অসম

assam

ETV Bharat / state

ছেলফি তুলি, নৃত্য কৰি লামডিঙত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ - Lok Sabha Election 2024

Lok Sabha Election 2024: কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ লামডিঙ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ । সভাত মহিলাৰ উপস্থিতি দেখি অভিভূত মুখ্যমন্ত্ৰী ৷ ছেলফি তুলি, নৃত্য কৰি সকলোকে আকৃষ্ট কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

Lok Sabha Election 2024
ছেলফি তুলি, নৃত্য কৰি লামডিঙত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ

By ETV Bharat Assamese Team

Published : Apr 15, 2024, 6:25 PM IST

ছেলফি তুলি, নৃত্য কৰি লামডিঙত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ

হোজাই, ১৫ এপ্ৰিল:প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰচাৰ অভিযান তুংগত তুলিছে শাসকীয় দল বিজেপিয়ে । বিজেপি তথা মিত্ৰজোঁটৰ হৈ ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰী শৰ্মাই আজি হোজাই জিলাৰ লামডিঙত কাজিৰঙা লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ।

লামডিং শ্বহীদ ময়দান খেলপথাৰত অনুষ্ঠিত নিৰ্বাচনী জনসভাত ভাষণ প্ৰদান কৰি তেওঁ ৰাইজক বিজেপিক ভোট প্ৰদান কৰিবলৈ আহ্বান জনায় । বিজেপি চৰকাৰে ৰাইজৰ উন্নয়নৰ হকে কৰা কামৰ খতিয়ান দাঙি ধৰি তেওঁ কাজিৰঙা সমষ্টিৰ পৰা কামাখ্যা প্ৰসাদ তাছা বিপুল ভোটত জয়ী হ’ব বুলিও উল্লেখ কৰে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে সভাত মহিলাৰ উপস্থিতি দেখি অভিভূত হৈ মহিলাসকলৰ বাবে চৰকাৰে আগবঢ়োৱা আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰি, চৰকাৰৰ আঁচনি সকলোৱে পাব বুলি ব্যক্ত কৰে ৷ তেওঁ চৰকাৰী আঁচনি লাভ কৰাৰ ক্ষেত্ৰত উপস্থিত সকলোকে আশ্বস্ত কৰাৰ বাবে কয় যে, "মোদীকা গেৰান্টী ঔৰ মামা কা ৱাৰেন্টি", "য'তে নাৰী শক্তি তাতেই মহাশক্তি" ।

বিজেপিৰ এই নিৰ্বাচনী সভাত লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ আৰু বিজেপিৰ হোজাই জিলা সমিতিৰ সভাপতি অনুপ দেকে ধৰি বহুকেইজন দলীয় শীৰ্ষ নেতা উপস্থিত থাকি বক্তব্য প্ৰদান কৰে । উল্লেখ্য যে, ১৯ এপ্ৰিলত কাজিৰঙা লোকসভা সমষ্টিত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ সমষ্টিটোৰ পৰা এইবাৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ বিৰুদ্ধে অৱৰ্তীণ হৈছে কংগ্ৰেছ প্ৰাৰ্থী ৰ’জলীনা তিৰ্কী ৷

লগতে পঢ়ক:লোকসভা নিৰ্বাচনৰ পিচতে সালসলনি হ’ব মন্ত্ৰীসভাৰ :মুখ্যমন্ত্ৰীৰ ঘোষণা - Reshuffle Of Assam Cabinet

ABOUT THE AUTHOR

...view details