গুৱাহাটী, 26 জুলাই : আজিও সন্ধান ওলোৱা নাই বিশিষ্ট শিল্পী ৰমেন বৰুৱাৰ ৷ সোমবাৰৰ পৰা নিৰুদ্দেশ হৈ থকা শিল্পীগৰাকীৰ সন্ধানত ধাৰাবাহিকভাৱে চলিছে অভিযান ৷ কিন্তু তথাপিও শিল্পীগৰাকীৰ কোনো শুংসূত্ৰ ওলোৱা নাই ৷ আজি শিল্পীগৰাকী নিৰুদ্দেশ হৈ থকা ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ দিছপুৰৰ লোকসেৱা ভৱনত আয়োজন কৰা এখন সংবাদমেলত এই সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷
মুখ্যমন্ত্ৰীয়ে কয় যে কোনোবা যদি নদীৰ কাষলৈ গৈ উভতি অহাৰ প্ৰমাণ নাই তেন্তে নিয়তিৰ কথা আমি মানি ল'ব লাগিব ৷ আৰক্ষী আয়ুক্তই জনোৱা মতে ৰমেন বৰুৱা ব্ৰহ্মপুত্ৰ নদীলৈ যোৱাৰ প্ৰমাণ আছে যদিও উভতি অহাৰ প্ৰমাণ নাই ৷ কোনোবা যদি নদীলৈ যায় আৰু ঘূৰি নাহে তেন্তে ইয়াক সকলোৱে নিয়তিৰ পৰিহাস বুলি মানি লোৱা উচিত ৷ নদীত পানী ওফন্দি আছে আৰু কোনোবা যদি নদীলৈকে যায় আৰু উভতি নাহে তেন্তে ইয়াত আৰু বেছি আগবাঢ়ি যোৱাৰ প্ৰশ্ন নাথাকে ৷ নিয়তিৰ পৰিহাসক আমি স্বীকাৰ কৰিব লাগে বুলি মুখ্যমন্ত্ৰীয়ে কয় ৷