অসম

assam

ETV Bharat / state

যোৰহাটত মুকলি বিকশিত জীৱন পৰিকল্পনাৰ প্ৰশিক্ষণ কেন্দ্ৰ - Bikoxito Jibon Parikalpana Scheme - BIKOXITO JIBON PARIKALPANA SCHEME

Assam State Youth Commission: অসম ৰাজ্যিক যুৱ আয়োগৰ সংবাদমেল সম্বোধন ৷ যোৰহাটত মুকলি হ’ল উচ্চশিক্ষাৰ বিশেষ প্ৰশিক্ষণ শিৱিৰ ৷ ১৮ আগষ্টত অনুষ্ঠিত হ’ব মুকলি পৰীক্ষা ৷

BIKOXITO JIBON PARIKALPANA SCHEME
অসম ৰাজ্যিক যুৱ আয়োগৰ সংবাদমেল (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Aug 9, 2024, 10:34 PM IST

যোৰহাট, ৯ আগষ্ট: সমাজৰ দৰিদ্ৰ তথা মেধাবী ছাত্ৰ-ছাত্ৰীসকলক উচ্চশিক্ষা লাভৰ ক্ষেত্ৰত এক সুব্যৱস্থা কৰাৰ লক্ষ্য আৰু উদ্দেশ্য আগত লৈ অসম চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ । বহিঃৰাজ্যত উচ্চশিক্ষাৰ প্ৰশিক্ষণৰ বাবে নোযোৱাকৈ যাতে ৰাজ্যতে থাকি উচিত প্ৰশিক্ষণ লাভ কৰিব পাৰে তাৰ বাবে অসম চৰকাৰৰ অসম ৰাজ্যিক যুৱ আয়োগৰ অধীনত ব্যৱস্থা কৰা হৈছে প্ৰশিক্ষণ প্ৰদানৰ ।

অসম ৰাজ্যিক যুৱ আয়োগৰ সংবাদমেল (ETV Bharat Assam)

সেই অনুসৰি আজি অসম ৰাজ্যিক যুৱ আয়োগে যোৰহাটত মুকলি কৰে ইয়াৰ এক শাখা । যোৰহাটত আজি মুকলি কৰা শাখাটোত প্ৰাৰম্ভিকতে ১০০ গৰাকী মেধাবী ছাত্ৰ-ছাত্ৰীক নিৰ্বাচিত কৰা হ’ব । ইয়াৰে ৫০ গৰাকীক মেডিকেল আৰু ৫০ গৰাকী ছাত্ৰ-ছাত্ৰীক ইঞ্জিনিয়াৰিং পাঠ্যক্ৰমৰ বাবে নিৰ্বাচিত কৰি প্ৰশিক্ষণ প্ৰদান কৰা হ’ব ।

দুবছৰীয়া এই পাঠ্যক্ৰম সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব আৰু এই প্ৰশিক্ষণৰ সমূদায় খৰচ বহন কৰিব অসম চৰকাৰে । শুকুৰবাৰে যোৰহাট প্ৰেছ ক্লাবত অসম ৰাজ্যিক যুৱ আয়োগৰ উদ্যোগত আয়োজন কৰা এক সংবাদমেল সম্বোধন কৰি এই বিষয়ে উল্লেখ কৰে অসম ৰাজ্যিক যুৱ আয়োগৰ উপাধ্যক্ষ্য ড৹ অংকিতা দত্তই । সংবাদমেলত ড৹ দত্তই কয়, ‘‘ জ্ঞানোদয় হৈছে আমাৰ সমাজৰ বাবে এক উদাৰ পদক্ষেপ । যিয়ে অসুবিধাপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীৰ এক সপোন ৰচনা কৰি আহিছে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত । অসম ৰাজ্যিক যুৱ আয়োগে চেণ্টাৰ ফৰ ছ’চিয়েল ৰেচপনচিবিলিটি এণ্ড লিডাৰশ্বিপ(চি এছ আৰ এল)ৰ সহযোগিতাত জ্ঞানোদয়ৰ প্ৰথমটো শাখা মুকলি কৰে ২০২৩ বৰ্ষত তেজপুৰত । যাক জনপ্ৰিয়ভাৱে ছুপাৰ-৩০ বুলি জনা যায় ।’’

তেওঁ কয়, ‘‘ ছুপাৰ-৩০ৰ দ্বাৰা অসমৰ ২০০ ৰো অধিক ছাত্ৰ-ছাত্ৰী উপকৃত হয় । আনহাতে এটা শাখা ইতিমধ্যেই চলি আছে ডিব্ৰুগড়ত । আনহাতে আজি যোৰহাটত মুকলি কৰা শাখাটোত যোৰহাট, গোলাঘাট, শিৱসাগৰ আৰু মাজুলী জিলাৰ ছাত্ৰ-ছাত্ৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰা হ’ব ।’’

জ্ঞানোদয়াই অসম ৰাজ্যিক যুৱ আয়োগৰ সৈতে সহযোগিতা কৰি বিকশিত জীৱন পৰিকল্পনা আঁচনিৰ অধীনত যোৰহাট শাখা তো মুকলি কৰিছে । যোৰহাটৰ বাবে প্ৰাৰ্থী নিৰ্বাচনৰ বাবে অহা ১৮ আগষ্টত এক মুকলি পৰীক্ষা অনুষ্ঠিত হ’ব । যিসকল ছাত্ৰ-ছাত্ৰীয়ে দশম শ্ৰেণীৰ পৰীক্ষাত যোগ্যতা অৰ্জন কৰিছে তেওঁলোকে এই পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব । এই দুবছৰীয়া বিনামূলীয়া প্ৰশিক্ষণৰ বাবে ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলে ৭৪২৮২৪২১০৪ নম্বৰত যোগাযোগ কৰিব পাৰিব । এই প্ৰশিক্ষণ হ’ব সম্পূৰ্ণ ননৰেছিডেন্সিয়েল প্ৰশিক্ষণ ।

আনহাতে আজিৰ সংবাদমেলত অসম ৰাজ্যিক যুৱ আয়োগৰ সদস্য ভাস্কৰজ্যোতি গগৈ, চি এছ আৰ এলৰ মুখ্য প্ৰজেক্ট ডাইৰেক্টৰ সুকন্যা ভৰদ্বাজ, চি এছ আৰ এলৰ ভাৰত ভূষণ প্ৰমুখ্যে বিষয়ববীয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক :বিশেষভাৱে সক্ষম এগৰাকী ছাত্ৰীৰ পঢ়াৰ দায়িত্ব ল'লে মুখ্যমন্ত্ৰীয়ে

ABOUT THE AUTHOR

...view details