অসম

assam

ETV Bharat / state

মানুহে মহানায়ক বুলি ভাবি থকা বিধায়কসকলৰ চিন্তা-চৰ্চাৰ পৰিৱৰ্তন হ'ব লাগে : মুখ্যমন্ত্রী - HIMANTA BISWA SARMA

Drive Against Drugs : ড্ৰাগছ নিৰ্মূলৰ ক্ষেত্ৰত অহৰহভাৱে যুদ্ধ এখন চলাই গৈছে চৰকাৰে ৷ এই প্ৰক্ৰিয়াত সকলোৰে সহযোগিতা কাম্য যদিও ড্ৰাগছ বিৰোধী যুঁজত বিৰোধীৰ হৈ-চৈয়ে অভিযানৰ গতিক মন্থৰতা আনি দিয়ে বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷

By ETV Bharat Assamese Team

Published : Jul 26, 2024, 10:31 PM IST

ACTION AGAINST DRUGS ASSAM
ড্ৰাগছৰ অবাধ বেহা চলি থকা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)

গুৱাহাটী, 26 জুলাই : আৰক্ষীৰ ব্যাপক অভিযানৰ পাচতো ৰাজ্যজুৰি ড্ৰাগছৰ অবাধ বেহা চলি থকা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ শুকুৰবাৰে দিছপুৰৰ লোকসেৱা ভৱনত আয়োজন কৰা এখন সংবাদমেলত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়- "ড্ৰাগছ নিৰ্মূলৰ ক্ষেত্ৰত আমি অহৰহভাৱে যুদ্ধ এখন চলাই গৈছো ৷ এই প্ৰক্ৰিয়াত সকলোৰে সহযোগিতা কাম্য যদিও ড্ৰাগছ বিৰোধী যুঁজত বিৰোধীৰ হৈ-চৈয়ে অভিযানৰ গতিক মন্থৰতা আনি দিয়ে ৷" কিন্তু এই সকলোৰে উৰ্ধত অসমৰ হিতৰ বাবে সকলো ক্ষেত্ৰতে যুদ্ধকালীন ক্ষিপ্ৰতা আৰু মনোভাবেৰে কাম কৰি যাব বুলি মুখ্যমন্ত্ৰীয়ে কয় ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল (ETV Bharat Assam)

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে আগতে কেতিয়াও ড্ৰাগছৰ বিৰুদ্ধে অভিযান নচলোৱাৰ বাবে চিষ্টেমটো বহু গভীৰলৈকে শিপাই গৈছে ৷ এক গ্ৰাম হেৰ’ইন যিকোনো মানুহৰ পকেটত যাব পাৰে ৷ আগতে কেইজনমান ডিলাৰ আছিল আৰু এতিয়া তেওঁলোকে অসংখ্য ডিলাৰ নিযুক্ত কৰিছে, যাতে সৰু সৰুকৈ ড্ৰাগছবোৰ যাব পাৰে ৷ চৰকাৰে এইক্ষেত্ৰত কাম কৰি আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এইবছৰ সৰ্বাধিক ড্ৰাগছ জব্দ কৰা হৈছে ৷ এইক্ষেত্ৰত আৰু অধিক কঠোৰ অভিযান চলাব লাগে যদিও বেছি কঠোৰ হ'লে বিৰোধীয়ে বিধানসভাকে ধৰি সকলোতে হুলস্থূল কৰে বুলি মুখ্যমন্ত্ৰীয়ে কয় ৷

লগতে পঢ়ক :নিয়তিৰ পৰিহাসক আমি স্বীকাৰ কৰিব লাগিব : ৰমেন বৰুৱা সন্ধানহীন প্ৰসংগত মুখ্যমন্ত্ৰী - Ramen Baruah missing

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, চৰকাৰে পূৰ্ণগতিত যাব বিচাৰে যদিও বিৰোধীয়ে গতি ৰোধ কৰে ৷ প্ৰথম বছৰটোত কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছিল যদিও বিৰোধীয়ে আদালতৰ ওচৰলৈ গৈ প্ৰক্ৰিয়াটো লেহেম কৰি দিয়ে ৷ তেওঁলোকে আইনৰ জৰিয়তে যোৱাৰ কথা কয় আৰু আইনৰ জৰিয়তে গ'লে সময় লাগে ৷ ড্ৰাগছৰ বিৰুদ্ধে শূন্য সহনশীল নীতি হ'ব লাগে বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তেনে কৰিলে বিৰোধীয়ে এনেকুৱা কৰে যেন আমি বেয়া কামহে কৰি আছো ৷ সকলোৱে বুজিব লাগে যে ড্ৰাগছৰ বিৰুদ্ধে সংগ্ৰামখন অৰাজনৈতিক ৷ মুখ্যমন্ত্ৰীয়ে কয় যে এইক্ষেত্ৰত আৰক্ষী কঠোৰ হ'ব লাগে আৰু সকলোৱে আৰক্ষীক সহায় কৰিব লাগে ৷ নগাঁৱত 2022 চনত কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছিল ৷ যাৰ বাবে বিধানসভাত যথেষ্ট উত্তৰ দিব লগা হৈছিল ৷ মুখ্যমন্ত্ৰীয়ে কটাক্ষ কৰি কয় যে মানুহে মহানায়ক বুলি ভাবি থকা বিধায়কসকলৰ চিন্তা-চৰ্চাৰ পৰিৱৰ্তন হ'ব লাগে ৷

লগতে পঢ়ক :থলুৱাৰ নিযুক্তি সুনিশ্চিত কৰিবলৈ প্ৰস্তুত কৰা হ'ব ড'মিচাইল নীতি : মুখ্যমন্ত্ৰী - CM Himanta Biswa Sarma

ABOUT THE AUTHOR

...view details