অসম

assam

প্ৰথমবাৰৰ বাবে দেশৰ গণৰাজ্য দিৱসৰ বিশেষ অতিথি ভাইব্ৰেন্ট ভিলেজৰ নাগৰিক

By ETV Bharat Assamese Team

Published : Jan 24, 2024, 3:46 PM IST

Republic Day 2024 : গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ৰাওনা ভাৰত-চীন সীমান্তৰ শেষখন গাঁৱৰ লোক ৷ ভাৰত চৰকাৰৰ ভাইব্ৰেন্ট ভিলেজ কাৰ্যসূচীৰ অধীনত এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷

Republic Day 2024
ভাইব্ৰেন্ট ভিলেজ কাৰ্যসূচী

গণৰাজ্য দিৱসৰ অনুষ্ঠানলৈ ভাইব্ৰেন্ট ভিলেজৰ নাগৰিক

তেজপুৰ, 24 জানুৱাৰী :দেশৰ ভাইব্ৰেন্ট ভিলেজ কাৰ্যসূচীৰ অধীনত নতুন দিল্লীৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ৰাওনা ভাৰত-চীন সীমান্তৰ শেষখন গাঁৱৰ লোক ৷ ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ 54 নং বাহিনীৰ দ্বাৰা তেওঁলোকক দিল্লীলৈ লৈ যোৱা হৈছে ৷ আজি গুৱাহাটীৰ বিমানবন্দৰৰ পৰা নতুন দিল্লীলৈ অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ মুঠ 28 গৰাকী সাধাৰণ লোকক এই কাৰ্যসূচীত ভাগ ল’বলৈ লৈ যোৱা হয় ৷ প্ৰথমবাৰৰ বাবে দেশৰ শেষখন অৰ্থাৎ বৰ্তমান প্ৰথমখন গাঁৱৰ সাধাৰণ জনতাই দেশৰ গণৰাজ্য দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাই আনন্দিত বুলি জানিবলৈ দিয়ে ৷

তেওঁলোকৰ মতে ভাৰত চৰকাৰৰ দ্বাৰা লোৱা এই ভাইব্ৰেন্ট ভিলেজ কাৰ্যসূচীৰ বাবে এই সুবিধা লাভ কৰিছে ৷ আই টি বি পি ভালুকপুঙৰ 54 নং বাহিনীৰ পৰিদৰ্শক মতিৰাম জাথ আৰু উপ-পৰিদৰ্শক ওম প্ৰকাশৰ নেতৃত্বত 28 জনীয়া দলটো সম্পূৰ্ণ তেওঁলোকৰ খৰচেৰে দিল্লীলৈ নিয়াৰ ব্যৱস্থা কৰা হয় ৷ কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতাত গঢ়ি তোলা এই আঁচনি 15 ফেব্ৰুৱাৰী, 2023 তাৰিখে অনুমোদিত হৈছিল ৷ ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম (ভিভিপি)ৰ অধীনত আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ অৰুণাচল প্ৰদেশ, হিমাচল প্ৰদেশ, ছিকিম, উত্তৰাখণ্ড আৰু লাডাখৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ 19 খন জিলাৰ উত্তৰ সীমান্ত সংলগ্ন মুঠ 46টা ব্লক চিনাক্ত কৰি গাঁওসমূহৰ ব্যাপক উন্নয়নৰ পৰিকল্পনা কৰা হৈছে ৷

এই আচঁনিৰ অধীনত দেশত 2,968 গাঁও অন্তৰ্ভুক্ত কৰা হৈছে তাৰ ভিতৰত অৰুণাচল প্ৰদেশৰ 1,451 খন গাঁও চিনাক্ত কৰা হৈছে আৰু ভাৰতীয় সেনা বাহিনী তথা বিভিন্ন সুৰক্ষা বাহিনীৰ তৃতীয় কৰ্পছৰ অধীনত প্ৰায় 125 খন গাঁও আছে ৷ বাকী সমূহ সেনাৰ চতুৰ্থ কৰ্পছ আৰু অন্যান্য সীমান্ত সুৰক্ষা বাহিনীৰ দ্বাৰা বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে যি কোনো সমস্যাৰ দায়িত্ব লয় ৷ পূৰ্বতে এই গাঁও সমূহলৈ যাতায়তৰ কোনো ধৰণৰ ব্যৱস্থা নাছিল আৰু চিকিৎসাৰ ব্যৱস্থা একেবাৰে নাছিল ৷ বহু দূৰ অতিক্ৰম কৰি তেওঁলোকে নিজৰ জিলাৰ সদৰ বা ৰাজহ চক্ৰত উপস্থিত হ’ব লাগিছিল ৷

আজি পশ্চিম অৰুণাচল প্ৰদেশৰ পৰা 28 গৰাকী লোকক ভালুকপুঙৰ পৰা গুৱাহাটীৰ বিমানবন্দৰ যোগে দিল্লীলৈ আই টি বি পি ৰ তত্বাৱধানত নিয়া হয় ৷ আনহাতে কিছুসংখ্যক লোকক পূব অৰুণাচল প্ৰদেশৰ পৰা ডিব্ৰুগড় বিমানবন্দৰ যোগে নতুন দিল্লীলৈ নিয়া হয় ৷ উল্লেখযোগ্য যে এই দলৰ লগত পূব অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তৰ কাহু গাঁৱৰ লোকেও অংশগ্ৰহণ কৰিব ৷

লগতে পঢ়ক :সহকৰ্মীৰ ওপৰত গুলীচালনা কৰি অসম ৰাইফলছৰ জোৱানৰ আত্মহত্যা; মণিপুৰত আহত ৬

ABOUT THE AUTHOR

...view details