গুৱাহাটী :বিহুৰ পাছত এইবাৰ চাহ জনগোষ্ঠীৰ ঝুমুৰ নৃত্যক বিশ্ব দৰবাৰত উদ্ভাসিত কৰাৰ বাবে সাজু হৈছে অসম চৰকাৰ । অসম চৰকাৰে অহা বৰ্ষৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটীত এক বৃহৎ ঝুমুৰ নৃত্য প্ৰদৰ্শনৰ পদক্ষেপ লৈছে । এই সন্দৰ্ভত দিছপুৰৰ লোক সেৱা ভৱনত শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত এই বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয় ।
বৈঠকত মুখ্যমন্ত্ৰীয়ে বিশেষজ্ঞ প্ৰশিক্ষক আৰু নৃত্য দল বাছনি, সমষ্টিভিত্তিক কৰ্মশালা অনুষ্ঠিত কৰা, অনুষ্ঠানস্থলীৰ কাম-কাজ, অনলাইন পঞ্জীয়ন আদিকে ধৰি এই সন্দৰ্ভত বৰ্তমানলৈ হোৱা অগ্ৰগতিৰ বুজ লয় । সমগ্ৰ অনুষ্ঠানটো যাতে ত্ৰুটিহীনভাৱে অনুষ্ঠিত কৰিব পৰা যায় তাৰ বাবে শিল্পীসকলৰ পৰিবহণ, থকা আৰু খোৱাৰ সুব্যৱস্থা আদিবোৰ আগতীয়াকৈ পৰিকল্পনা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা প্ৰদান কৰে ।
উল্লেখ্য যে, পূৰ্বে ঘোষণা কৰা অনুসৰি বিহুৰ পাছত ঝুমুৰ নৃত্যক বিশ্বদৰবাৰলৈ নিয়াৰ প্ৰস্তুতি চলাইছে ৰাজ্য চৰকাৰে । মহানগৰীৰ সৰুসজাইত হ’ব ঝুমুৰ নৃত্যৰ বৃহৎ অনুষ্ঠান । য’ত ঝুমুৰ নৃত্য পৰিৱেশন কৰিব ৮ সহস্ৰাধিক শিল্পীয়ে । ৰাজ্যৰ ৮০০ খন চাহ বাগিচাৰ পৰা আহিব ঝুমুৰ শিল্পীসকল ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বে ঘোষণা কৰা অনুসৰি অসমৰ ৮০০ খন চাহ বাগিচাৰ ৮ হাজাৰ নাচনীয়ে সৰুসজাইত ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিব । ঝুমুৰ নৃত্য প্ৰদৰ্শনৰ আঁৰত ৰেকৰ্ডৰ কথা নাই যদিও ৰেকৰ্ড হোৱাৰো সম্ভাৱনা আছে । ৰাজ্য চৰকাৰে ৰেকৰ্ডতকৈ সমূহীয়া প্ৰদৰ্শনত বেছি গুৰুত্ব দিছে । ইতিমধ্যে ৰাজ্যজুৰি ঝুমুৰ নৃত্যৰ প্ৰশিক্ষণ পৰ্ব আৰম্ভ হৈছে ।