গুৱাহাটী:ৰাজ্যত পঞ্চায়ত নিৰ্বাচন কেতিয়া হ'ব তাকলৈ জল্পনা-কল্পনা চলি থকাৰ মাজতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে এই প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে । দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে কেবিনেটৰ সিদ্ধান্তসমূহ ব্যক্ত কৰাৰ লগতে পঞ্চায়ত নিৰ্বাচনৰ প্ৰসংগতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।
পঞ্চায়ত নিৰ্বাচনৰ প্ৰসংগত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয়, "পঞ্চায়ত নিৰ্বাচনকলৈ এটা সমস্যা আহিছে । পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছত অনুষ্ঠিত কৰিবলৈ এমাহ সময় লাগে । উচ্চ ন্যায়ালয়ে আজি ৰায়দান দিব বুলি আমি অপেক্ষা কৰি আছিলো । সাধাৰণতে চৰকাৰ সমূহে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব নিবিচাৰে । বিশেষকৈ বিধানসভা নিৰ্বাচনৰ আগে আগে কোনো চৰকাৰে পঞ্চায়ত পাতিব নোখোজে ।"
তেওঁ আৰু কয়, "আমি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে উদগ্ৰীৱ হৈ বহি আছো । কিন্তু এই পৰ্যন্ত ৰায়দান অহা নাই । আজি নিশা ১২ বজালৈ ৰায়দান নাপালে আমি পঞ্চায়ত নিৰ্বাচনটো মেট্ৰিক নাইবা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ পাছলৈকে লৈ যাব লাগিব । কাৰণ ১৪ ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা আৰম্ভ হ'ব । গতিকে দিন ঘোষণা কৰিলে এমাহ সময় লাগে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ।"