গুৱাহাটী :এইবাৰ ছিংগাপুৰলৈ বিনিয়োগকাৰী বিচাৰি যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ’বলগীয়া এডভাণ্টেজ আছাম ২.০ৰ প্ৰচাৰৰ বাবে দুদিনীয়া ভ্ৰমণসূচীৰে ছিংগাপুৰলৈ যাব মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা ৷ অহা ১০ ফেব্রুৱাৰীৰ পৰা ছিংগাপুৰ ভ্ৰমণৰ কথা দেওবাৰে নিজৰ সামাজিক মাধামযোগে ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে । এডভান্টেজ আছাম ২.০ সন্মিলনৰ পূর্বে উদ্যোগপতি আৰু চৰকাৰী বিষয়াসকলৰ সৈতে আলোচনা কৰিবলৈ মুখামন্ত্রী ছিংগাপুৰত উপস্থিত হ'ব ।
ছিংগাপুৰৰ এই ভ্রমণ আগন্তুক সন্মিলনৰ অংশীদাৰ দেশখনৰ সৈতে দীর্ঘদিন ধৰি অসমৰ উন্নয়নমূলক পদক্ষেপৰ সৈতে জড়িত । ছিংগাপুৰত ড৹ শর্মাই এখন ৰোড শ্ব’তো অংশগ্রহণ কৰিব ৷ লগতে, ছেমিকণ্ডাক্টৰ, আন্তঃগাঁথনি, নির্মাণ আমি উদ্যোগৰ মুখ্য ব্যৱসায়িক নেতৃবন্দৰ সৈতে পৃথক পৃথক বৈঠকত অংশগ্রহণ কৰিব ।
তেওঁ অসমক উদীয়মান উদ্যোগসমূহৰ প্ৰাণকেন্দ্র হিচাপে গঢ়ি তোলাৰ লগতে বিশ্বৰ সমস্যাসমূহৰ উদ্ভাৱনীমূলক সমাধানৰ দিশত কাম কৰি থকা উন্নত উদ্যোগসমূহৰ জৰিয়তে অসমত বিনিয়োগৰ সম্ভাৱনাময় দিশসমূহ দাঙি ধৰিব । উল্লেখযোগ্য যে, শেহতীয়াভাৱে জানুৱাৰী মাহত মুখ্যমন্ত্ৰী গৰাকীয়ে এডভান্টেজ আছাম ২.০ৰ প্ৰচাৰেৰে বিনিযোগকাৰীৰ সন্ধানত দক্ষিণ কোৰিয়া আৰু জাপান ভ্ৰমণ কৰিছিল । দুয়োখন দেশতেই অংশগ্ৰহণ কৰিছিল ৰোড শ্ব’তো ।
আধ্যাত্মিক গুৰু সদগুৰুৰে বাৰ্তালাপ :