উল্লেখ্য যে, ভয়ংকৰ জল বিস্ফোৰণটোত হাহাকাৰ পৰিস্থিতি সৃষ্টি হোৱাৰ পিছত ঘটনাস্থলীত মহানগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰীগৰাকী উপস্থিত হৈ ক্ষতিগ্ৰস্তক ক্ষতিপূৰণ দিয়া হ’ব বুলি ঘোষণা কৰিছিল ৷ কিন্তু জল বিস্ফোৰণত বিধস্ত হোৱাসকলৰ মাজৰ সৰ্বস্ৰান্ত বুলি বিবেচিত ৪ টা পৰিয়ালকহে জিলা প্ৰশাসনে ক্ষয়-ক্ষতিৰ পৰিমাণ নিৰূপণ কৰাৰ পিছত তৎকালীনভাৱে ১.২০ লাখ টকাকৈ জলবোৰ্ডে ক্ষতিপূৰণ দিয়ে । এতিয়া বাকীসমূহ ক্ষতিগ্ৰস্ত পৰিয়ালক কেতিয়া ক্ষতিপূৰণ দিব সেয়া লক্ষণীয় হ’ব ৷’’
খাৰঘূলিৰ জল বিস্ফোৰণ (ETV Bharat)
ক্ষতিগ্ৰস্ত পৰিয়াল (ETV Bharat)
কামৰূপ জিলা প্ৰশাসনৰ তথ্য অনুসৰি, বৃহস্পতিবাৰৰ ভয়ংকৰ জল বিস্ফোৰণটোত খাৰঘূলিৰ নামঘৰ চ’কত বৃহৎ সংখ্যক লোক প্ৰভাৱিত হৈছিল । জিলা প্ৰশাসনৰ তথ্য অনুসৰি খাৰঘূলিৰ জল বিস্ফোৰণত ক্ষতিগ্ৰস্তৰ তথ্য -
ক্ষতিগ্ৰস্ত হোৱা মুঠ পৰিয়াল ২১ টা
১০ বছৰৰ তলৰ শিশু ৭ টা
১০ বছৰৰ ওপৰৰ শিশু ৫ টা
প্ৰভাৱিত মুঠ পুৰুষ ৪৬ জন
বিপৰীতে মহিলা ৫৫ গৰাকী
ক্ষতিগ্ৰস্ত হোৱা ঘৰ ৬ টা
ক্ষতিগ্ৰস্ত হোৱা দোকান ৪ খন
ক্ষতিগ্ৰস্ত হোৱা অ'টো ১ খন, স্কুটী ৪ খন, বাইক ১ খন