অসম

assam

ETV Bharat / state

পাষাণ পুত্ৰই নুবুজিলেও মুখ্যমন্ত্ৰীয়ে বুজে মাতৃৰ মৰ্মবেদনা

CM promptness in treating helpless Mother: দুই পুত্ৰৰ দ্বাৰা চৰম অৱহেলিত হৈ মৃত্যু যন্ত্ৰণাত চটফটাই থকা অসহায় বৃদ্ধাৰ চিকিৎসাৰ ক্ষেত্ৰত তৎপৰতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । যোৰহাট পতিয়া গাঁৱৰ দিহিঙীয়া চুকৰ মিনতি দেৱীৰ অসহায় অৱস্থাৰ বিষয়ে বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে দৃষ্টিগোচৰ হোৱাৰ পিছতে যোৰহাট জিলা প্ৰশাসনক সকলো ব্যৱস্থা কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ।

By ETV Bharat Assamese Team

Published : Feb 21, 2024, 1:40 PM IST

CM promptness in treating helpless Mother
পাষাণ পুত্ৰই নুবুজিলেও মুখ্যমন্ত্ৰীয়ে বুজে মাতৃৰ মৰ্মবেদনা

পাষাণ পুত্ৰই নুবুজিলেও মুখ্যমন্ত্ৰীয়ে বুজে মাতৃৰ মৰ্মবেদনা

যোৰহাট,২১ ফেব্ৰুৱাৰী:পুত্ৰৰ দ্বাৰা অৱহেলিত মাতৃৰ কৰুণ গাঁথা বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছতেই মুখ্যমন্ত্ৰীৰ তৎপৰতাত ব্যৱস্থা গ্ৰহণ যোৰহাট প্ৰশাসনৰ । দুই পুত্ৰ চৰম অৱহেলা বাবে এটা ভঙা পঁজাত শয্যাগত হৈ জীৱন মৃত্যুৰে যুঁজা যোৰহাট পতিয়া গাঁৱৰ দিহিঙীয়া চুকৰ মিনতি দেৱীৰ নামৰ বৃদ্ধাগৰাকীৰ কৰুণ গাঁথা ই টি ভি ভাৰতৰ লগতে বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পিছতেই মুখ্যমন্ত্ৰীয়ে সমগ্র ঘটনা সন্দৰ্ভত তৎপৰতা গ্ৰহণ কৰে ।

পাষাণ পুত্ৰই নুবুজিলেও মুখ্যমন্ত্ৰীয়ে বুজে মাতৃৰ মৰ্মবেদনা

জিলা প্ৰশাসনক সকলো ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়াৰ লগে লগে যোৰহাট জিলা প্ৰশাসনে অসুস্থ বৃদ্ধাগৰাকীক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰে । মঙলবাৰে পুৱাৰ ভাগত মিনতি দেৱী নামৰ বৃদ্ধাগৰাকীৰ স্বাস্থ্য আৰু চিকিৎসা সম্পকীয় সকলো দিশ বুজ লয় জিলা আয়ুক্ত পুলক মহন্তই । উল্লেখ্য যে যোৰহাটৰ পতিয়া গাঁৱৰ দিহিঙীয়া চুকৰ মিনতি দেৱী নামৰ এই গৰাকী বৃদ্ধা মাতৃয়ে কেইবা দিন ধৰি নিয়মিতভাৱে খাবলৈ নাপাই, দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ শয্যাগত হৈ চটফটাই হৈ পৰি ৰৈছিল ।

পুত্ৰৰ দ্বাৰা অৱহেলিত হৈ এনেদৰে তিলতিলকৈ এগৰাকী জন্মদত্ৰী মাতৃয়ে মৃত্যুৰে যুঁজিব লগা হোৱা ঘটনাই শৈক্ষিক নগৰী যোৰহাটত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল । কাৰণ মাতৃয়ে বসবাস কৰা ঘৰৰ ওচৰতে আছিল দুই কুলংগাৰ পুত্ৰৰ দুটা ঘৰ । কিন্তু কাষতে থাকিও মাতৃক নিজৰ ওচৰত থাকিবলৈ নিদিয়া লগতে খাদ্য পৰাও বঞ্চিত কৰি আহিছিল ।

পাষাণ পুত্ৰই নুবুজিলেও মুখ্যমন্ত্ৰীয়ে বুজে মাতৃৰ মৰ্মবেদনা

আন্ধাৰ কোঠাত মৃত্যু যন্ত্ৰনাত থকা পিছতো, মাতৃ বেদনা উপহাস কৰি দুই পুত্ৰ পৰিয়ালসহ অৱসৰ বিনোদনৰ বাবে ওলাই যোৱা অভিযোগ উথাপিত হৈছে । কিন্তু সংবাদ মাধ্যম আৰু স্থানীয় ৰাইজৰ তৎপৰতাত মঙলবাৰেই বৃদ্ধাগৰাকী JMCH ভৰ্তি কৰোৱা হয় । বৰ্তমান সমগ্ৰ ঘটনাত মুখ্যমন্ত্ৰী তৎপৰতাৰে গ্ৰহণ কৰাত উন্নত চিকিৎসা আৰু অন্যান্য সা-সুবিধা বাবে ব্যৱস্থা গ্ৰহণ কৰিছে যোৰহাট জিলা প্ৰশাসনে ।

লগতে পঢ়ক:মাতৃৰ অন্তিম ক্ষণতো খবৰ ল'বলৈ আহৰি নাই পুত্ৰৰ

ABOUT THE AUTHOR

...view details