অসম

assam

ADRE পৰীক্ষাৰ অ' এম আৰ শ্বীট কিদৰে লাভ কৰিব ? - Assam CM Himanta Biswa Sarma

By ETV Bharat Assamese Team

Published : 4 hours ago

Assam CM FB Live : সামাজিক মাধ্যমযোগে বহু কেইটা বিষয় উত্থাপন কৰিলে মুখ্যমন্ত্রীয়ে । সমালোচনা কৰিলে কংগ্ৰেছক । লক্ষ্য কৰি ল'লে একাংশ সংবাদ মাধ্যমক । ADRE ৰ পৰীক্ষাত ফটো লগোৱা অ' এম আৰ শ্বীট ব্যৱহাৰ নকৰিবলৈ ছেবাক পৰামৰ্শ মুখ্যমন্ত্রীৰ । মহিলাক মহিলাই তালাচী চলোৱাত কোনো বাধা নাই । মহিলাৰ তালাচীৰ সময়ত থাকিব আশাকৰ্মী নাইবা অংগনবাড়ী কৰ্মী ।

CM Himanta Biswa Sarma made some important announcements through social media
মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভ (ETV Bharat Assam)

গুৱাহাটী, ২২ ছেপ্টেম্বৰ :শনিবাৰে নিশা সামাজিক মাধ্যমযোগে ADRE ৰ পৰীক্ষাকে ধৰি কেইবাটাও বিষয়ত প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "চৰকাৰখনে স্বচ্ছ আৰু নিকা নিযুক্তিত বিশ্বাস কৰে । যাৰ বাবে যোৱা পৰীক্ষাত আমি ইণ্টাৰনেট সেৱা বন্ধ কৰিছিলো । কংগ্ৰেছ দলে মোক সমালোচনা কৰিলে । কিন্তু ঝাৰখণ্ডত কংগ্ৰেছ দলৰ চৰকাৰে এনে পৰীক্ষাৰ বাবে ইণ্টাৰনেট বন্ধ কৰিবলৈ সিদ্ধান্ত লয় । অৰ্থাৎ কংগ্ৰেছৰ অসমত এটা বেলেগ ৰূপ আৰু ঝাৰখণ্ডত এটা বেলেগ ৰূপ ।"

তেওঁ লগতে কয়, "স্বচ্ছ পৰীক্ষা অনুষ্ঠিত কৰাটো আমাৰ দায়িত্ব । বছৰৰ এটা দিনত দুই-তিনি ঘণ্টাৰ বাবে ইণ্টাৰনেট বন্ধ ৰাখি ১১ লাখ প্ৰাৰ্থীক যদি বিশ্বাস দিব পাৰো যে সমাজে আপোনালোকৰ বাবে চিন্তা কৰে । সমাজে এটা স্বচ্ছ পৰীক্ষাত বিশ্বাস কৰে । মই কংগ্ৰেছ দলক আহ্বান জনাম যে ঝাৰখণ্ডত কংগ্ৰেছ দলে লোৱা সিদ্ধান্তটোক আপোনালোকে অসমত বিৰোধিতা নকৰিব । ৰাজ্য বিশেষে বেলেগ বেলেগ ৰূপ লোৱাটো ভাল কথা নহয় ।"

অ' এম আৰ শ্বীট বিচাৰি কৰিব পাৰিব আবেদন :

এ ডি আৰ ই পৰীক্ষা সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, "আজি মই স্বচ্ছতাক আৰু এখোজ আগুৱাই লৈ যাব বিচাৰিছো । ADRE ৰ তৃতীয় বৰ্গৰ পৰীক্ষা সমাপ্ত হ'ল । এতিয়া এটা নতুন কথা ক'ব খুজিছো । ২৭ ছেপ্টেম্বৰত আপোনালোকে 'ছেবা'ক আবেদন কৰিব পাৰিব মাত্র ৫০ টকা দি । আপোনালোকে লিখা অ' এম আৰ শ্বীটখনৰ এটা ফটো ক'পি লাগে বুলি আপোনালোকে আবেদন কৰিব পাৰিব । অৰ্থাৎ লিখি থৈ অহা অ' এম আৰ শ্বীটখনৰ বাবে ২৭ ছেপ্টেম্বৰৰ পৰা আবেদন কৰিব পাৰিব । ইয়াৰ বাবে ছেবাই বিজ্ঞাপন দিব । ঘৰত লৈ আহি অ' এম আৰ শ্বীটখন পৰীক্ষা কৰিব পাৰিব যে শুদ্ধ উত্তৰ দি আহিলো নে নাই ।"

মুখ্যমন্ত্ৰী শৰ্মাই কয়, "২৮ ছেপ্টেম্বৰত আমি প্ৰতিটো প্ৰশ্নৰ শুদ্ধ উত্তৰটো ছেবাৰ ৱেবচাইটত প্ৰকাশ কৰা হ'ব । ঘৰত বহি নিজে পোৱা নম্বৰ উলিয়াব পাৰিব । ভাৰতৰ ক'তো আগতে এনেকুৱা সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাছিল । আমি স্বচ্ছতাৰ দিশত আৰু এখোজ আগুৱাই যাব বিচাৰিছো । এনচাৰ কি চোৱাৰ পিচত উত্তৰকলৈ কিবা সন্দেহ হ'লে তাৰ বাবেও ৫০০ টকা দি ছেবাৰ ওচৰত আবেদন কৰিব পাৰিব । ছেবাক আবেদন কৰি ক'ব পাৰিব যে আপোনালোকে প্ৰস্তুত কৰা উত্তৰটো ভুল হৈছে । শুদ্ধ উত্তৰটো জনাই দিব পাৰিব । ছেবাৰ ভুলটো শুধৰাই দিলে লগে লগে সেই ৫০০ টকা ওভতাই পাব ।"

ইয়াৰোপৰি তেওঁ কয়, "৫০০ টকা এই কাৰণেই লোৱা হৈছে যে নহ'লে সকলোৱে এনচাৰ কি ভুল বুলি ছেবাক হাৰাশান্তি কৰাৰ ৰাস্তাও ল'ব পাৰে । যাতে হাৰাশাস্তিৰ ৰাস্তা কোনেও নলয় তাৰ বাবে ৫০০ টকা লোৱা হ'ব । পৰামৰ্শ শুদ্ধ হ'লে ৫০০ টকাটো ওভতাই দিয়া হ'ব ।"

অ' এম আৰ শ্বীটৰ ফটো প্ৰসংগ :

অ' এম আৰ শ্বীটত ফটো দিয়াকলৈ প্ৰশ্ন উত্থাপন হোৱাৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "আজিকালি প্ৰায় সকলো ৰাজ্যতে হোৱা পৰীক্ষাত এনেদৰে ফটো দিয়া হয় । যাতে এজন পৰীক্ষাৰ্থীৰ নামত আন এজন পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব নোৱাৰে । আজি মই ছেবাৰ বিষয়াসকলৰ লগত কথা পাতিছিলো । তৃতীয় শ্ৰেণীৰ অ' এম আৰ শ্বীট ইতিমধ্যে বনোৱা হৈ গ'ল । আপোনালোকৰ মনোভাৱক বিশেষকৈ বহুতে কৈছিল যে আমাৰ পৰিচয়টো ৰিভিল হ'ব পাৰে । সেয়ে ভৱিষ্যতৰ এ ডি আৰ ইৰ পৰীক্ষাত ফটো লগোৱা অ' এম আৰ শ্বীট ব্যৱহাৰ নকৰিবলৈ মই ছেবাক পৰামৰ্শ দিছো । তেওঁলোকে ২৯ তাৰিখৰ পৰীক্ষাত সেয়া সম্ভৱ নহ'ব বুলি কৈছে । কিন্তু অক্টোবৰত যি পৰীক্ষা হ'ব তাত অ' এম আৰ শ্বীটত ফটো নাথাকিব । কোনোবাই ইতিবাচক পৰামৰ্শ দিলে তাক গ্ৰহণ কৰাৰ সততা আৰু সাহস এইখন চৰকাৰৰ আছে । মুখ্যমন্ত্রী বা চৰকাৰ ৰাইজৰ ওপৰত নহয় তলত ।"

পৰীক্ষা কেন্দ্ৰত প্ৰাৰ্থীৰ তালাচী প্ৰসংগ :

প্ৰাৰ্থীৰ তালাচী সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, "নলবাৰীত এটা সমস্যা দেখা গৈছিল । আমি এই কেইদিন নেচনেল উইমেন কমিচন, মহিলা আয়োগ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন পৰীক্ষাৰ ব্যৱস্থা সন্দৰ্ভত আলাপ-আলোচনা কৰিছিলো । সকলোৱে এটাই উত্তৰ দিছে যে মহিলাই মহিলাৰ আৰু পুৰুষে পুৰুষৰ শৰীৰত তালাচী চলোৱাত আপত্তিৰ কোনো থল নাথাকে । আমি এই সন্দৰ্ভত পৰ্যালোচনা কৰি এইটো সিদ্ধান্তত উপনীত হ'লো যে মহিলাই মহিলাক কৰা তালাচীত কোনো বাধা থাকিব নোৱাৰে । বিনা তালাচী অবিহনে বিমানত উঠিব নোৱাৰে । আপত্তি থাকিলে আপুনি বিমানত উঠিব নোৱাৰে । কিন্তু বিমানত যাবলৈ হ'লে তালাচীৰ সন্মুখীন হ'ব লাগিব ।"

তেওঁ কয়, "ঠিক সেইদৰে আমি পৰীক্ষা কেন্দ্ৰৰ বাহিৰত একে লিংগৰ মানুহৰ দ্বাৰা পৰীক্ষা আমি কৰিব লাগিব । পৰীক্ষা কৰোতে সন্মতি লোৱা হ'ব, সম্পূৰ্ণ সৌজন্যতা প্ৰকাশ কৰা হ'ব । এইবাৰ অতিৰিক্তভাৱে মহিলাৰ তালাচীৰ সময়ত আশাকৰ্মী নাইবা অংগনবাড়ী কৰ্মী উপস্থিত থাকিব । ২৯ ছেপ্টেম্বৰত তৃতীয় বৰ্গৰ আৰু দুটা পৰীক্ষা অনুষ্ঠিত হ'ব ।"

সংবাদ মাধ্যমক উদ্দেশ্যি কি ক'লে মুখ্যমন্ত্রীয়ে :

একাংশ সংবাদ মাধ্যমক লক্ষ্য কৰি মুখ্যমন্ত্রীয়ে কয়, "অসমত এচাম সংবাদ মাধ্যম আছে তেওঁলোকে পৰীক্ষাটোত ক'ত ভুল আছে তাক উলিয়াবৰ বাবে একপ্ৰকাৰ গৱেষণা আৰম্ভ কৰে । সিদিনাখনো প্ৰশ্নকাকত ফাদিল হৈ গ'ল বুলি অযথা হুলস্থুল কৰিলে । ১১ লাখে পৰীক্ষা দিছে। প্ৰশ্নকাকত ফাদিল হোৱা বুলি কোনোবাই নিশা আত্মহত্যা কৰিলে সংবাদ মাধ্যমটোৱে দায়িত্ব ল'লেহেতেন জানোঁ । অসমৰ একাংশ সংবাদ মাধ্যমৰ লগত কিবা কাৰণত মোৰ আইডিঅ'লজী নিমিলে ।"

লগতে তেওঁ কয়, "ৰাজনীতি কৰা দিনৰ পৰাই তেওঁলোকৰে যুঁজ দি আহিছো । তেওঁলোকে কেতিয়াবা মোৰ পৰিবাৰ, ল'ৰা, ছোৱালীক আক্ৰমণ কৰে । মই ইয়াক আশীৰ্বাদ হিচাপে লও । মই একাংশ সংবাদ মাধ্যমক কৈছো যে আপোনালোকৰ শত্ৰু হিমন্ত বিশ্ব শৰ্মা । আপোনালোকে মোৰ লগত যুঁজক, অসমৰ নৱপ্ৰজন্মৰ আশা-আকাংক্ষাক ধূলিসাৎ কৰাৰ চেষ্টা নকৰিব । যোগ্যতাৰ ভিত্তিত টেটত চাকৰি দিয়াৰ বাবে সেই সময়ৰ মুখ্যমন্ত্রীৰ সৈতে মই যুঁজিবলগীয়া হৈছিল । দিল্লীৰ পৰা মাদানী পৰিয়ালৰ সৈতে যুঁজিবলগীয়া হৈছিল । সৌ দিনালৈকে এ ডি আৰ ই পৰীক্ষাতো যুঁজিবলগীয়া হৈছে ।"

বিজেপিৰ সদস্যভৰ্তি অভিযান:

বিজেপিৰ সদস্যভৰ্তি অভিযান সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, "২০১৯ চনত বিজেপিৰ সদস্যতা গ্ৰহণ কৰা লোকৰ সংখ্যা আছিল ১৮ লাখ । আজিৰ দিনটোত সদস্যতা ভৰ্তি অভিযানে ৩৫ লাখৰ সংখ্যা পাৰ কৰিলে । সকলোকে আদৰণি জনাইছো । এই সদস্যভৰ্তি অভিযান ২৫ তাৰিখলৈ চলি থাকিব । যিসকলে সদস্যতা গ্ৰহণ কৰা নাই তেওঁলোকেও যাতে গ্ৰহণ কৰে তাৰ বাবে আহ্বান জনাইছো ।"

নিযুত মইনা আঁচনি :

মুখ্যমন্ত্রীয়ে লগতে কয়, "অহা ৩ নবেম্বৰৰ পৰা আৰু ৭৫ হাজাৰ হিতাধিকাৰী নিৰ্বাচনৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম । নিযুত মইনা আঁচনিৰ ধন ৬ অক্টোবৰত দিয়া আৰম্ভ কৰা হ'ব । ইয়াৰ পিচত প্ৰতি মাহৰ ১০ তাৰিখে আঁচনিখনৰ ধন একাউণ্টত সোমাব ।"

ঢেকিয়াজুলিৰ ভ্ৰমণ :

ঢেকীয়াজুলি ভ্ৰমণ সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, "১৯৪২ চনৰ ২০ ছেপ্টেম্বৰত বৃটিছৰ গুলীত কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিয়ে চৰম আত্মত্যাগ কৰিছিল দেশমাতৃৰ বাবে । ঢেকীয়াজুলিত ১১ গৰাকী শ্বহীদ হৈছিল । জ্যোতিপ্ৰসাদ আগৰৱালাই সেই সংখ্যা ২৪ গৰাকী বুলি ধাৰণা কৰিছিল । বৃটিছৰ কাগজ-পত্রত ১৩ গৰাকী বুলি কোৱা হৈছিল । দুজন লোকৰ পৰিচয় পোৱা সম্ভৱ নহ'লগৈ । আজি ঢেকীয়াজুলিত সেই ১১ গৰাকী শ্বহীদৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ল । ১১ কোটি টকাৰ এটা প্ৰকল্প আজি উদ্বোধন কৰাৰ আমাৰ সৌভাগ্য হ'ল ।"

শিক্ষানুষ্ঠানৰ প্ৰসংগ :

এই প্ৰসংগত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয়, "অসমত আঠ কোটি টকাকৈ খৰচ কৰি আমি ৫০০ খন অসমীয়া মাধ্যমৰ বিদ্যালয় জাকত-জিলিকাকৈ নিৰ্মাণ কৰাৰ ব্যৱস্থা আমি হাতত লৈছো । প্ৰতিটো সমষ্টিতে এনে মহান কৰ্মযজ্ঞ আৰম্ভ হৈছে ।"

লগতে পঢ়ক:ADRE ৰ কাকত ফাদিলক লৈ মুখ্যমন্ত্ৰীৰ ভাষ্য; পৰীক্ষাৰ পাছত প্ৰশ্ন কাকতৰ মূল্য বিয়াৰ পিছৰ পেণ্ডেলৰ দৰে - ADRE Question Paper Leak

অৰুণোদয় ৩.০ : লোকসেৱা ভৱনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল - CM Himanta Biswa Sarma

দুটা বিশেষ প্ৰকল্পৰ অনুমোদনৰ অপেক্ষাত আছে মুখ্যমন্ত্ৰী : ক'লে সামাজিক মাধ্যমত - Assam CM Himanta Biswa Sarma

ABOUT THE AUTHOR

...view details