যোৰহাট,১২ এপ্ৰিল: তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ । শাসক বিৰোধীয়ে যিকোনো প্ৰকাৰে গাদী দখলৰ চেষ্টা অব্যাহত ৰাখিছে । সমানে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাজু হৈছে নিৰ্বাচন আয়োগ । প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে প্ৰেৰণ কৰিছে ই ভি এম । পিছে ইয়াৰ মাজতে উত্থাপন হৈছে এক গুৰুতৰ অভিযোগ । যোৰহাট লোকসভা সমষ্টিলৈ অনা ইভিএমৰ পঞ্চাশ শতাংশ বিকল ।
কংগ্ৰেছৰ প্ৰতিনিধিয়ে এই সম্পৰ্কে ৰিটাৰ্নিং বিষয়াক দাখিল কৰে অভিযোগ । এই খবৰে চিন্তিত কৰি তুলিছে ৰাজনৈতিক মহল আৰু সচেতন মহলক । কিয়নো যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত ১০টা বিধানসভা সমষ্টিলৈ অনা ই ভি এমৰ পঞ্চাশ শতাংশ বিশেষ পৰীক্ষাত বিকল হোৱা বুলি ধৰা পৰিছে, ফলত নিৰ্বাচনী বিষয়া আৰু বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধি নিশা ১ বজালকৈ এই সম্পৰ্কত আলোচনাত মিলিত হৈছে আৰু এই সমস্যাসমূহ পৰ্যায়ক্ৰমে সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে বুলি কংগ্ৰেছৰ প্ৰতিনিধিক জানিবলৈ দিয়ে জিলা প্ৰশাসনে ।