অসম

assam

ETV Bharat / state

অসম চৰকাৰৰ কৰ্মচাৰীলৈ সুখবৰ: কৰ্মচাৰী পৰিষদৰে হোৱা বৈঠকত ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে - CM HIMANTA BISWA SARMA

দিছপুৰত সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধিবৰ্গৰ সৈতে বৈঠকত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ । পহিলা এপ্ৰিলৰ পৰা নগদবিহীন হ'ব ৰাজ্যিক কৰ্মচাৰীৰ চিকিৎসা বীমা আঁচনি ।

CM HIMANTA BISWA SARMA
সদৌ অসম কৰ্মচাৰী পৰিষদৰে মুখ্যমন্ত্ৰীৰ বৈঠক (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jan 11, 2025, 10:29 PM IST

গুৱাহাটী: মাঘ বিহুৰ প্ৰাকঃক্ষণত ৰাজ্যিক কৰ্মচাৰীলৈ সুখবৰ । পহিলা এপ্ৰিলৰ পৰা নগদবিহীন হ'ব ৰাজ্যিক কৰ্মচাৰীৰ চিকিৎসা বীমা আঁচনি । সেইদৰে ১৩ হাজাৰ ফিক্সড পে', মাষ্টাৰৰোল কৰ্মচাৰীয়ে লাভ কৰিব ঘৰভাড়া বানচ । আজি দিছপুৰত সদৌ অসম কৰ্মচাৰী পৰিষদৰে অনুষ্ঠিত বৈঠকত এই আশ্বাস মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । মুখ্যমন্ত্ৰীৰে হোৱা বৈঠকৰ পাছত এই কথা জনালে পৰিষদৰ নেতৃত্বই ।

উল্লেখ্য যে আজি লোক সেৱা ভৱনত সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধিবৰ্গৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক অনুষ্ঠিত হয় । বৈঠকত মুখ্যমন্ত্রীয়ে অধিক নিষ্ঠা আৰু দায়বদ্ধতাৰে ৰাজ্যবাসীৰ সেৱাত আত্মনিয়োগ কৰিবলৈ অসমৰ কৰ্মচাৰী সমাজৰ প্ৰতি আহ্বান জনায় । বৈঠকত কৰ্মচাৰী পৰিষদৰ বিভিন্ন দাবীৰ লগতে কৰ্মচাৰীসকলৰ কল্যাণ সম্পর্কীয় বিভিন্ন বিষয় আলোচনা কৰা হয় । ৰাজ্যৰ কৰ্মশক্তিক গতিশীল কৰাৰ লক্ষ্যৰে কৰ্মচাৰীসকলৰ আশা-আকাংক্ষা পূৰণ কৰাৰ উদ্দেশ্যে সেৱা বিধিৰ সংশোধনৰ প্ৰস্তাৱ, আপোন ঘৰ আঁচনিৰ সম্প্ৰসাৰণ, চৰকাৰী কৰ্মচাৰীৰ অৱসৰৰ বয়স আদি বিভিন্ন বিষয় বৈঠকত আলোচনা কৰা হয় ।

ৰাজ্যৰ কৰ্মশক্তিৰ কল্যাণৰ স্বাৰ্থত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ সমান্তৰালভাৱে স্বাস্থ্য প্রতিষ্ঠানসমূহত চৰকাৰী কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ নগদবিহীন চিকিৎসাৰ সুবিধাৰ প্ৰয়োজনীয়তা আদি বিষয়সমূহে আলোচনাকালত স্থান লাভ কৰে । মুখ্যমন্ত্রীয়ে কয়, "ৰাজ্য চৰকাৰে কৰ্মচাৰীসকলৰ কল্যাণৰ দিশত নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছে । সদৌ অসম কৰ্মচাৰী পৰিষদৰ নৱনিৰ্বাচিত সমিতিখনে যিসমূহ বিষয় আলোচনাকালত উপস্থাপন কৰিছে ৰাজ্য চৰকাৰে সেইসমূহ বিচাৰ-বিবেচনা কৰি যাৱতীয় পদক্ষেপ গ্রহণ কৰিব ।"

সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধিসকলে তেওঁলোকৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত ইতিবাচক দৃষ্টিভংগী গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰে । বৈঠকৰ অন্তত পৰিষদৰ নেতৃত্বই জনাই যে পহিলা এপ্ৰিলৰ পৰা নগদবিহীন হ'ব ৰাজ্যিক কৰ্মচাৰীৰ চিকিৎসা বীমা আঁচনি । প্ৰথম পৰ্যায়ত ৰাজহুৱা খণ্ডৰ হাস্পতাল আৰু মেডিকেল কলেজসমূহত উপলব্ধ হ’ব এই সেৱা । আনহাতে ১৩ হেজাৰ ফিক্সড পে' আৰু মাষ্টাৰ ৰোল কৰ্মচাৰীলৈও আহিল সুখবৰ । ফিক্সড পে' আৰু মাষ্টাৰ ৰোল কৰ্মচাৰীয়ে লাভ কৰিব ঘৰভাড়া বানচ ।

সেইদৰে এন পি এছ প্ৰৱৰ্তনৰ পূৰ্বে প্ৰকাশ পোৱা বিজ্ঞাপনৰ ভিত্তিত নিযুক্তি লাভ কৰা কৰ্মচাৰীয়ে লাভ কৰিব অ' পি এছৰ সুবিধা । ইয়াৰ বাবে জানুৱাৰীৰ ভিতৰতে প্ৰকাশ পাব প্ৰয়োজনীয় অফিচ মেম'ৰেণ্ডাম । আনহাতে যিসমূহ পদৰ নিযুক্তিৰ অৰ্হতা স্নাতক পৰ্যায়ৰ সেইসমূহ পদত এতিয়াৰে পৰা লাভ কৰিব স্নাতক পৰ্যায়ৰ দৰমহা । বৈঠকত মুখ্য সচিব ড৹ ৰবি কোটা, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব ড৹ কে কে দ্বিবেদীৰ উপৰি অসম চৰকাৰৰ উচ্চপদস্থ বিষয়াবৰ্গৰ লগতে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দ্বীপেন শৰ্মা আৰু সাধাৰণ সম্পাদক পংকজ বর্মন প্ৰমুখ্যে পৰিষদৰ নৱনিৰ্বাচিত সমিতিৰ সদস্যবৃন্দ উপস্থিত আছিল ।

লগতে পঢ়ক:পাম তেলৰ খেতিক নগদী শস্যৰ শ্ৰেণীকৰণ ৰাজ্যিক কেবিনেটৰ

ABOUT THE AUTHOR

...view details