নগাঁও, ২১ ছেপ্টেম্বৰ : জলবায়ু পৰিবৰ্তনে যে কেৱল দৈনন্দিন জনজীৱনতে প্ৰভাৱ পেলাইছে এনে নহয় । শেহতীয়াকৈ জলবায়ু পৰিবৰ্তনৰ ভয়ংকৰ প্ৰভাৱ পৰিছে কৃষকে কঁপালৰ ঘাম মাটিত পেলাই কৰা কৃষি পথাৰত । এইবাৰ জলবায়ু পৰিবৰ্তৰ প্ৰভাৱত কৃষকে চকুলো টুকিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে । অইন বছৰৰ দৰে এই বছৰো সপোনৰ সোণগুটিৰে ভঁড়াল ভৰোৱাৰ আশাৰেই নিজৰ কৃষিভূমিত কৰা শালিধানৰ খেতি এতিয়া নষ্ট হ’বলৈ ধৰিছে ।
এফালে উৎকট গৰম, আনফালে পথাৰত পৰ্যাপ্ত জসিঞ্চনৰ অভাৱ । যাৰ বাবে এতিয়া অথলে যোৱাৰ উপক্ৰম হৈছে কৃষকৰ কষ্ট । ৰাজ্যৰ আন প্ৰান্তৰ লগতে নগাঁৱৰো বহু কৃষকৰ অৱস্থা অনুৰূপ । নগাঁৱৰ কৃষ্ণাইঘাটৰ সমীপৰ যমুনা জলাহ গাঁৱৰ প্ৰায় দুহেজাৰ বিঘা শালিধানৰ খেতিত পৰিছে জলবায়ু পৰিৱৰ্তৰ প্ৰভাৱ । যমুনা জলাহ গাঁৱৰ প্ৰায় ৮০ শতাংশ পৰিয়ালেই নিৰ্ভৰশীল কৃষিৰ ওপৰত । কিন্তু জলবায়ু পৰিবৰ্তনৰ ফলত এইবেলি পথাৰত কৰা শালিধান চপাই ঘৰলৈ আনিব নোৱৰাৰ আশংকাত এতিয়া নীৰৱে চকুলো টুকিবলগীয়া হৈছে কৃষকে । অইন বছৰত আহিন মাহত পৰ্যাপ্ত পানী থাকে, পথাৰত এইবাৰ নাই পানী । খৰাঙৰ ফলত পথাৰত মেলিছে চিৰাল ফাঁট ৷
ৰাজ্যৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি বিগত ৯ বছৰত ৰাজ্যৰ ৯ খন জিলাত হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ। গুৱাহাটীস্থিত বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, দৰং জিলাত ৪৮ শতাংশ , নগাঁও জিলাত ৩৯ শতাংশ, কামৰূপ জিলাত ৩০ শতাংশ, চিৰাং জিলাত ২৭ শতাংশ, বঙাইগাঁও জিলাত ২১ শতাংশ, ডিমা হাছাও জিলাত ২৫ শতাংশ, গোৱালপাৰা জিলাত ২২ শতাংশ, কাৰ্বি আংলং জিলা( অবিভক্ত) ২৫ শতাংশ আৰু ধেমাজি জিলাত ২০ শতাংশ বৰষূণৰ পৰিমাণ হ্ৰাস পাইছে । বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, বৰষুণ হ্ৰাস হোৱাৰ পৰিমাণ যদি ২০ শতাংশৰ পৰা ৫৯ শতাংশৰ ভিতৰত থাকে তেতিয়া বৰষুণৰ পৰিমাণ হ্ৰাস হোৱা বুলি চিহ্নিত কৰা হয়। সেই অনুসৰি অসমৰ ৯ জিলাত বৰষুণৰ পৰিমাণ ২০ শতাংশতকৈ বেছি হ্ৰাস পাইছে ।
প্ৰভাৱ: