গুৱাহাটী, 6 জুলাই : মহানগৰগীত বৃহস্পতিবাৰে নিশা বৰষুণৰ মাজতে নলাৰ পানীত উটি যোৱা অবিনাশ সৰকাৰ নামৰ শিশুটিৰ এতিয়াও সন্ধান উলিয়াব পৰা নাই অভিযানকাৰী দল ৷ এতিয়াও এছ ডি আৰ এফ আৰু এন ডি আৰ এফ-এ নলাই নলাই চলাই আছে অভিযান ৷ ইয়াৰ মাজতে শনিবাৰে বিয়লি অভিযানস্থলীত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ অবিনাশৰ দু্ৰ্ভগীয়া পিতৃ-মাতৃক ঘৰলৈ প্ৰেৰণ কৰিবলৈ উদ্ধাৰ অভিযানস্থলীত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী ৷ মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে শিশুটিৰ পিতৃ-মাতৃক উদ্ধাৰ অভিযানস্থলীৰ পৰা ঘৰলৈ পঠিওৱাৰ চেষ্টা কৰে ৷
উল্লেখ্য যে, প্ৰায় তিনিদিনৰ পিচতো অবিনাশ সৰকাৰৰ সন্ধান উলিওৱাত ব্যৰ্থ হৈছে প্ৰশাসন ৷ জ্যোতি নগৰৰ লগতে চানমাৰি মিলনপুৰৰ নলাই নলাই অভিযান চলাইছে এন ডি আৰ এফ আৰু এছ ডি আৰ এফ-এ ৷ বহু স্থানত উঠাই দিয়া হৈছে নলাৰ শ্লেব ৷ শনিবাৰে বিয়লি বামুনীমৈদামত উপস্থিত হৈ উদ্ধাৰ অভিযান কাৰ্যৰ বুজ লোৱাৰ লগতে পিতৃ-মাতৃক বুজনি দিয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ অবিনাশৰ পিতৃ হৰলাল সৰকাৰ আৰু মাতৃ তৃষ্ণামণি সৰকাৰক সান্ত্বনা দিয়াৰ লগতে আজি নিশা ঘৰলৈ যাবলৈ বুজনি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ কাৰণ নলাৰ পানীত উটি যোৱা অবিনাশৰ পিতৃয়ে নিশাটো ঘটনাস্থলীতে পুত্ৰক বিচাৰি চটফটাই কটাইছে ৷ ইফালে সোমবাৰে মুখ্যমন্ত্ৰীয়ে অবিনাশৰ ঘৰলৈ যোৱাৰো আশ্বাস দিয়ে ৷