গুৱাহাটী, 11 ফেব্ৰুৱাৰী: মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে ডিমাছাসকলৰ কৃষিভিত্তিক উৎসৱ বাৰ্ষিক উৎসৱ 'বুছু ডিমা' । খেতি-পথাৰ চপোৱাৰ পিচত বছৰটোৰ আৰম্ভণিতে ডিমাছাসকলে পালন কৰে এই উৎসৱ ।
এই উপলক্ষে ডিমাছা যুৱক-যুৱতীসকলৰ লগত পৰম্পৰাগত নৃত্যত অংশ ল’লে মন্ত্ৰী নন্দিতা গাৰ্লোচাই । ডিমাছাসকলৰ পৰম্পৰাগত নৃত্য বাই ডিমা নৃত্যত অংশ ল’লে মন্ত্ৰী নন্দিতা গাৰ্লোচাই । সদৌ গুৱাহাটী ডিমাছা কছাৰী সন্থাই আয়োজন কৰা এই বুছু ডিমা উৎসৱত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ।
উক্ত অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কয় যে এই উৎসৱৰ দ্বাৰা ৰাইজৰ মাজত একতা বৃদ্ধি হ'ব । ডিমাছা সমাজত বহু উৎসৱ অনুষ্ঠিত হয় আৰু এই উৎসৱসমূহৰ দ্বাৰা নিজকে আলোকিত কৰা এটা সুবিধা পোৱা যায় । এই উৎসৱ গুৱাহাটীত উদযাপন কৰাৰ এটাই উদ্দেশ্য যে যিবোৰসকল লোক ডিমা হাছাও বা বৰাক উপত্যকাত নাথাকে তেওঁলোকে এই উৎসৱৰ অংশীদাৰ হ'ব পৰিছে ।