অসম

assam

ETV Bharat / state

পৰ্যটন সঞ্চালকালয়ত পুৰণি ফাইল বিচাৰি অভিযান মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ - TOURISM RECRUITMENT SCAM

অভিযানকাৰী দলটোৱে নিযুক্তি কেলেংকাৰিৰ তথ্য বিচাৰি পুৰণি ফাইলৰ সন্ধান কৰাৰ লগতে সংশ্লিষ্ট বিষয়াক সোধা-পোছাও কৰে ।

CM Vigilance raids office of directorate of tourism
পৰ্যটন সঞ্চালকালয়ত পুৰণি ফাইল বিচাৰি অভিযান মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Feb 7, 2025, 7:42 PM IST

গুৱাহাটী: কংগ্ৰেছৰ শাসনৰ সময়ত হোৱা এ পি এছ চি কেলেংকাৰিয়ে ৰাজ্য় জোঁকাৰি যোৱাৰ পিছত এইবাৰ আন এক অনিয়মৰ বিৰুদ্ধে আৰম্ভ হৈছে অভিযান । এইবাৰ পৰ্যটন বিভাগত চাকৰি প্ৰদান প্রক্রিয়াত হোৱা ব্যাপক দুর্নীতি তথা কেলেংকাৰিক লৈ চলিছে তদন্ত । মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে শুক্ৰবাৰে এই অভিযান আৰম্ভ কৰিছে ।

পৰ্যটন সঞ্চালকালয়ৰ কাৰ্যালয়ত অভিযান :

২০১০-১১ বর্ষত সম্পন্ন এই নিযুক্তিত ব্যাপক কেলেংকাৰিৰ তথ্য বিচাৰি মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে পল্টন বজাৰৰ পৰ্যটন সঞ্চালকালয়ৰ কাৰ্যালয়ত অভিযান চলায় । এই অভিযানকালত তদাৰকী কোষৰ দলটোৱে নিযুক্তি কেলেংকাৰিৰ তথ্য বিচাৰি পুৰণি ফাইলৰ সন্ধান কৰাৰ লগতে সংশ্লিষ্ট বিষয়াক সোধা-পোছা কৰে । চি এম ভিজিলেন্সৰ এক সূত্ৰই এই বিষয়ে উল্লেখ কৰিছে ।

চাকৰি লাভ কৰা প্ৰাৰ্থীৰ তালিকাৰ ফাইল বিচাৰি পৰ্যটন বিভাগৰ কাৰ্যালয়ত চি এম ভিজিলেন্সৰ দলটোৱে এই অভিযান চলোৱাৰ পিছতেই এতিয়া বহুতৰে নিদ্ৰাহৰণ হৈছে । তদন্তত নিযুক্তি কেলেংকাৰিৰ তথ্য পালে পৰৱৰ্তী সময়ত গোচৰ ৰুজু কৰিব মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে ।

উল্লেখ্য় যে নিযুক্তিত কেলেংকাৰী হোৱা বুলি অভিযোগ তুলি বঞ্চিত একাংশ প্রার্থীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল এক আবেদন । উক্ত অবেদনৰ ভিত্তিতে ন্যায়ালয়ে ৰাজ্য চৰকাৰক তদন্তৰ বাবে দিয়া নির্দেশ অনুসৰিয়ে মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে এই অভিযান আৰম্ভ কৰিছে । সেই সময়ত নিযুক্তি লাভ কৰা প্ৰাৰ্থীসকলো তদাৰকী কোষৰ অনুসন্ধানৰ আওতালৈ অহাৰ সম্ভাৱনা আছে ।

তৰুণ গগৈৰ আমোলত কি ঘটিছিল ?

উল্লেখ্য যে প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ আমোলত ২০১০-১১ বিত্তীয় বৰ্ষত ৰাজ্যৰ পর্যটন বিভাগত এই নিযুক্তি কেলেংকাৰি সংঘটিত হোৱাৰ অভিযোগ উঠিছে । উপযুক্ত অর্হতা থকা তথা সাক্ষাৎকাৰত যথেষ্ট ভাল ফলাফল দেখুওৱাৰ পাছতো নিযুক্তিৰ পৰা বঞ্চিত হোৱা একাংশ প্রার্থীয়ে এনে নিযুক্তিৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল । বিগত ১৪ বছৰে এই নিযুক্তি সন্দৰ্ভত চলি থকা গোচৰৰ পাছত শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক এনে নিযুক্তি সন্দর্ভত উপযুক্ত তদন্তৰ নির্দেশ দিয়ে । সেইমর্মে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে এই তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক:APSC ক দুৰ্নীতিমুক্ত কৰিবলৈ কি পদক্ষেপ হ'ব নৱনিযুক্ত অধ্যক্ষ দেৱৰাজ উপাধ্যায়ৰ - APSC CHAIRMAN DEBORAJ UPADHYAY

এ পি এছ চিৰ নতুন অধ্যক্ষৰ আসনত দেৱৰাজ উপাধ্যায়, দুই নতুন সদস্যও নিযুক্তি - NEW APSC CHAIRMAN

ABOUT THE AUTHOR

...view details