২০২৩ চনত অক্টোবৰ পৰ্যন্ত অসমত ৫৮৯.২৭ নিযুত কিলোগ্রাম চাহ উৎপাদন হোৱাৰ বিপৰীতে চলিত বৰ্ষত অক্টোবৰ পৰ্যন্ত চাহৰ উৎপাদন ৫৭৭.০ নিযুত কিলোগ্ৰামলৈ হ্ৰাস হৈছে । অৰ্থাৎ যোৱা বছৰৰ তুলনাত এই বছৰ ২১.২০ নিযুত কিলোগ্রাম চাহ কম উৎপাদন হৈছে ।
এই সন্দৰ্ভত নৰ্থ ইষ্ট টী এছ'চিয়েচন (নেটা)ৰ উপদেষ্টা তথা ভাৰতীয় চাহ বোৰ্ডৰ প্ৰাক্তন উপাধ্যক্ষ বিদ্যানন্দ বৰকাকতিয়ে কয়, "ৰাজ্যখনত চাহ উৎপাদনৰ নিম্নগামী ধাৰা বছৰৰ আৰম্ভণিৰ পৰাই অব্যাহত আছে । চাহ উৎপাদনৰ সময় মাৰ্চৰ পৰা ডিচেম্বৰলৈ ধৰা হয় । আৰম্ভণিতে অসমত চাহৰ উৎপাদন বহুত হ্ৰাস পাইছিল । কিন্তু পৰৱৰ্তী সময়ত কিছু বৃদ্ধি পায় যদিও আগৰ বছৰৰ তুলনাত সামগ্ৰিকভাৱে কিছু হ্ৰাস পায় ।"
চাহখেতিত জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱ
বিদ্যানন্দ বৰকাকতিয়ে এই সন্দৰ্ভত কয়, "চাহখেতিত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ পৰিছে । এই জলবায়ু পৰিৱৰ্তনৰ বাবে প্ৰধানতঃ অসমৰ চাহৰ উৎপাদন হ্ৰাস পাইছে । বিগত দশকত জলবায়ু পৰিৱৰ্তনে অসমৰ চাহ বাগিচাসমূহে নিৰ্ভৰ কৰা উষ্ণতা, বৰষুণ, আৰ্দ্ৰতাৰ সূক্ষ্ম ভাৰসাম্যৰ যথেষ্ট পৰিৱৰ্তন ঘটাইছে । অঞ্চলটোত গড় উষ্ণতা ক্ৰমান্বয়ে অধিক হৈ পৰাৰ লগতে অস্বাভাৱিক বতৰৰ পৰিৱৰ্তনে চাহ উৎপাদনৰ ক্ষেত্ৰত গুৰুতৰ ভাবুকিৰ সৃষ্টি কৰিছে ।"
এই সন্দৰ্ভত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সম্পাদক ৰাজেশ কুমাৰ দত্তই কয়, "চাহৰ উৎপাদন হ্ৰাস পোৱাৰ ক্ষেত্ৰত জলবায়ু পৰিৱৰ্তনেই মুখ্য কাৰণ । চাহখেতিত গৰমৰ দিনত সৰ্বোচ্চ তাপমাত্ৰা ৩০ ডিগ্ৰীৰ ভিতৰত থাকিব লাগে । কিন্তু দেখা গৈছে যে এতিয়া গৰমৰ দিনত সৰ্বোচ্চ তাপমাত্ৰা ৪০ ডিগ্ৰী অতিক্ৰম কৰে । যাৰ বাবে চাহগছবোৰ মৰি যায় । বৰষুণৰ পৰিমাণৰ পূৰ্বতকৈ বহুত তাৰতম্য হৈছে ।"
উল্লেখ্য যে এইবাৰ ৰাজ্যত আহিন মাহতো প্ৰচণ্ড গৰমে মানুহক অতিষ্ঠ কৰি তুলিছে । ছেপ্টেম্বৰৰ মাজভাগলৈ গৰম হ্ৰাস হোৱাৰ পৰিৱৰ্তে বৃদ্ধি পায় । তাৰ বিপৰীতে হ্ৰাস পায় বৰষুণৰ পৰিমাণ । বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, যোৱা ১ জুনৰ পৰা ১৫ আগষ্টলৈ চলোৱা অধ্যয়ন মতে, উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যতে বৰষুণৰ পৰিমাণ হ্ৰাস পাইছে ।
বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, যোৱা ১ জুনৰ পৰা ১৫ আগষ্টলৈ উত্তৰ-পূৰ্বাঞ্চলৰ অসম, অৰুণাচল প্ৰদেশ , ত্ৰিপুৰাত বৰষুণৰ পৰিমাণ হ্ৰাস পাইছে । এই সময়ছোৱাত অসমত ৭ শতাংশ, অৰুণাচল প্ৰদেশত ১৪ শতাংশ আৰু ত্ৰিপুৰাত ৪ শতাংশ বৰষুণৰ পৰিমাণ হ্ৰাস হয় ।