গুৱাহাটী: অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰা, জাগীৰোডত ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ পৰা আৰম্ভ কৰি চৰাইদেউলৈ বিশ্ব ঐতিহ্যৰ স্বীকৃতিলৈ ২০২৪ত অসমৰ অনন্য প্ৰাপ্তিৰ কথা ১ জানুৱাৰীত সুঁৱৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ২০২৪ত অসম চৰকাৰৰ খতিয়ান দাঙি ধৰিলে মুখ্যমন্ত্ৰীয়ে । ঘোষণা কৰিলে নতুন কামৰ পৰিকল্পনা ।
বিদায় মাগিলে ২০২৪ বৰ্ষই। ২০২৫ ক আদৰণি ৷ তাৰ মাজতেই অসমবাসীৰো নিশ্চয় প্ৰশ্ন যে ২০২৪ত অসমৰ বিজেপি চৰকাৰখনে কি কৰিলে ? গুৱাহাটীৰ কইনাধৰাত ‘নতুন দিনৰ আলাপ’ শীৰ্ষক অনুষ্ঠানত সাংবাদিকৰ সৈতে মুখ্যমন্ত্ৰীৰ মত-বিনিময় অনুষ্ঠানত পহিলা জানুৱাৰীৰ দিনা দাঙি ধৰিলে বিগত ২০২৪ বৰ্ষৰ চৰকাৰৰ কাম আৰু সফলতাৰ বিৱৰণ । ২০২৪ত মুঠ ৩৩ খন কেবিনেটৰ বৈঠকত ১৯২২ টা সিদ্ধান্ত গ্ৰহণ কৰিছিল হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে । ১জানুৱাৰীৰ সাংবাদিকৰে আলাপত মুখ্যমন্ত্ৰীৰ মন্তব্য বছৰটোত কেবিনেটে গ্ৰহণ কৰা ১৯২২ টা সিদ্ধান্তৰ ৫৪ টা কাৰ্যকৰী কৰিবলৈ বাকী আছে এতিয়াও ।
নিজা বিদ্যুৎ উপাদান বাঢ়িব অসমৰ:
বছৰৰ প্ৰথম দিনটোত মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীলৈ দিলে এক বিশেষ বতৰা ৷ বিদ্যুৎ শক্তিৰ ক্ষেত্ৰত অসমত আত্ম-নিৰ্ভৰশীল হ’বলৈ গৈ আছে অসম ৷ “সৌৰ শক্তি প্ৰকল্পৰ পৰা আৰম্ভ কৰি একাধিক জলবিদ্যুৎ প্ৰকল্পৰ পৰা অসমে নতুন বছৰটোতেই লাভ কৰিব বৃহৎ পৰিমাণৰ বিদ্যুৎ শক্তি । যাৰ ফলত শীঘ্ৰে ৰাজ্যত হ্ৰাস পাব বিদ্যুতৰ নিৰিখ ৷” ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোতেই ৰাজ্যবাসীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কইনাধৰাৰ পৰা দিলে এই খবৰ ৷
২০২৬ত গ্ৰীন টেন্সপৰ্টময় অসম :
প্ৰদূষণমুক্ত অসমৰ বাবে ২০২৬ত অসমত ই-বাহন ৰাজহুৱা পৰিবহন ব্যৱস্থাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিছে অসম চৰকাৰে । পহিলা জানুৱাৰীত ঘোষণা মুখ্যমন্ত্ৰীৰ । উল্লেখ্য যে দিনটোৰ পুৱাবেলা গুৱাহাটীৰ খানাপাৰত ৫৬ খন ৰাজহুৱা পৰিবহনৰ ইলেকট্ৰনিক বাহনৰ ফ্লেগ অফ কৰে । লগতে অতি শীঘ্ৰেই প্ৰধানমন্ত্ৰীয়ে আঁচনিৰ অধীনত ১০০ খন ৰাজহুৱা পৰিবহনৰ বাবে ই-বাহন দিব বুলিও মুখ্যমন্ত্ৰীৰ ঘোষণা এক জানুৱাৰীৰ আলাপত ।
ঋণগ্ৰস্ত চৰকাৰ: ২০২৫ চনত ল’ব ১৭ হাজাৰ কোটি টকাৰ ঋণ :
২০২৪ বৰ্ষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে সবাতোকৈ বেছি সমালোচিত হোৱা বিষয়টোৱেই হ’ল বৃহৎ পৰিমাণৰ ঋণ গ্ৰহণৰ বিষয়টো ৷ এই প্ৰসংগতো মুখ্যমন্ত্ৰীৰ দাবী, ঋণ গ্ৰহণ কৰিলেহে বিকাশ ত্বৰান্বিত হ’ব ৷ ৰাজ্যৰ বিত্তীয় বিকাশ থাকিলেহে ঋণ গ্ৰহণ কৰিব পাৰে । ২০২৫ চনত ৰাজ্য চৰকাৰে ১৭ হাজাৰ কোটি টকাৰ ঋণ ল’ব বুলি কৈ মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰে মত-বিনিময়ত জনায়, “ৰাজ্য চৰকাৰৰ আৰ্থিক স্থিতিৰ ওপৰত নিৰ্ভৰ কৰি আমি ২৭০০০ কোটি টকালৈ ঋণ লোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন আছে । আমি ১৭০০০ কোটি টকাহে ঋণ লোৱাৰ সিদ্ধান্ত লৈছো । কেন্দ্ৰীয় চৰকাৰৰ বাজেটলৈ লক্ষ্য কৰিলেও আপোনালোকে দেখিব কেন্দ্ৰীয় চৰকাৰেও উন্নয়নমূলক কামৰ কাৰণে ঋণ লয় ৷”
ঋণ প্ৰসংগত লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, ‘‘ভাৰতৰ আন ৰাজ্যৰ তুলনাত অসমে লোৱা ঋণৰ পৰিমাণ কম ৷ ঋণ লোৱাটো ভাৰত চৰকাৰৰ নিয়ম ৷ দেশৰ ভিতৰত ১৭ নম্বৰ স্থানত উপনীত হৈছে ৰাজ্যৰ GDP ৷ GDPৰ ভিত্তিতে ল’ব পৰা ঋণৰ পৰিমাণ নিৰ্ধাৰণ কৰা হয় ৷”
অসমীয়াত প্ৰকাশ হ’ব মেডিকেল আৰু অভিযান্ত্ৰিক পাঠ্যক্ৰম :
ইতিপূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ ঘোষণা আছিল যে আঞ্চলিক ভাষাত প্ৰকাশিত হ’ব অভিযান্ত্ৰিক আৰু মেডিকেলৰ পাঠ্যপুথি ৷ এই বিষয়ত নৱবৰ্ষৰ পহিলা দিনটোতেই কইনাধৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, ‘‘অসমীয়া ভাষাত প্ৰকাশ হ'ব আভিযান্ত্ৰিক পাঠ্যক্ৰমৰ কিতাপ৷ মেডিকেল পাঠ্যক্ৰমৰ কিতাপো প্ৰকাশ কৰা হ'ব অসমীয়াত ৷’’
ৰাজ্যত কমিল অপৰাধজনিত ঘটনা :
‘‘ৰাজ্যত পূৰ্বতকৈ হ্ৰাস পাইছে অপৰাধৰ সংখ্যা ৷ ২০২১-২৩ৰ তুলনাত হ্ৰাস হৈছে অপৰাধৰ ঘটনা ৷’’ কইনাধৰাত পূৰ্বৰ তুলনাত অপৰাধৰ সংখ্যা হ্ৰাস পোৱা বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷