গুৱাহাটী, ১৬ জুন :গুৱাহাটীস্থিত কৃষি বিভাগৰ কাৰ্যালয়ত নিৰ্মীয়মাণ অৱস্থাত আছে 5 হাজাৰ দৰ্শকে একেলগে বহি অনুষ্ঠান উপভোগ কৰিবপৰা এটা বিশাল প্ৰেক্ষাগৃহ ৷ সমান্তৰালকৈ শংকৰদেৱ কলাক্ষেত্ৰতো 850 গৰাকী দৰ্শকে অনুষ্ঠান উপভোগ কৰিবপৰা এটা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰি থকা হৈছে ৷
শংকৰদেৱ কলাক্ষেত্ৰৰ এই তৃতীয়টো প্ৰেক্ষাগৃহটোৰ নিৰ্মাণকাৰ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ নিৰ্মাণকাৰ্য পৰ্যবেক্ষণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আশাপ্ৰকাশ কৰে যে 2025 বৰ্ষৰ এপ্ৰিল মাহত উক্ত প্ৰেক্ষাগৃহটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’ব ৷ উল্লেখ্য যে, 49 কোটি টকা ব্যয় সাপেক্ষে প্ৰেক্ষাগৃহটো নিৰ্মাণ কৰি থকা হৈছে ৷
লগতে পঢ়ক:সৌৰশক্তিৰ নিয়ন্ত্রণত জনতা ভৱন : সেউজ শক্তিৰ দেশৰ প্ৰথমটো সচিবালয়
সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই উল্লেখ কৰে যে, গুৱাহাটী মহানগৰাকীত সম্প্ৰতি চাৰিটা উল্লেখযোগ্য প্ৰকল্পৰ কাম কৰি থকা হৈছে ৷ ইয়াৰে প্ৰথমটো হ’ল 5 হাজাৰ আসনযুক্ত প্ৰেক্ষাগৃহ, দ্বিতীয়টো হ’ল শংকৰদেৱ কলাক্ষেত্ৰৰ 850 আসনযুক্ত প্ৰেক্ষাগৃহ, তৃতীয়টো হ’ল কামৰূপ মহানগৰ জিলা আয়ুক্তৰ নতুন কাৰ্যালয়, চতুৰ্থটো হ’ল আৰক্ষী আয়ুক্তৰ কাৰ্যালয় ৷ দেওবাৰে এই সকলোকেইটা প্ৰকল্পৰ কামৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷