গুৱাহাটী, ২৫ জুলাই:দেশৰ ৰাজধানীত তিনিদিনীয়া চৰকাৰী কাৰ্যসূচীৰে বাহৰ পাতি আছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ সাক্ষাৎ কৰিছে ইজনৰ পিছত সিজন বেলেগ বেলেগ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰীক ৷ অসমৰ বিভিন্ন প্ৰসংগ লৈ আলোচনা কৰি কেন্দ্ৰীয় মন্ত্ৰীক সমাধান আৰু বিকাশৰ বাবে জনাইছে আহ্বান ৷
বুধবাৰে মুখ্যমন্ত্ৰী শৰ্মাই নতুন দিল্লীত ৬ গৰাকীকৈ কেন্দ্ৰীয় মন্ত্ৰীক আনুষ্ঠানিকভাৱে সাক্ষাৎ কৰি আলোচনাত মিলিত হয় ৷ তাৰভিতৰত কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰী আৰু ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ অন্যতম ৷ দুয়োগৰাকী মন্ত্ৰীকে নিশাৰ ভাগত সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
নীতিন গাডকাৰীৰে কি কি আলোচনা মুখ্যমন্ত্ৰীৰ: বুধবাৰে নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ এই সাক্ষাৎকালত অসমত চলি থকা কেইবাটাও আন্তঃগাঁথনিৰ কামৰ স্থিতিৰ বিষয়ে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰে ৷ তাৰ ভিতৰত উল্লেখযোগ্য কেইটামান বিষয় হ’ল-
- যোৰহাট-ডিব্ৰুগড়ৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিজে পৰিদৰ্শন কৰিব কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই যে, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ যোৰহাট-ডিব্ৰুগড় অংশৰ অৱস্থা ব্যক্তিগতভাৱে নিৰীক্ষণ কৰিবলৈ সন্মত হৈছে ৷ যাৰ এটা অংশ চলিত বৰ্ষতে সম্পূৰ্ণ হ'ব ৷
- ৰাজ্যৰ বৰ্তমানৰ সকলো NHAI, NHIDCL আৰু অন্যান্য কেন্দ্ৰীয় পথ প্ৰকল্প ত্বৰান্বিত কৰাৰ বিষয়েও আলোচনা কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে সদৰী কৰিছে ৷
- অসমত হ’বলগীয়া কাজিৰঙা এলিভেটেড ক’ৰিডৰ, গহপুৰ আৰু নুমলীগড়ৰ মাজৰ পানীৰ তলৰ সুদীৰ্ঘ সুৰংগ আৰু গুৱাহাটীৰ ৰিং ৰোডকে ধৰি অসমৰ গুৰুত্বপূৰ্ণ ফ্লেগশ্বিপ প্ৰকল্পসমূহ সময়মতে সম্পূৰ্ণ হোৱাটো নিশ্চিত কৰাৰ বাবেও নীতিন গাডকাৰীক আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে ৷