চিৰাং:২৩ নৱেম্বৰ অৰ্থাৎ কাইলৈ বিধানসভাৰ উপ-নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হ'ব । ৰাজ্যৰ পাঁচোটা সমষ্টিতে ইয়াক লৈ ব্যাপক তৎপৰতা দেখা গৈছে । জিলা প্ৰশাসনেও নিৰ্বাচনৰ ফলাফলৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে ।
ভোটগণনাৰ বাবে সাজু চিৰাং জিলা প্ৰশাসন
ব্যতিক্ৰম নহয় চিৰাং জিলাৰ জনজাতি সংৰক্ষিত চিদলী বিধানসভা সমষ্টি । সমষ্টিটোৰ ভোটগণনাৰ বাবে সাজু হৈছে চিৰাং জিলা প্ৰশাসন ৷ চিৰাঙৰ জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া যতীন বৰাই জানিবলৈ দিয়া মতে কাজলগাঁওস্থিত জিলা কেন্দ্ৰৰ দ্বিতীয় মহলাত স্থাপন কৰা ভোটগণনা কেন্দ্ৰত ভোটগণনা অনুষ্ঠিত হ'ব ৷ জিলা আয়ুক্তৰ মতে ভোটগণনা প্ৰক্ৰিয়া পৰিচালনাৰ বাবে ১৪ খন মেজ (Table) সাজু কৰি ৰখা হৈছে ৷ ইয়াৰে ৪ খন মেজত পোষ্টেল বেলট গণনা কৰা হ'ব । ভোটগণনা প্ৰায় ২০ টা ৰাউণ্ডত অনুষ্ঠিত হ'ব ।
ভোটগণনাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে জিলাখনত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰা জাৰি কৰা বুলিও জিলা আয়ুক্তগৰাকীয়ে অৱগত কৰে । জিলা আয়ুক্ত যতীন বৰাই জনোৱা মতে সমষ্টিটোত প্ৰাক-নিৰ্বাচনী বা নিৰ্বাচনী কোনো হিংসা হোৱা নাছিল । শান্তিপূৰ্ণভাৱে সমাপ্ত হৈছিল চিদলী সমষ্টিৰ উপ-নিৰ্বাচন । জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া যতীন বৰাই ভোটগণনাৰ পিছতো জিলাখনত শান্তি-শৃংখলা বজাই ৰাখিবলৈ ৰাজনৈতিক দলৰ নেতা-কৰ্মীৰ লগতে সাধাৰণ জনতাক আহ্বান জনায় ।