অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ৰ এলেন কেৰিয়াৰ ইন্সটিটিউটৰ অভিনন্দন অনুষ্ঠানত অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ - Dibrugarh allen career institute - DIBRUGARH ALLEN CAREER INSTITUTE

Dibrugarh allen career institute : ডিব্ৰুগড়ৰ এলেন কেৰিয়াৰ ইন্সটিটিউটৰ অভিনন্দন অনুষ্ঠানত অংশগ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰীয়ে IIT আৰু NEET ত স্থান পোৱা কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায় ৷

cm himanta biswa sarma felicitates allen dibrugarh students who secured seat in prestigious fields
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jun 15, 2024, 2:27 PM IST

মৰাণ, 15 জুন : লোকসভা নিৰ্বাচনৰ পাচত দুদিনীয়া কাৰ্যসূচীৰে শুকুৰবাৰে ডিব্ৰুগড়ত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । শুকুৰবাৰে নামৰূপৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰা পাচতেই ডিব্ৰুগড়ৰ এলেন ইন্সটিটিউটত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । ৰাজ্যিক যুৱ আয়োগৰ সহযোগত ডিব্ৰুগড়ত আৰম্ভ হোৱা এলেন কেৰিয়াৰ ইন্সটিটিউটত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে শিক্ষানুষ্ঠানখনত অধ্যয়ন কৰি IIT আৰু NEET ত স্থান পোৱা আঠ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক বিশেষভাৱে সম্বৰ্ধনা জনায় ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য (ETV Bharat Assam)

এই এলেন কেৰিয়াৰ ইন্সটিটিউটৰ পৰা এইমছত স্থান পোৱা ৩ জনক, ৪ গৰাকী IIT ত স্থান পোৱা আৰু এগৰাকীয়ে B.Arch ত সৰ্বভাৰতীয় পৰ্যায়ত ১৪৮ নং স্থান লাভ কৰাত মুখ্যমন্ত্ৰীয়ে সম্বৰ্ধনা জনায় । লগতে এলেন কেৰিয়াৰ ইন্সটিটিউটৰ বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰীয়ে ।

অনুষ্ঠানৰ শেষত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে যোৱা পাঁচ বছৰে অসমৰ বিভিন্ন ঠাইত আজমল ফাউণ্ডেশ্যনে মেডিকেল আৰু ইঞ্জিনীয়াৰিঙৰ বাবে ক’চিঙৰ ব্যৱস্থা কৰিছে । যাৰ সুবিধা লৈ বহুতে মেডিকেল আৰু ইঞ্জিনীয়াৰিঙত আসনো পাইছে ৷ কিন্তু আজমল ফাউণ্ডেশ্যনৰ শিক্ষা ব্যৱস্থা সাৰ্বজনীন নাছিল বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ।

তেওঁ লগতে কয় যে সকলোৰে বাবে সুবিধাজনক হোৱাকৈ ৰাজ্যিক যুৱ আয়োগৰ সহযোগত এই এলেন কেৰিয়াৰ ইন্সটিটিউট আৰম্ভ কৰা হৈছে । যুৱ আয়োগৰ সহযোগত এলেনৰ দৰে শিক্ষানুষ্ঠানক অগ্ৰাধিকাৰ দিয়া হয় যাতে সকলো সম্প্ৰদায়ৰ শিক্ষাৰ্থীয়ে সমানে সুযোগ লাভ কৰিব পাৰে । কম খৰচত এই এলেন কেৰিয়াৰ ইন্সটিটিউটৰ ছাত্ৰ-ছাত্ৰীয়ে পঢ়াৰ সুবিধা লাভ কৰাৰ লগতে দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীয়ে বিনামূলীয়াকৈ পঢ়াৰ সুবিধা পাব বুলিও উল্লেখ কৰে তেওঁ ।

ডিব্ৰুগড়ৰ এলেন কেৰিয়াৰ ইন্সটিটিউটৰ সফলতাৰ পাচতে তেজপুৰত ক’চিং আৰম্ভ হৈছে লগতে নলবাৰী, শিলচৰ আদি ঠাইতো ৰাজ্যিক যুৱ আয়োগৰ সহযোগত এনে শিক্ষানুষ্ঠানৰ সংখ্যা সম্প্ৰসাৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

লগতে পঢ়ক :লোকসভা নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি মতেই প্ৰদান কৰা হ’ব সকলো আঁচনি: মুখ্যমন্ত্ৰীৰ আশ্বাস - ASSAM GOVT SCHEMES

ABOUT THE AUTHOR

...view details