কলিয়াবৰ, 21 জুন :তেজপুৰৰ পৰা কলিয়াবৰত উপস্থিত হ’ল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ বাহনৰ পৰা নামিয়েই খনন চলি থকা কলং পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তাৰ পিচত হেমপ্ৰভাৰ চাহৰ বিপণিত সোমাই প্ৰথমেই একাপ চেনী নিদিয়া চাহ দিবলৈ ক’লে । হেমপ্ৰভাৰ চাহৰ বিপণিৰ কাষৰে সভাস্থলীত বহি সমাগত ৰাইজক সম্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
পূৰ্বৰে পৰা মুখ্যমন্ত্ৰীৰ দৰ্শন লাভ কৰিবলৈ অপেক্ষা কৰি থকা পুৰুষ-মহিলা, যুৱক-যুৱতীৰে স্বভাৱসুলভ কথাৰে বাৰ্তালাপ কৰে ড৹ হিমন্ত বিশ্ব শৰ্মাই । হেমপ্ৰভা আৰু প্ৰবীণ শইকীয়াৰে কৰা বাৰ্তালাপৰ পিচত সংবাদকৰ্মীসকলক সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- ‘‘বিহুনাচৰ বিশ্ব অভিলেখ কাৰ্যসূচীত ভাগ লোৱা কলিয়াবৰৰ হেমপ্ৰভা বিশ্বাসে পোৱা মাননীৰে এখন চাহৰ দোকান খুলিছিল । সংবাদ মাধ্যমত এই বিষয়ে বাতৰি প্ৰকাশ হৈছিল । ঠিক তেনেধৰণে সেই কাৰ্যসূচীতে ঢোল বজোৱা কলিয়াবৰৰ পশুপালক প্ৰবীণ শইকীয়ায়ো পোৱা মাননীৰে এজনী গাই কিনি পূৰ্বৰ তুলনাত অধিক লাভ কৰিবলৈ সক্ষম হৈছে । "আজি হেমপ্ৰভাৰ লগতে প্ৰবীণ শইকীয়াকো দেখা কৰিবলৈ আহিছিলো । শইকীয়াই তেখেতৰ গৰুৰ গাখীৰৰ টেকেলি এটাও মোক উপহাৰ দিছে । এনেধৰণৰ স্বাৱলম্বনৰ পথ যাতে অসমৰ আন-আন যুৱক-যুৱতীসকলেও লয় তাৰে বাবে মই আহ্বান জনাইছোঁ ।’’ মুখ্যমন্ত্ৰীয়ে ক'লে ৷
লগতে পঢ়ক:ডিচেম্বৰ মাহৰ ভিতৰত নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ হ’ব শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ
আনহাতে বোৱতী কলঙক লৈ সোধা এটা প্ৰশ্নৰ ড৹ শৰ্মাই কয়, ‘‘স্থানীয় বিধায়ক কেশৱ মহন্ত আৰু পীযুষ হাজৰীকাই অক্লান্ত চেষ্টা চলাইছে যাতে কলংখন পুনৰ বোৱতী হয় ৷ যদিও এতিয়াও কিছু কাম আছে তথাপিও আজিৰ দিনটোত শ্লুইছ গেটৰ তলেদি পাৰ হৈ অহা পানী বৈ থকা কলংখন চোৱাৰ সৌভাগ্য হ’ল । অচিৰেই কোনোবা এটা দিনত আহি কলঙৰ শ্লুইছ গেট খুলি দিম, যাতে কলংখন ভালকৈ বব পাৰে ।’’
কিছুদিন গোটেই প্ৰক্ৰিয়াটো পৰ্যৱেক্ষণত ৰাখিব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘বোৱতী কলঙে সমস্যাৰ সৃষ্টি নকৰে । কিবা সমস্যা হ’লে আমি মোকাবিলা কৰিব পাৰো । বাকী সময়ছোৱাত কলঙৰ সৌন্দৰ্য যাতে উপভোগ কৰিব পাৰো । মোৰো বহুদিনীয়া এক আশা আছিল । বাজেটৰ বক্তৃতা দিওঁতে মই এই সন্দৰ্ভত বক্তব্য আগবঢ়াইছিলো আৰু সেই কথাৰে আলম লৈ কেশৱ মহন্তই কলঙক বোৱাই নিয়াৰ কাম আৰম্ভ কৰিছিল আৰু পীযুষ হাজৰীকাই সমাপ্তিৰ ফালে লৈ গৈছে । এয়া আমাৰ বাবে প্ৰাপ্তিৰ ক্ষণ বুলিব পাৰো । এদিন আহিম আৰু কলঙৰ শ্লুইছ গেট মুকলি কৰিম যাতে কলঙেদি ব্ৰহ্মপুত্ৰৰ পানী কাজলীমুখলৈকে বৈ যায় ।’’
ড৹ শৰ্মা বিত্তমন্ত্ৰী হৈ থাকোতে চিগনেচাৰ প্ৰকল্প নামৰ এটা আঁচনি আৰম্ভ কৰিছিল বুলি উল্লেখ কৰি কয় যে উক্ত আঁচনিৰ জৰিয়তে কেশৱ মহন্তই এই কামটো আৰম্ভ কৰিছিল । ৰাজ্যৰ তৃতীয় বৰ্গৰ চাকৰিৰ বাচনি পৰীক্ষাৰ বিষয়েও মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰীয়ে ৷ তেওঁ কয় যে তৃতীয় বৰ্গৰ চাকৰিৰ পৰীক্ষাৰ সকলো সাজু হৈ আছে । কিন্তু বৰ্তমানৰ বান পৰিস্থিতিৰ বাবে এই কাম স্থগিত ৰখা হৈছে । জুলাই মাহৰ পিচতেই এই পৰীক্ষা অনুষ্ঠিত কৰা ক্ষেত্ৰত চৰকাৰ আগবাঢ়িব বুলি কয় মুখ্যমন্ত্ৰীয়ে ।
লগতে পঢ়ক:গুৱাহাটীত নিৰ্মাণ হ’ব জ্যোতি-বিষ্ণু সাংস্কৃতিক প্ৰকল্প : কলাগুৰুৰ সমাধিক্ষেত্ৰলৈ ১ কোটি টকা ঘোষণা