ডিব্ৰুগড় :ভাৰতবৰ্ষৰ ভিতৰত অসমক পাঁচখন উন্নত ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ চেষ্টা চলাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ফলত এজনৰ পাছত আন এখন অভিলাষী আঁচনি ৰূপায়ণ কৰিছে অসম চৰকাৰে । আনকি ৰাজ্য চৰকাৰৰ কামকাজ খৰতকীয়া কৰাৰ বাবে ৰাজ্য চৰকাৰে ডিব্ৰুগড়ত আৰম্ভ কৰিছে সচিবালয়ৰ কাম-কাজ । ডিব্ৰুগড়ৰ মাইজানত থকা জলসম্পদ বিভাগৰ অতিথিশালাটো নিৰ্মাণ কৰি উলিওৱা হৈছে অসম সচিবালয় ।
এই বৰ্ষৰ ৬ ছেপ্টেম্বৰ তাৰিখে ৰাজ্য চৰকাৰে ডিব্ৰুগড়ত নিৰ্মাণ মিনি সচিবালয় শুভাৰম্ভ কৰি কাম-কাজ পৰিচালনা কৰিছে । উজনি অসমৰ ৯ খন জিলাৰ কাম-কাজ দ্ৰুত গতিত কৰি তোলাৰ বাবে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয় আৰম্ভ কৰা হৈছে । যিটো উজনি অসমৰ ৰাইজৰ বাবে ভাল খবৰ হিচাপে বিবেচিত হৈছে ।
তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, লক্ষিমপুৰ, মাজুলী , চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাটকে কৰি প্ৰায় ৯ খন জিলাৰ কাম-কাজ তদাৰক কৰা হৈছে ডিব্ৰুগড়ৰ সচিবালয়ৰ পৰা । ডিব্ৰুগড়ৰ সচিবালয় উদ্বোধন কৰা দিনটোতেই কেবিনেট বৈঠক অনুষ্ঠিত কৰি ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰীয়ে ।
- তিনিটা দিন ডিব্ৰুগডৰ সচিবালয়ৰ পৰাই উজনিৰ বহু জিলাৰ উন্নয়নৰ খতিয়ান ল'ব মুখ্যমন্ত্ৰীয়ে: