অসম

assam

ETV Bharat / state

কাজিৰঙাত হাতী চাফাৰী ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ - RAMEN DEKA KAZIRANGA VISIT

আঘোণৰ কুঁৱলী ফালি কাজিৰঙাত হাতী চাফাৰীৰ আমেজ ল'লে ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই ।

RAMEN DEKA KAZIRANGA VISIT
কাজিৰঙাত হাতী চাফাৰী ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 16, 2024, 10:59 PM IST

কাজিৰঙা : সোমবাৰে আঘোণৰ কুঁৱলীসনা পুৱা কাজিৰঙাত হাতী চাফাৰী কৰে ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই ৷ দেওবাৰে কাজিৰঙা বন বিভাগৰ পৰিদৰ্শন বঙলাত ৰাত্ৰিযাপন কৰি সোমবাৰে পুৱাতে কাজিৰঙাৰ মিহিমুখত উপস্থিত হয় ৰাজ্যপালগৰাকী ৷

মিহিমুখৰ হাতী চাফাৰী কৰা প্ৰথম পইণ্টৰ পৰা সপত্নীক ৰাষ্ট্ৰীয় উদ্যানৰ নৈসৰ্গিক পৰিৱেশত বিলীন হৈ পৰে ৰাজ্যৰ প্ৰবীণ ৰাজনীতিকগৰাকী ৷ আনহাতে, কাজিৰঙা ভ্ৰমণ কৰি লাভ কৰা নিজৰ অভিজ্ঞতা সন্দৰ্ভত ৰাজ্যপালগৰাকীয়ে কয়, "কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মেনেজমেণ্ট পূৰ্বতকৈ ভাল হৈছে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মিহিমুখত কেইবাটাও গঁড় দেখা পাওঁ ৷ বিলুপ্তিৰ পথলৈ যোৱা দলহৰিণৰ জাক দেখা পাই আপ্লুত হৈ পৰোঁ ৷"

ইটিভি ভাৰতৰ সাংবাদিকৰে ৰাজ্যপাল ৰমেন ডেকাৰ মত বিনিময় (ETV Bharat Assam)

ইপিনে পুৱা হাতী চাফাৰীৰ পৰা উভতি আহি বিয়লি জীপ চাফাৰীলৈ যায় ৰাজ্যপালগৰাকী ৷ খোলা জীপচিত উঠি ৰমেন ডেকাই কাজিৰঙাৰ কঁহৰা বনাঞ্চলৰ অন্তৰ্ভাগ ভ্ৰমণ কৰে ৷ তেখেতে ছ্তীশগড়ৰ পৰিৱেশ সন্দৰ্ভত ইটিভি ভাৰতৰ সাংবাদিকৰ আগত নিজৰ অনুভৱ প্ৰকাশ কৰি কয়, "অসম আৰু ছত্তীশগড়ৰ জলবায়ু, খাদ্যাভাসৰ মাজত যথেষ্ট মিল আছে ৷ অসম যেনেকৈ প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ, ছত্তীশগড়ো একেই ৷" তেখেতে লগতে কাজিৰঙাৰ সেউজীয়াক সেউজীয়া কৰি ৰাখিবলৈ সকলোকে আহ্বান জনায় ৷

উল্লেখ্য যে মঙলবাৰে অনুষ্ঠিত হ’বলগীয়া বোকাখাতৰ এটা অনুষ্ঠানৰ বাবে কাজিৰঙাত উপস্থিত হোৱা ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাক উষ্ম আদৰণি জনায় কাজিৰঙা অধ্যয়ন চক্ৰই ৷ কাজিৰঙা অধ্যয়ন চক্ৰৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি সাহা, উপ-সঞ্চালক ইন্দুপৱন শইকীয়া, যুটীয়া সচিবৰ লগতে শুভাকাংক্ষী সদস্য ৰাহুল কৰ্মকাৰ, আন এগৰাকী শুভাকাংক্ষী প্ৰদীপ তেৰাং, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ গোলাঘাট জিলাৰ সংযোজকৰ লগতে কাজিৰঙা আঞ্চলিক সমিতিৰ বিষয়ববীয়াই ৰাজ্যপালগৰাকীক অংগ বস্ত্ৰ, গামোচা, কাৰ্বি আংলঙৰ প’হ’, জেকেট, কাঠৰ গঁড় আদিৰে সন্মান জনায় ৷

কাজিৰঙা বন বিভাগৰ অতিথিশালাত সংগঠনকেইটাৰ স’তে এক আলোচনাতো মিলিত হয় ৰাজ্যপাল ৰমেন ডেকা ৷ তেখেতে কাজিৰঙাৰ নৈসৰ্গিক পৰিৱেশৰ কথা উল্লেখ কৰি কয়, "ৰাজনৈতিক ব্যস্ততাৰ মাজত থাকোঁতে বহুবাৰ উদ্যানখন ভ্ৰমণ কৰিলেও এইবাৰ ৰাজনৈতিক চিন্তাৰ পৰা আঁতৰত থাকি সুস্থিৰভাৱে ভ্ৰমণ কৰাৰ সুবিধা লাভ কৰিছোঁ ৷" তেখেতে বোকাখাত, কাজিৰঙাৰ বিভিন্ন বিষয় উল্লেখ কৰি ছাত্ৰ সমাজক আগবাঢ়ি যোৱাৰ হেতু কৰ্মশীল হ’বলৈ আহ্বান জনায় ৷

উল্লেখ্য যে মঙলবাৰে বোকাখাত নাট্য মন্দিৰত অনুষ্ঠিত হ’বলগীয়া সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ এক অনুষ্ঠানত উপস্থিত হ’বৰ বাবে দেওবাৰে কাজিৰঙাত উপস্থিত হয় ৰাজ্যপাল ৰমেন ডেকা ৷ আনহাতে, মঙলবাৰৰ অনুষ্ঠানৰ পাছতেই তেওঁ যোৰহাটৰ পৰা ছত্তীশগড়লৈ যাব বুলিও উল্লেখ কৰে ৷

ইফালে সোমবাৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ বিষয়ববীয়া সুৱৰ্ণ শইকীয়া বৰদলৈ, কবি গীতাঞ্জলি কলিতাৰ লগতে এটা সঁজাতী দলে কাজিৰঙাত ৰাজ্যপাল ৰমেন ডেকাক আদৰণি জনায় ৷ লগতে বিজেপিৰ দাদু টায়ে আৰু কবি ভাস্কৰ ফুকনেও ৰাজ্যপালগৰাকীক সম্ভাষণ জনায় ৷

ইয়াৰ উপৰি সোমবাৰে সন্ধিয়া কাজিৰঙাৰ কঁহৰাস্থিত বন বিভাগৰ পৰিদৰ্শন বাংলোত স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰা, গোলাঘাট জিলাৰ আয়ুক্ত পুলক মহন্ত, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড° সোণালী ঘোষ, বোকাখাত সম-জিলাৰ আয়ুক্ত শিৱানী জেৰ্নগল সমন্বিতে সম-জিলাৰ প্ৰশাসনিক বিষয়াসকল আৰু বন বিভাগৰ বিষয়াসকল উপস্থিত থাকি ৰাজ্যপাল ৰমেন ডেকাক সম্ভাষণ জনায় ।

লগতে পঢ়ক :তিনিদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত সপত্নীক মুখ্যমন্ত্ৰী - ASSAM CM BHUTAN VISIT
লগতে পঢ়ক :গ্ৰিটিংছ কাৰ্ড: সময় আৰু সোঁৱৰণীৰ গৰ্ভত লীন যোৱা এক নষ্টালজিক গাথা - GREETINGS CARD

ABOUT THE AUTHOR

...view details