অসম

assam

ETV Bharat / state

চিকিৎসালয়ত বিধায়ক অখিল গগৈৰ স্বাস্থ্যৰ বুজ ল'লে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই - Himanta Biswa Sarma - HIMANTA BISWA SARMA

Akhil Gogoi under treatment : চিকিৎসালয়ত বিধায়ক অখিল গগৈৰ স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ শাৰীৰিক অসুস্থতাৰ বাবে ২৮ আগষ্টত জি এম চি এইচত ভৰ্তি হৈছিল বিধায়কগৰাকী ৷

Akhil Gogoi under treatment
অখিল গগৈৰ স্বাস্থ্যৰ বুজ ল'লে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Sep 1, 2024, 10:39 PM IST

গুৱাহাটী, ১ ছেপ্টেম্বৰ :গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ স্বাস্থ্যৰ বুজ ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সদ্যসমাপ্ত বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ মাজতে অসুস্থ হৈ পৰিছিল বিধায়কগৰাকী । শাৰীৰিক অসুস্থতাৰ বাবে ২৮ আগষ্টত জি এম চি এইচত ভৰ্তি হৈছিল ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ।

অখিল গগৈৰ স্বাস্থ্যৰ বুজ ল'লে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই (ETV Bharat Assam)

দেওবাৰে নিশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জি এম চি এইচত উপস্থিত হৈ বিধায়ক অখিল গগৈক সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লয় । মুখ্যমন্ত্ৰীয়ে অখিল গগৈৰ চিকিৎসা কৰি থকা বিশেষজ্ঞ চিকিৎসকৰে বাৰ্তালাপ কৰি অখিল গগৈৰ ৰোগ সম্পৰ্কে অৱগত হয় । উল্লেখ্য যে বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ প্ৰথম দুদিন অখিল গগৈয়ে সদনত উপস্থিত হৈছিল যদিও শাৰীৰিক অসুস্থতাৰ বাবে বাকী তিনিদিন উপস্থিত নাছিল ।

জি এম চি এইচত চিকিৎসাধীন হৈ থকা বিধায়ক অখিল গগৈৰ স্বাস্থ্য সন্দৰ্ভত ৰাইজৰ দলৰ সাধাৰণ সম্পাদক অলক নাথে সদৰী কৰা মতে ২৭ আগষ্টৰ নিশা প্ৰায় ১২.৩০ বজাত অখিল গগৈ হঠাৎ এক জটিল ৰোগত আক্ৰান্ত হৈ পৰিছিল । পিচদিনা পুৱা জি এম চি এইচলৈ আহি অখিল গগৈয়ে প্ৰাথমিক চিকিৎসা কৰোৱাইছিল । বিশেষজ্ঞ চিকিৎসকসকলে বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ অন্তত অখিল গগৈ বিভিন্ন কথাত তেওঁ মানসিক চাপ লোৱাৰ বাবে এই ৰোগত আক্ৰান্ত হোৱা বুলি সদৰী কৰিছিল ৷ এইটো এটা চিজাৰ এটেক্ট জাতীয় ৰোগ বুলি চিকিৎসকে জনাইছিল । মূলতঃ নিদ্ৰাহীনতা, ভালদৰে খোৱা-বোৱা নকৰা, অনিয়মীয়া জীৱনশৈলী আৰু অত্যাধিক মানসিক চাপ লোৱা আদি কাৰণত এই ৰোগে দেখা দিয়ে ।

উল্লেখ্য যে বিধানসভাত সততে সৰ্বাধিক সৰৱ ভূমিকা পালন কৰা অখিল গগৈয়ে বিধানসভাৰ সদ্যসমাপ্ত শৰৎকালীন অধিৱেশনতো বিভিন্ন বিষয়ত সৰৱ হোৱা দেখা গৈছিল । আনকি অধিৱেশনৰ দ্বিতীয় দিনা অখিল গগৈক তিনিবাৰকৈ সদনৰ পৰা নিলম্বন কৰা হৈছিল । লক্ষ্যণীয় বিষয় যে ৰাজ্যখনৰ শেহতীয়া বিভিন্ন পৰিস্থিতিক লৈ অখিল গগৈ যথেষ্ট উদ্বিগ্ন হৈ আছিল । যিটো তেওঁৰ বক্তব্যত প্ৰকাশ পাইছিল ।

লগতে পঢ়ক :ইউৰিয়া ব্যৱহাৰ কৰা মাছৰ বাবে বৃদ্ধি পাইছে বৃক্কৰ ৰোগ : মুখ্যমন্ত্রী

সস্তীয়া জনপ্ৰিয়তা বিচাৰি মুছলমানক লক্ষ্য কৰি লৈছে হিমন্ত বিশ্ব শৰ্মাই : তেজস্বী যাদৱ

ABOUT THE AUTHOR

...view details