ডিব্ৰুগড় :দেওবাৰৰ পৰায়ে ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়ৰ পৰা ৰাজ্য চৰকাৰৰ কাম-কাজ তদাৰক কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সোমবাৰে ডিব্ৰুগড়ৰ মানকটা খেলপথাৰত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰা লগতে ডিব্ৰুগড়ৰ কেইবাটাও উন্নয়নমূলক কাম পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে ।
ইয়াৰ পাছতে সচিবালয়ৰ কাৰ্যালয়ত নৱগঠিত খোৱাং বিধানসভা সমষ্টিৰ চৰকাৰী কাম-কাজৰ এখন পৰ্যালোচনা সভাত মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰে । তাৰ পিছত ডিব্ৰুগড় সচিবালয়ত মুখ্যমন্ত্ৰীয়ে কেবিনেট বৈঠকত অংশগ্ৰহণ কৰে ।
কি কি সিদ্ধান্ত আজিৰ কেবিনেটৰ (ETV Bharat Assam) এই বৈঠকত ডিব্ৰুগড় জিলাৰ মন্ত্ৰী প্ৰশান্ত ফুকন, বিমল বড়া আৰু ডিব্ৰুগড়ৰ অভিভাৱক মন্ত্ৰী যোগেন মহনে অংশগ্ৰহণ কৰে । ৰাজ্য চৰকাৰৰ আন মন্ত্ৰীসকলে ভাৰ্ছুৱেলী কেবিনেট বৈঠকত অংশগ্ৰহণ কৰে ।
কেবিনেট বৈঠকৰ পাছতে সংবাদমেল অনুষ্ঠিত কৰি কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ অৱগত কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
বনগাঁৱৰ গাঁওবুঢ়াৰ মাননি বৃদ্ধিৰ সিদ্ধান্ত
কেবিনেট বৈঠকৰ সিদ্ধান্তসমবহ ঘোষণা কৰি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয়, "বনগাঁৱত থকা গাঁওবুঢ়াসকলে চৰকাৰৰ পৰা ইমান দিনে কোনো মাননি পোৱা নাছিল । মাত্ৰ তেওঁলোকক নিযুক্তি দি থোৱা হৈছিল । ৰেভিনিউ গাঁৱৰ গাঁওবুঢ়াসকলে যি কাম কৰে, বনগাঁৱৰ গাঁওবুঢ়াসকলেও সেই একেই কাম কৰে । কিন্তু তেওঁলোক উপযুক্ত মাননিৰ পৰা বঞ্চিত হৈ আছিল । সেয়ে আজি কেবিনেটে ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ বনগাঁৱত কাম কৰি থকা গাঁওবুঢ়াসকলক ৰাজহ গাঁৱৰ গাঁওবুঢ়াসকলৰ সমানে ১০ হাজাৰ পাৰিতোষিক দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ।"
বহিঃৰাজ্যলৈ যাব খোজা যুৱক-যুৱতীৰ বাবে আছাম ইণ্টাৰনেচনেল স্কিল চেণ্টাৰ
এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কয়, "ভাৰতৰ বিভিন্ন ৰাজ্যলৈ অসমৰ পৰা বিভিন্ন কাম কৰিবলৈ যুৱক-যুৱতী যায় । তেওঁলোকৰ কোনো তথ্য চৰকাৰৰ ওচৰত নাথাকে । সেয়ে আছাম ইণ্টাৰনেচনেল স্কিল চেণ্টাৰ খোলাৰ সিদ্ধান্ত লোৱা হৈছে । এতিয়াৰে পৰা যিসকলে ৰাজ্যৰ বাহিৰলৈ নতুনকৈ যাব খোজে তেওঁলোক এই চেণ্টাৰৰ দ্বাৰা উপকৃত হ'ব । ইণ্টাৰনেচনেল স্কিল চেণ্টাৰৰ গুৱাহাটীত মুখ্য কাৰ্যালয় হ'ব যদিও বিভিন্ন জিলাত ইয়াৰ শাখা হ'ব ।"
অৰুণোদয় আঁচনি লোৱা চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা ল'ব চৰকাৰে
অৰুণোদয় আঁচনিত একাংশই দুৰ্নীতি কৰাৰ তথ্য দাঙি ধৰি মুখ্যমন্ত্ৰীয়ে কয়, "১৫ ডিচেম্বৰৰ পৰা ২৮ ডিচেম্বৰলৈকে অৰুণোদয় ৩.০ৰ জৰিয়তে হিতাধিকাৰী বাছনি কৰাৰ বাবে ব্যৱস্থা কৰা হৈছে । ২.০ বন্ধ কৰি ৰাজ্য চৰকাৰে ৩.০ আৰম্ভ কৰিব বিচাৰিছে । ৩.০ত অধিক হিতাধিকাৰী থাকিব । এই অৰুণোদয় আঁচনি দুখীয়া লোকৰ আঁচনি । কিন্তু আমাৰ দৃষ্টিগোচৰ হৈছে ৬৮২ জন চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় আঁচনিৰ ধন লৈ আছে । অৰুণোদয়ৰ ধন লোৱা চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত কেবিনেটত গ্ৰহণ কৰা হৈছে । এইসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে ।"
২০২৫ বৰ্ষটো কিতাপ বৰ্ষ হিচাপে পালন কৰিব ৰাজ্য চৰকাৰে
মুখ্যমন্ত্ৰীয়ে কয়, "২০২৫ বৰ্ষটো কিতাপ বৰ্ষ হিচাপে পালন কৰিব ৰাজ্য চৰকাৰে । এইবাৰ প্ৰথমবাৰৰ বাবে গুৱাহাটী গ্ৰন্থমেলা খানাপাৰাৰ খেলপথাৰত অনুষ্ঠিত কৰিবলৈ অনুমতি দিছোঁ । খানাপাৰাত গ্ৰন্থমেলা অনুষ্ঠিত কৰাটোত নিৰাপত্তাৰ বিষয়টো জড়িত আছে যদিও কিতাপৰ স্বাৰ্থত খানাপাৰাত গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে । প্ৰতিজন মন্ত্ৰীয়ে গ্ৰন্থমেলাৰ পৰা কিতাপ কিনিব লগতে বিভাগসমূহৰ যদি বাজেট আছে কিতাপ কিনিবলৈ চেষ্টা কৰিব । গোটেই বছৰটো চৰকাৰী কাৰ্যসূচীৰ জৰিয়তে পঢ়া আৰু কিতাপ কিনাৰ পৰিবেশ গঢ়ি তোলাৰ চেষ্টা কৰা হ'ব । ইতিমধ্যে এই সম্পৰ্কত শিক্ষা বিভাগক পৰিকল্পনা যুগুত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।"
অসমৰ একাংশ বুদ্ধিজীৱীয়ে সন্দেহযুক্ত উচ্ছেদৰ বিৰোধিতা কৰে
উচ্ছেদৰ বিয়টো প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, "অসমৰ এটা ডাঙৰ সমস্যা হৈছে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত সন্দেহযুক্ত লোকৰ আক্ৰমণ । চৰকাৰখনে এই ক্ষেত্ৰত কাম কৰি আছে । চণ্ডীগড়ৰ দৰে মাটি যোৱা তিনি বছৰত চৰকাৰে মুকলি কৰিছে । কিন্তু অসমৰ একাংশ বুদ্ধিজীৱীয়ে এই প্ৰক্ৰিয়াটোক বিৰোধিতা কৰে । সোণাপুৰৰ কচুতলিৰ উচ্ছেদক বি বৰুৱাৰ মহাবিদ্যালয় প্ৰাক্তন প্ৰবক্তাৰ দৰে মুধাফুটা ব্যক্তিয়ে প্ৰতিদিনেই উচ্ছেদিতসকলক পুনৰ মাটি দখল কৰিবলৈ উৎসাহিত কৰে । গৰুখুঁটিত চৰকাৰে উচ্ছেদ কৰি প্ৰকল্প বনালে, কিন্তু গৰুখুঁটি প্ৰকল্পক দিগদাৰি কৰি থকা মানুহখিনি আমাৰে ।"