যোৰহাট: ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদত হঠাৎ ৰাজনৈতিক পট পৰিৱৰ্তন । পূৰ্ব পৰিকল্পনা মতেই ভংগ হ'ল ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদখন । মুখ্য কাৰ্যবাহী সদস্য়ৰূপে তিনি বছৰৰ কাৰ্যকাল সম্পূৰ্ণ কৰিবলৈ নাপাওঁতেই পৰিষদৰ সদস্যসকলৰ ৰোষত পৰি বুধবাৰে মুখ্য কাৰ্যবাহীৰ চকীৰ পৰা আঁতৰিল প্ৰতাপ কছাৰী ।
বিজেপিৰ ৰাজ্যিক নেতৃত্বই পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰতাপ কছাৰীক মুখ্য কাৰ্যবাহী সদস্য় পদৰ পৰা পদত্যাগ কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছতেই আজি বিয়লি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ উপস্থিতিত পদত্যাগ কৰে প্ৰতাপ কছাৰীয়ে । মন্ত্ৰীগৰাকীয়ে কাৰ্যালয়ত উপস্থিত হৈ সদস্যসকলৰ সৈতে এক বৈঠকত মিলিত হোৱাৰ পাছতে পৰিষদখন ভংগ কৰাৰ কথা ঘোষণা কৰে । অৱশ্য়ে ইয়াৰ পিছতেই কুমুদ কছাৰীক পুনৰ মুখ্য কাৰ্যবাহী সদস্য ঘোষণা কৰা হয় । আনহাতে, চকী হেৰুওৱা প্ৰতাপ কছাৰীক নিয়োগ কৰা হয় পৰিষদৰ অধ্যক্ষৰূপে ।
যোৱা সময়ত প্ৰতাপ কছাৰীৰ বিৰুদ্ধে খোদ দলীয় সতীৰ্থসকলেই বিসম্বাদ আৰম্ভ কৰিছিল । যাৰ পৰিণতিত আজি মুখ্য কাৰ্যবাহী সদস্যৰ আসনৰ পৰা অপসাৰিত হ'ল প্ৰতাপ কছাৰী । আনহাতে, আজি ডাঃ ৰণোজ পেগুৰ উপস্থিতিত পৰিষদখন নতুনকৈ গঠন কৰাৰ পাছত মন্ত্ৰীগৰাকীয়ে কয়, "পৰিষদৰ সদস্যসকলে পৰিৱৰ্তন বিচাৰিছিল । ফলত এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । কাৰণ গণতন্ত্ৰত পট পৰিৱৰ্তন হৈয়ে থাকে । সেয়েহে এয়া এক স্বাভাৱিক প্ৰক্ৰিয়া ।" এই সালসলনিয়ে ২০২৬ৰ নিৰ্বাচনত কোনো ধৰণৰ প্ৰভাৱ নেপেলাই বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।