অসম

assam

ETV Bharat / state

মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ! ৰাজ্যপালক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ - CM HIMANTA BISWA SARMA

ৰাজ্যপালক সাক্ষাতৰ লগে লগে হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভা সম্প্ৰসাৰণৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷

Assam CM meet Governor
ৰাজ্যপালক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ (@XHimantaBiswaSarma)

By ETV Bharat Assamese Team

Published : Nov 25, 2024, 3:53 PM IST

গুৱাহাটী :সোমবাৰে পুৱাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দেখা গ’ল খাৰঘুলিৰ ৰাজভৱনত ৷ মুখ্যমন্ত্ৰীয়ে ৰাজভৱনলৈ গৈ ৰাজ্যৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰে । ইফালে মুখ্যমন্ত্ৰীয়ে ৰাজ্যপালক সাক্ষাতৰ লগে লগে হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভা সম্প্ৰসাৰণৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷

ৰাজ্যপালক সাক্ষাৎ কৰি সামাজিক মাধ্যম X-ত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে, “আজি পুৱা ৰাজভৱনত মাননীয় ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়াক সাক্ষাৎ কৰি বিভিন্ন উন্নয়নমূলক পদক্ষেপৰ বিষয়ে অৱগত কৰোঁ ।”

কিন্তু মুখ্যমন্ত্ৰীয়ে উন্নয়নমূলক কাম-কাজৰ খতিয়ান প্ৰসংগত ৰাজ্যপালক সাক্ষাৎ কৰা বুলি ক’লেও মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱাৰ সম্ভাৱনা এই সাক্ষাতে প্ৰায় স্পষ্ট কৰিছে ৷ কিয়নো মাত্ৰ তিনিদিন পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰিছিল, “মন্ত্রীসভাৰ সম্প্ৰসাৰণ বুলি বিশেষ একো নাই । বৰাক উপত্যকাৰ এজন প্রতিনিধি ল'ব লাগে, কথা ইমানেই।"

তাৰ পিছতেই মুখ্যমন্ত্ৰীয়ে সোমবাৰে ৰাজ্যপালক সাক্ষাৎ কৰে । সেয়ে ধাৰণা কৰা হৈছে যে মন্ত্ৰীসভাৰ ক্ষুদ্ৰ সম্প্ৰসাৰণ প্ৰসংগতে ৰাজ্যপালক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ ।

উল্লেখ্য, হিমন্ত বিশ্ব শৰ্মা মন্ত্রীসভাত ১৫ গৰাকী মন্ত্ৰী আছে ৷ ইয়াৰ বিপৰীতে খালী হৈ আছে ৪টাকৈ মন্ত্রীপদ । এই চাৰি মন্ত্ৰীৰ পদৰ দৌৰত চৰ্চাত আছিল প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতা, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, উপাধ্যক্ষ ডাঃ নোমল মমিন, থাওৰাৰ বিধায়ক সুশান্ত বুঢ়াগোঁহাই, পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালকে ধৰি ভালেকেইজনৰ নাম ৷

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে বৰাক উপত্যকাৰ এজনকে তেওঁৰ মন্ত্রীসভাত অন্তর্ভুক্ত কৰিব বুলি কৰা মন্তব্যই স্পষ্ট কৰে যে কৃষ্ণেন্দু পালৰ অন্তৰ্ভুক্তিৰ বাদে আন একো ৰদ-বদল নকৰে মুখ্যমন্ত্ৰীয়ে ।

উল্লেখ্য যে পৰিমল শুক্লবৈদ্য সংসদলৈ যোৱাৰ বাবে হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত বৰ্তমান বৰাকৰ কোনো প্ৰতিনিধি নাই । সেয়ে মুখ্যমন্ত্ৰীয়ে বৰাকৰ এজনক মন্ত্রীসভাত অন্তর্ভুক্তিৰ কথা কৈছে । যদি সেয়া হয়, তেনেহ’লে কপাল ফুলিব একমাত্ৰ কৃষ্ণেন্দু পালৰহে ৷

লগতে পঢ়ক :এডভাণ্টেজ আছাম ২.O : ঝুমুৰ নৃত্যই পাব বিশেষ স্থান
লগতে পঢ়ক :পঞ্চায়ত নিৰ্বাচনৰ পাচতে আৰম্ভ হ’ব এডভাণ্টেজ আছাম- 2.O

ABOUT THE AUTHOR

...view details