যোৰহাট: শুভ্ৰ হৈ পৰিছে যোৰহাটৰ ম'হবন্ধা এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ আজি তৃতীয় দিনা ভকত-বৈষ্ণৱৰ লানি নিছিগা সোঁতে শুভ্ৰ কৰি তুলিছে এৰালতলি পথাৰ । চাৰিওফালে কেৱল হৰিনামৰ ধ্বনি । সমস্বৰে গাইছে গুৰু বন্দনা ।
দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে ম'হবন্ধা এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ । শনিবাৰৰ পুৱাৰে পৰা লক্ষাধিক ভক্তৰ সমাগম ঘটিছে এৰালতলি পথাৰত । অধিৱেশনৰ তৃতীয় দিনা মূল বেদীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধৰ্মধ্বজা উত্তোলন কৰে পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই । ধৰ্মধ্বজা উত্তোলন কৰাৰ লগে লগে নাম-কীৰ্ত্তন আৰু হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে এৰালতলি পথাৰ ।
ধৰ্মধ্বজাস্থলীৰ পৰা বাৰেৰহনীয়া শোভাযাত্ৰা :
বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমিলৈ পৰিণত হোৱা সমন্বয় ক্ষেত্ৰৰ পৰা আৰম্ভ হয় শোভাযাত্ৰা । এই শোভাযাত্ৰাত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৱে অংশগ্ৰহণ কৰে । মূল ধৰ্মধ্বজাস্থলীৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰেৰহনীয়া শোভাযাত্ৰা উলিওৱা হয় । উক্ত শোভাযাত্ৰাত ৰাজ্যৰ বিভিন্ন সাংস্কৃতিক দলৰ লগতে চুবুৰীয়া ৰাজ্য়ৰ পৰাও কেইবাটাও দলে অংশগ্ৰহণ কৰে । কেইবা কিলোমিটাৰ আৱৰি উলিওৱা এই শোভাযাত্ৰাই অধিৱেশনখনিক প্ৰদান কৰিলে এক অনন্য় মাত্ৰা ।