কাছাৰ, 5 জানুৱাৰী :ভূমি বিবাদক কেন্দ্র কৰি ৰণক্ষেত্ৰত পৰিণত হ’ল কাছাৰৰ বৰখলা বুড়িবাইল অঞ্চল । দুই পক্ষৰ তুমুল সংঘৰ্ষত আহত হয় প্ৰায় 20 জনকৈ লোক । প্রাপ্ত খবৰ অনুসৰি, বুড়িবাইল তৃতীয় খণ্ড গাঁৱৰ নাজিম উদ্দিন আৰু নূৰ আলীৰ মাজত দীর্ঘদিন ধৰি ভূমিকেন্দ্ৰিক বিবাদ চলি আহিছে । যোৱা বছৰৰ ছেপ্টেম্বৰ মাহৰ 27 তাৰিখে আদালতৰ নির্দেশত 12 বিঘা ভূমিত উচ্ছেদ অভিযান চলাইছিল প্রশাসনে আৰু এই 12 বিঘা ভূমিত থকা 15 টা পৰিয়ালৰ ঘৰ-বাৰী উচ্ছেদ কৰি প্ৰশাসনে আদালতৰ নিৰ্দেশত ভূমি চমজাই দিছিল নাজিম উদ্দিন পক্ষক ৷
আদালতৰ নিৰ্দেশত ভূমি পোৱাৰ পাছত এই ভূমিত শাক-পাচলি খেতি আৰম্ভ কৰিছিল নাজিম উদ্দিন পক্ষই । কিন্তু, দেওবাৰে পুনৰ এই ভূমিক কেন্দ্ৰ কৰি নাজিম উদ্দিন আৰু নূৰ আলী পক্ষৰ মাজত তুমুল সংঘৰ্ষৰ সৃষ্টি হয় । হাতত দা, লাঠিকে ধৰি বিভিন্ন চোকা অস্ত্ৰৰে এক পক্ষই আন পক্ষলৈ লক্ষ্য কৰি চোঁচা লয় আৰু আক্রমণ চলায় । কার্যতঃ ৰণক্ষেত্ৰৰ ৰূপ ধাৰণ কৰে বুড়িবাইল অঞ্চলটোৱে ।