অসম

assam

ETV Bharat / state

১০ লাখ ছাত্ৰীক সামৰি ৰাজ্যত আৰম্ভ হ'ল মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি - Assam Nijut Moina Scheme - ASSAM NIJUT MOINA SCHEME

Assam Nijut Moina Scheme: অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে ৰাজ্যত নিযুত মইনা আঁচনি মুকলি কৰে । কিন্তু কি এই আঁচনি ? সকলো ছাত্ৰীয়ে এই আঁচনিৰ সুবিধা ল'ব পাৰিবনে ? হিতাধিকাৰীয়ে কিমান টকাকৈ লাভ কৰিব ?

Assam Nijut Moina Scheme
১০ লাখ ছাত্ৰীক সামৰি ৰাজ্যত আৰম্ভ হ'ল মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি (ETV Bharat)

By ETV Bharat Assamese Team

Published : Aug 8, 2024, 5:26 PM IST

গুৱাহাটী,৮ আগষ্ট :ছাত্রীসকলৰ শৈক্ষিক দিশত উত্তৰণ ঘটাই বৃহস্পতিবাৰৰ পৰা ৰাজ্যত মুকলি হ'ল অভিলাষী নিযুত মইনা আঁচনি । ৰাজ্যৰ ১০ লাখ ছাত্রীক সামৰি ল'বলগীয়া এই আঁচনিখন আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই । দিছপুৰৰ লোকসেৱা ভৱনত আয়োজন কৰা এখন সংবাদমেলত আঁচনিখন মুকলি কৰি মুখ্যমন্ত্রীয়ে আঁচনিখনৰ সবিশেষ সদৰী কৰে ।

১০ লাখ ছাত্ৰীক সামৰি ৰাজ্যত আৰম্ভ হ'ল মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি (ETV Bharat)

মুখ্যমন্ত্রীয়ে কয়,"এই আঁচনিখনে ১০ লাখ ছাত্রীক সামৰি ল'বলৈ ৪ বছৰ সময় লাগিব । ১০ লাখ হিতাধিকাৰী সম্পূৰ্ণ হোৱাৰ পিচত আঁচনিখনৰ প্ৰাসংগিকতা সম্পৰ্কত পৰ্যালোচনা কৰি আঁচনিখন চলাই নিব লাগে নে ইয়াক নতুন স্বৰূপ দিব লাগে সেই সন্দৰ্ভত সিদ্ধান্ত লোৱা হ'ব । আজিৰে পৰা আৰম্ভ হোৱা আঁচনিখন ১০ অক্টোবৰৰ পৰা ৰূপায়ণ কৰা হ'ব । আজিৰে পৰা ছাত্রীসকলৰ মাজত প্ৰপত্র বিতৰণ কৰা হ'ব । আগষ্ট মাহৰ ভিতৰত প্ৰপত্রসমূহ পূৰণ কৰি জমা দিব লাগিব ।"

লগতে পঢ়ক :ক'ভিড চাফাইকৰ্মীৰ প্ৰতিবাদত উত্তাল মহানগৰীৰ চচল - Covid Warrior protest

কোনে পাব মুখ্যমন্ত্রীৰ নিযুত মইনা আঁচনিৰ সুবিধা :

এই আঁচনিৰ জৰিয়তে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰীসকলে প্ৰতিমাহে ৰাজ্য চৰকাৰৰ পৰা লাভ কৰিব এক নিৰ্দিষ্ট পৰিমাণৰ ধন । আঁচনিখনৰ জৰিয়তে একাদশ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীসকলে দুমাহ বাদ দি বাকী ১০ মাহে মাহেকত ১০০০ টকাকৈ ৰাজ্য চৰকাৰৰ পৰা লাভ কৰিব । তেওঁলোকে দ্বাদশ শ্ৰেণী উত্তীৰ্ণ নোহোৱা পৰ্যন্ত প্ৰতিমাহৰ ১১ তাৰিখে এই ধন লাভ কৰিব । সেইদৰে স্নাতক মহলাত নামভৰ্তি কৰা ছাত্ৰীসকলে প্ৰতিমাহে ১২৫০ টকাকৈ লাভ কৰিব ।

আনহাতে স্নাতকোত্তৰ মহলাত আৰু বি এডত নামভৰ্তি কৰা ছাত্ৰীসকলে প্ৰতিমাহে লাভ কৰিব ২৫০০ টকাকৈ । এই সুবিধা ভেঞ্চাৰ আৰু জুনিয়ৰ কলেজত অধ্যয়ন কৰি থকা ছাত্ৰীসকলেও লাভ কৰিব । জুন আৰু জুলাই মাহক বাদ দি বাকী ১০ মাহত প্ৰতিমাহে ছাত্রীসকলে নিজৰ একাউণ্টত এই ধন লাভ কৰিব ।

কোনে নাপাব আঁচনিখনৰ সুবিধা :

ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত অধ্যয়নৰত ছাত্ৰীসকলে এই আঁচনিৰ সুবিধা লাভ নকৰিব । বিবাহিতসকলে লাভ নকৰিব এই আঁচনিৰ সুবিধা । উচ্চতৰ আৰু স্নাতক মহলাত অধ্যয়নৰত অৱস্থাত বিবাহ হোৱা ছাত্ৰীও এই আঁচনিৰ পৰা বঞ্চিত হ'ব । অৱশ্যে স্নাতকোত্তৰ অধ্যয়নৰত ছাত্ৰী বিবাহিত হ'লেও তেওঁ এই আঁচনিৰ সুবিধা লাভ কৰিব । কোনো ছাত্ৰী যদি একেটা শ্ৰেণীতে অনুত্তীৰ্ণ হৈ থাকে তেন্তে তেওঁ এই আঁচনিৰ পৰা বঞ্চিত হ'ব লাগিব ।

আনহাতে এই আঁচনিৰ সুবিধা সেইসকল ছাত্ৰীয়ে হে লাভ কৰিব যিসকলে স্কুটী নলয় । ৰাজ্য চৰকাৰে এই আঁচনিৰখনৰ বাবে বান্ধি দিয়া চৰ্ত অনুসৰি স্কুটী আৰু নিযুত মইনাৰ যিকোনো এখন আঁচনিহে বাচি ল'ব লাগিব ছাত্ৰীয়ে । একেলগে দুয়োখন আঁচনিৰ সুবিধা লাভ নকৰিব । মন্ত্রী, বিধায়ক আৰু সাংসদসকলৰ সন্তান এই আঁচনিৰ বাবে যোগ্য বিবেচিত নহ'ব ।

লগতে পঢ়ক :ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বাবে ১০০ কোটিৰ পেকেজ অনুমোদন : ৰূপৰেখা প্ৰস্তুতৰ বাবে শিক্ষামন্ত্ৰীৰ বৈঠক - Dibrugarh University

আঁচনিখনৰ লক্ষ্য আৰু উদ্দেশ্য কি :

বাল্য বিবাহ ৰোধ কৰাৰ লক্ষ্যৰে শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আঁচনিখন আৰম্ভ কৰা হৈছে । এই সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, "নেশ্যনেল ফেমেলি হেল্থ চাৰ্ভেৰ সমীক্ষা মতে অসমৰ ২০ৰ পৰা ২৪ বছৰ বয়সৰ ৩১.৮ শতাংশ ছোৱালী সন্তানৰ মাতৃ হয় । স্বাভাৱিকতে তেওঁলোকৰ ১৮ বছৰৰ আগতে বিবাহ হয় । বহু সময়ত উপযুক্ত পুষ্টি আৰু শিক্ষাৰ পৰা বঞ্চিত হয় । আনহাতে অপৈণত অৱস্থাত বিবাহপাশত আৱদ্ধ হোৱা বাবে ঘৰুৱা হিংসাৰো চিকাৰ হয় । বাল্য বিবাহ অসমৰ নামনি আৰু মধ্য অসমত আটাইতকৈ বেছি । দক্ষিণ শালমাৰা, ধুবুৰী আদি জিলাত ৫০ শতাংশৰো অধিক ছোৱালী ১৮ বছৰত বিবাহপাশত আৱদ্ধ হয় । আনহাতে বহু সময়ত বিভিন্ন সমীক্ষাত দেখা যায় যে ১২-১৩ বছৰত বহু ছোৱালী মাতৃ হয় । এইক্ষেত্রত আইনৰ ব্যৱস্থা আছে যদিও ইয়াৰ ডাঙৰ অস্ত্র হৈছে শিক্ষা । নামভৰ্তি বিনামূলীয়া কৰা হৈছে যদিও নামভৰ্তিৰ পিচত বহু ছাত্রীয়ে আধাতে শিক্ষা ত্যাগ কৰা দেখা যায় । আৰ্থিক প্ৰতিবন্ধকতাৰ বাবে বহু ছাত্রীৰ শিক্ষাৰ ক্ষেত্রত বাধাৰ সৃষ্টি হয় । ড্ৰপ আউট হ্ৰাস কৰি বাল্য বিবাহ ৰোধ কৰাৰ লক্ষ্যৰে ছাত্রীসকলৰ শিক্ষাৰ গতি যাতে ৰুদ্ধ নহয় তাৰ বাবে এই আঁচনি লোৱা হৈছে ।"

কিমান বছৰ চলিব এই আঁচনিখন :

৪ বছৰ চলিবলগীয়া এই আঁচনিখনে ১০ লাখ ছাত্রীক সামৰি ল'ব । ৪ বছৰ চলোৱাৰ পিচত চৰকাৰে আঁচনিখন সন্দৰ্ভত পুনৰ বিবেচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব । বাজেটত ঘোষণা কৰা অনুসৰি আজিৰে পৰা মুখ্যমন্ত্রীৰ নিযুত মইনা আঁচনিখন ৰাজ্যজুৰি আৰম্ভ হৈছে ।

আঁচনিখনৰ সুবিধা লাভৰ বাবে কি কৰিব লাগিব :

আজিৰে পৰা প্ৰ-পত্র বিতৰণ কৰা হৈছে । ৩০ আগষ্টৰ ভিতৰত প্ৰ-পত্র পূৰণ কৰি জমা দিব লাগিব । প্ৰ-পত্র সঠিক সময়ত জমা দিলে ১০ অক্টোবৰৰ পৰা ছাত্রীসকলে একাউণ্টযোগে নিৰ্দিষ্ট ধন মাহে মাহে লাভ কৰিব । উচ্চতৰ মাধ্যমিক, স্নাতক, স্নাতকোত্তৰ আৰু বি এডৰ বাবে পৃথক পৃথক প্ৰ-পত্রৰ ব্যৱস্থা কৰা হৈছে । প্ৰ-পত্রত পিতৃ-মাতৃৰ স্বাক্ষৰৰ প্ৰয়োজন হ'ব ।

সকলো ছাত্রীৰ বাবে আঁচনিখন মুকলি আছে যদিও আৰ্থিকভাৱে স্বচ্ছলসকলে ইচ্ছা কৰিলে আঁচনিখনৰ সুবিধা ন'লবও পাৰিব । আঁচনিখনৰ সুবিধা লাভৰ বাবে মহাবিদ্যালয় বা শিক্ষা প্ৰতিষ্ঠানত ছাত্রীগৰাকীৰ উপস্থিতি নিয়মীয়া হ'ব লাগিব । অবিদ্যায়তনিক কাম-কাজত জড়িত থাকিব নোৱাৰিব ।

নবেম্বৰত প্ৰদান কৰা হ'ব স্কুটী :

উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীসকলক ৩০ নৱেম্বৰৰ ভিতৰত স্কুটী বিতৰণ কৰা হ'ব । আজি এই কথাও ঘোষণা কৰে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক :অসমৰ ১২ খন জিলাত আমি ইতিমধ্যেই সংখ্যালঘু হৈ পৰিছো : বাংলাদেশৰ পৰিস্থিতিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী - ASSAM CM ON BANGLADESH VIOLENCE

ABOUT THE AUTHOR

...view details