অসম

assam

ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ তৰিব অসম আৰক্ষীয়ে, ডিজিপিক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 4:56 PM IST

Assam CM to Case Against Rahul Gandhi : "এইবোৰ অসমীয়া সংস্কৃতিৰ অংশ নহয় । আমি এখন শান্তিপূৰ্ণ ৰাজ্য । এনে 'নক্সালবাদী কৌশল' আমাৰ সংস্কৃতিৰ বাবে অপৰিচিত । মই অসম আৰক্ষীৰ ডিজিপিক আপোনালোকৰ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছো ।" মুখ্যমন্ত্ৰীয়ে এক্স পোষ্টত লিখিছে ।

ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ তৰিব অসম আৰক্ষীয়ে
ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ তৰিব অসম আৰক্ষীয়ে

গুৱাহাটী, ২৩ জানুৱাৰী : কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব অসম আৰক্ষীয়ে ৷ অসমত ভাৰত জোড়ো ন্যায় যাত্ৰাত পদে পদে বাধাৰ সন্মুখীন হোৱা ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৷ ইতিমধ্যেই তাৰ বাবে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানক ।

সামাজিক মাধ্যম এক্সযোগে এই কথা সদৰী কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ৰাহুল গান্ধীৰ বিৰুদ্ধে আৰক্ষীক আক্ৰমণ কৰিবলৈ উচটনি যোগোৱাৰ অভিযোগ মুখ্যমন্ত্ৰীৰ ৷ উল্লেখ্য যে মঙলবাৰে ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ মেঘালয়ৰ পৰা আহি গুৱাহাটীত প্ৰৱেশ কৰাৰ সময়তে খানাপাৰাত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ।

পূৰ্বে লোৱা সিদ্ধান্ত অনুসৰিয়েই গুৱাহাটীত প্ৰৱেশত বাধা দিছিল গুৱাহাটী আৰক্ষীয়ে ৷ তাৰ পিছতো খানাপাৰাত আৰক্ষীৰ বেৰিকেড ভাঙি আগবাঢ়ি গৈছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভৃপেন বৰাকে ধৰি কংগ্ৰেছৰ একাংশ নেতা-কৰ্মী ৷ কিন্তু আৰক্ষীৰ বেৰিকেড ভঙাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ বেৰিকেড ভঙা কংগ্ৰেছ নেতা-কৰ্মীৰ ওপৰত লাঠিচালনা কৰে আৰক্ষীয়ে ৷ আহত হয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকে ধৰি কেইবাগৰাকীও নেতা-কৰ্মী । আহত হয় একাধিক আৰক্ষী জোৱানো ৷

এই ঘটনাৰ পিছতে মুখ্যমন্ত্ৰী আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৰাহুল গান্ধী, জিতেন্দ্ৰ সিঙকে ধৰি কংগ্ৰেছ নেতৃত্ব ৷ আনহাতে, ঘটনাটোৰ কিছু সময়ৰ পিছতেই সামাজিক মাধ্যমত কেইবাটাও পোষ্টৰ জৰিয়তে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । খানাপাৰাৰ উত্তপ্ত পৰিস্থিতিৰ বাবে হিমন্ত বিশ্ব শৰ্মাই পোনপটীয়াভাৱে জগৰীয়া কৰে ৰাহুল গান্ধীক ৷ লগতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক গোচৰ ৰুজু কৰাৰ নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।

নিজৰ প্ৰথমটো এক্স পোষ্টত মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ নেতা কে চি বেণুগোপালৰ টুইট এটা সংলগ্ন কৰি লিখিছে— "এইবোৰ অসমীয়া সংস্কৃতিৰ অংশ নহয় । আমি এখন শান্তিপূৰ্ণ ৰাজ্য । এনে 'নক্সালবাদী কৌশল' আমাৰ সংস্কৃতিৰ বাবে অপৰিচিত । মই অসম আৰক্ষীৰ ডিজিপিক আপোনালোকৰ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছোঁ । ৰাহুল গান্ধীয়ে সমৰ্থকক প্ৰৰোচিত কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছোঁ ৷"

আনহাতে, ওপৰৰ এক্স পোষ্টটোৰ পিছতেই মুখ্যমন্ত্ৰী শৰ্মাই এটা ভিডিঅ’ সংলগ্ন কৰি আন এক পোষ্ট দিয়ে ৷ তাত তেওঁ ৰাহুল গান্ধী আৰু জিতেন্দ্ৰ সিঙে প্ৰৰোচিত কৰাৰ প্ৰমাণ পোহৰলৈ অহা বুলি দাবী কৰিছে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যম এক্সত দাবী কৰিছে, "ৰাহুল গান্ধী আৰু জিতেন্দ্ৰ সিঙে কেনেদৰে ৰাইজক অসম আৰক্ষীৰ জোৱানক মাৰিবলৈ উচটনি দিছিল সেই সন্দৰ্ভত প্ৰমাণ ওলাইছে । আমাৰ জোৱানসকল কোনো ৰাজপৰিয়ালৰ নহয়, জনসাধাৰণৰ সেৱক । নিশ্চিত হওক, আইনৰ হাত বহুত দীঘল আৰু ই নিশ্চিতভাৱে আপোনাৰ ওচৰ পাবগৈ ।"

উল্লেখযোগ্য যে খানাপাৰাৰ উত্তপ্ত পৰিস্থিতিৰ পিছত পুনৰ নিজৰ ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ কৰে ৰাহুল গান্ধীয়ে ৷ আবেলি গুৱাহাটীৰ কিছু দূৰৈৰ হাজোত এখন সংবাদমেলো সম্বোধন কৰে ৷ সংবাদমেলত হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে ৰাহুল গান্ধীয়ে ৷ তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ ঘোষণা প্ৰসংগত অৱশ্যে বৰ্তমানলৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ৰাহুল গান্ধী নাইবা কংগ্ৰেছ দলে ৷

লগতে পঢ়ক :ভাৰত জোড়ো ন্যায় যাত্রা : ৰণক্ষেত্রলৈ পৰিণত খানাপাৰা, আহত বহুজন

ABOUT THE AUTHOR

...view details