়ন পত্ৰ দাখিল ধলাইৰ কংগ্ৰেছ প্ৰাৰ্থী ধ্রুৱজ্যোতি পুৰকায়স্থৰ

ধলাইত কংগ্ৰেছ প্ৰাৰ্থী ধ্রুৱজ্যোতি পুৰকায়স্থৰ মনোনয়ন পত্ৰ দাখিল । মনোনয়ন দাখিলৰ লগতে কংগ্ৰেছৰ শক্তি প্ৰদৰ্শন । সংগ দিলে APCC ৰ সভাপতি ভূপেন বৰাই ।

Congress candidate Dhrubajyoti Purkayastha files nomination in Cachar
মনোনয়ন পত্ৰ দাখিল কংগ্ৰেছ প্ৰাৰ্থী ধ্রুৱজ্যোতি পুৰকায়স্থৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : 4 hours ago

Updated : 3 hours ago

শিলচৰ: ১৩ নবেম্বৰত ৰাজ্যত পাঁচটা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন । উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি সাজু হৈছে ৰাজনৈতিক দলসমূহ । আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ । বহি থকা নাই ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ । উপ-নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া সমষ্টিসমূহৰ ভিতৰত অন্যতম সমষ্টি হৈছে কাছাৰ জিলাৰ ধলাই বিধানসভা সমষ্টি ।

ধলাই বিধানসভা সমষ্টিত এইবাৰ কংগ্ৰেছ মনোনীত প্ৰাৰ্থী হৈছে ধ্রুৱজ্যোতি পুৰকায়স্থ । মঙলবাৰে কংগ্ৰেছ প্ৰাৰ্থী ধ্রুৱজ্যোতি পুৰকায়স্থই দাখিল কৰে মনোনয়ন-পত্ৰ । মনোনয়নপত্ৰ দাখিলৰ সময়ত বৃহৎ শক্তি প্ৰদৰ্শন কৰে কংগ্ৰেছ দলে । শিলচৰস্থিত জিলা কংগ্ৰেছ কাৰ্যালয়ৰ পৰা বৃহৎ সমদল কৰি কংগ্ৰেছৰ নেতা কৰ্মীসকলক লগত লৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন-পত্ৰ দাখিল কৰে ধ্রুৱজ্যোতি পুৰকায়স্থই ।

মনোনয়ন পত্ৰ দাখিল কংগ্ৰেছ প্ৰাৰ্থী ধ্রুৱজ্যোতি পুৰকায়স্থৰ (ETV Bharat Assam)

মনোনয়ন-পত্ৰ দাখিলৰ সময়ত ধ্রুৱজ্যোতি পুৰকায়স্থক সংগ দিয়ে প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰা আৰু বিৰোধী দলপতি দেবব্ৰত শইকীয়াই । হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মী আৰু সমৰ্থকে শিলচৰৰ বিভিন্ন পথ পৰিভ্ৰমণ কৰে মনোনয়নপত্ৰ দাখিলৰ পূৰ্বে । ধ্রুৱজ্যোতি পুৰকায়স্থৰ মনোনয়ন-পত্ৰ দাখিলৰ সময়ত উপস্থিত থাকি প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাই এইবাৰ ধলাই আসনত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ জয় নিশ্চিত বুলি উল্লেখ কৰে ।

তেওঁ লগতে কয়,"যোৱা ৮ বছৰত বিজেপিয়ে গোটেই ৰাজ্যখনক ধৰুৱা কৰি পেলালে । বানমুক্ত কৰাৰ বাবে নমামি বৰাক পাতিছিলে । কিন্তু ১০০ দিনৰো অধিক সময় শিলচৰ চহৰ পানীৰ তলত থকাৰ সময়ত বিজেপিয়ে ৰাইজৰ খবৰ লোৱা নাছিল । আজি ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ শ্ৰমিকে মজুৰি যিমান পাই তাৰ তুলনাত বৰাক উপত্যকাৰ চাহ শ্ৰমিকে মজুৰি কম পাই । এনেবোৰ কাৰণতে বিজেপিক দিছপুৰৰ পৰা উৎখাত কৰিব খুজিছে । সেয়ে এইবাৰ ধ্ৰুৱজ্যোতি পুৰকায়স্থক যে জয়ী কৰাব সেই কথা নিশ্চিত হৈছে ।"

ইফালে মনোনয়ন-পত্ৰ দাখিল কৰি প্ৰাৰ্থী ধ্ৰুৱজ্যোতি পুৰকায়স্থই কয়,"সংবিধান ৰক্ষাৰ বাবে আমি যুঁজিছো । ইমান দিনে ধলাইৰ বিধায়কগৰাকী মন্ত্ৰী হৈ আছিল । কিন্তু তাৰপিচতো সমষ্টিটোৰ কোনো উন্নয়ন হোৱা নাই । এনেবোৰ কাৰণতে ৰাইজ আজি মোৰ লগত ওলাই আহিছে । মোৰ এটা ভেটি আছে । মোৰ দেউতা ধলাইৰ দুবাৰৰ বিধায়ক আছিল । মোৰ দেউতাই প্ৰায় তিনি চাৰি হাজাৰ লোকক বিনা পইচাৰে চাকৰি দিছিল । গতিকে ধলাইৰ ৰাইজ মোৰ লগত আছে ।"

লগতে পঢ়ক:ৰণক্ষেত্ৰ বিহালীত গৌৰৱ গগৈ-ভূপেন বৰাৰ যুঁজত অচল বিৰোধীৰ সন্মিলিত মৰ্চা !

উপ-নিৰ্বাচন: চিদলী সমষ্টিৰ প্ৰাৰ্থী ঘোষণা ইউ পি পি এল আৰু বি পি এফৰ

বিজেপি প্ৰাৰ্থী বাংলাদেশী ! পৰিমল শুক্লবৈদ্য়ক এশিকনি দিবলৈ সাজু অমিয়কান্তি

Last Updated : 3 hours ago

ABOUT THE AUTHOR

...view details