গোৱালপাৰা, 6 জুন :বৃহস্পতিবাৰে গোৱালপাৰাত সদ্যপ্ৰয়াত সাহসী নাৰীসত্বা, কু-সংস্কাৰ বিৰোধী যুঁজাৰু, পদ্মশ্ৰী বিৰুবালা ৰাভাৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাভাৰ পৰিয়ালক শোকসন্তপ্ত সমবেদনা জ্ঞাপন কৰে ৷
গোৱালপাৰাত মুখ্যমন্ত্ৰী (Etv Bharat Assam) বিগত লোকসভাৰ নিৰ্বাচনকেন্দ্ৰিক ব্যস্ততাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাভাৰ দেহাৱসানৰ সময়ত সোঁ-শৰীৰে উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পৰা নাছিল ৷ তাৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনী ফলাফল ঘোষণাৰ পিচত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী শৰ্মা উপস্থিত হয় প্ৰয়াত বিৰুবালা ৰাভাৰ অসম-মেঘালয় সীমান্তবর্তী ঠাকুৰবিলাৰ বাসগৃহত ৷
লগতে পঢ়ক:স্তব্ধ হৈ ৰ’ল এটি সাহসী কণ্ঠ : পদ্মশ্ৰী বিৰুবালা ৰাভাৰ দেহাৱসান - Birubala Rabha Passes Away
ৰাভাৰ পৰিয়ালৰ সৈতে হোৱা মত বিনিময়ৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ সৈতে হোৱা মুখামুখিত সাহসী নাৰীগৰাকীৰ কু-সংস্কাৰবিৰোধী পদক্ষেপৰ কথা সুঁৱৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰয়াত বিৰুবালা ৰাভাই বহু কষ্টৰে কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে আজীৱন সংগ্ৰাম আৰু নিৰ্ভীকতাৰে যুঁজ দি সমাজখনত এক নতুন চেতনা যোগোৱা বুলিও প্ৰকাশ কৰে ৷ যাৰ বাবে তেখেত চিৰস্মৰণীয় ৷
আনহাতে, "মিছন বিৰুৱালা ৰাভা" ক শক্তিশালী কৰাৰ বাবে আৰু ৰাভা-হাছং স্বায়ত্ব শাসিত পৰিষদে বিৰুৱালা ৰাভাৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি স্থাপনৰ দাবী জনোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, এই সম্পৰ্কে বৃহস্পতিবাৰৰ কেবিনেটত বিতং আলোচনা কৰাৰ লগতে ৰাজ্য চৰকাৰে নিশ্চয়কৈ সহযোগিতা আগবঢ়াব ৷
লগতে পঢ়ক:ৰাজ্যিক মৰ্যাদাৰে বিদায় পদ্মশ্ৰী বিৰুবালা ৰাভাক - Funeral Of Birubala Rabha
তদুপৰি ৰাজ্য চৰকাৰে প্ৰতিবছৰে পদ্মশ্ৰী বিৰুবালা ৰাভাৰ মৃত্যুৰ দিনটোক কু-সংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে ৷
আনহাতে, মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিচতে পেট্ৰ’ল-ডিজেলকে ধৰি ইন্ধনৰ মূল্যবৃদ্ধিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে পশ্চিমবংগতকৈ পেট্ৰ’ল-ডিজেলৰ দৰে ইন্ধনৰ মূল্য অসমত কম বুলি দায়সৰা মন্তব্য কৰে ৷ তদুপৰি তেওঁ কয় যে, সমগ্ৰ ভাৰতৰ ভিতৰতে মাত্ৰ অসমতে ইন্ধনৰ মূল্য কম ৷ গতিকে এটকা বৃদ্ধি হ’লে ইয়াক মূল্যবৃদ্ধি বুলি ক’ব নোৱাৰি বুলি মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে ৷
লগতে পঢ়ক:সমাজ সংস্কাৰক বিৰুৱালা ৰাভাৰ বাসগৃহত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল - Padmashree Birubala Rabha